নেপালৰ ব্যক্তি
৬৫ প্ৰবন্ধ
-
দয়া বৈদ্য
দয়া ভিভিয়ান বৈদ্য (ইংৰাজী: Daya Vivian Vaidya; জন্ম: ২০ মে’, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক আনফৰ্গেটেবল (২০১১–১২), বছ (২০১৬–২১) আৰু দ্য ব্লেক হেম্পটনছ (২০২২–বৰ্তমান)ত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
দেৱী খড়কা
দেৱী খড়কা নেপালৰ দোলখা জিলাৰ এগৰাকী কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ বৰ্তমান নেপালৰ প্ৰতিনিধি পৰিষদৰ সদস্য।
-
নিকিতা চন্দক
নিকিতা চন্দক (নেপালী: निकिता चन्दक; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৫) এগৰাকী নেপালী মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল ২০১৭ খিতাপ জয় কৰিছিল। তেওঁ মিছ পপুলাৰ চইচ আৰু মিছ কনফিডেণ্ট খিতাপো লাভ কৰিছিল।
-
প্ৰকৃতি শ্ৰেষ্ঠ
প্ৰকৃতি শ্ৰেষ্ঠ (प्रकृति श्रेष्ठ; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰথমবাৰৰ বাবে ইউ আৰ ষ্টাইল টিভিৰ সংগীত ভিডিঅ’ আইডিয়া হানি বানি-ত মডেল হিচাপে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
-
প্ৰমোদ খৰেল
প্ৰমোদ খৰেল (प्रमोद खरेल; জন্ম ৬ নৱেম্বৰ ১৯৭৯) নেপালী সংগীত জগতৰ এগৰাকী বহুমুখী গায়ক। তেওঁ ২০০০ৰো অধিক বিভিন্ন ধৰণৰ গীত ৰেকৰ্ডিং কৰিছে। তেওঁ ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে "ভয়েচ অৱ নেপাল"ৰ ছিজন ১-ৰ পৰা ছিজন ৫-লৈকে প্ৰশিক্ষক হিচাপে কাম কৰিছে।
-
প্ৰেমা লমগাদে
প্ৰেমা লমগাদে (জন্ম ১৯৯৯) এগৰাকী নেপালী মডেল, সমল স্ৰষ্টা আৰু মিছ বিভা গ্ৰেণ্ড ২০২৪-ৰ খিতাপধাৰী। তেওঁ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২৪ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
ফাল্গুনন্দ
মহাগুৰু ফাল্গুনন্দ (Mahaguru Phalgunanda, महागुरु फाल्गुनन्द) (১০ নৱেম্বৰ ১৮৮৫ – ৪ এপ্ৰিল ১৯৪৯), নেপালৰ কিৰাত জাতি তথা কিৰাত ধৰ্মৰ এগৰাকী মহাগুৰু আৰু সমাজ সংস্কাৰক আছিল। তেওঁক ফাল্গুনন্দ লিংদেন নামেৰেও জনা যায়।
-
বেলমায়া নেপালী
বেলমায়া নেপালী (নেপালীঃ बेलमाया नेपाली) হৈছে নেপালৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। বিশেষকৈ নেপালৰ দলিত সম্প্ৰদায়ৰ মহিলাসকলৰ জীৱন-গাঁথাক চিত্ৰিত কৰি তেওঁ বহু কেইখন বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।।
-
বৰ্ষা লেখী
বৰ্ষা লেখী (নেপালী: बर्षा लेखी, জন্ম ৫ মে' ১৯৯৩) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু পৰিৱেশ কৰ্মী। তেওঁ ২০১৬ চনত অনুষ্ঠিত মিছ নেপাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ নেপাল ইণ্টাৰনেশ্যনেল ২০১৬ খিতাপ লাভ কৰিছিল।
-
মংগলা দেৱী সিং
মংগলা দেৱী সিং (নেপালী: मंगलादेवी सिंह; ইংৰাজী: Mangala Devi Singh; জন্ম: ১০ ডিচেম্বৰ ১৯২৫ – মৃত্যু: ২৬ আগষ্ট ১৯৯৬) নেপালৰ এগৰাকী অগ্ৰণী নাৰীবাদী আৰু বিশিষ্ট গণতান্ত্ৰিক অধিকাৰ কৰ্মী আছিল। সিঙে ১৯৪০ চনত ১৬ বছৰ বয়সতে ৰাজনীতিত জড়িত হৈছিল।
-
মালবিকা চুব্বা
মালবিকা ৱানেম চুব্বা (লিম্বু) (নেপালী: माल्बिका वनेम सुब्बा (लिम्बु)) এগৰাকী নেপালী টেলিভিছন ব্যক্তিত্ব, উদ্যোক্তা, মডেল, সামাজিক কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০০২ চনৰ মিছ নেপালৰ মুকুট লাভ কৰিছিল।
-
মালিনা জোশী
মালিনা জোশী (জন্ম: ২৭ জানুৱাৰী ১৯৮৯) এগৰাকী নেপালী অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১১ চনত মিছ নেপাল খিতাপ অৰ্জন কৰে আৰু মিছ ৱৰ্ল্ড ২০১১-ত নেপালক প্ৰতিনিধিত্ব কৰে। প্ৰতিযোগিতাৰ অন্তিম দিনটোত নেপালী লোকনৃত্য প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল।
-
মেথিউ ৰিকা
মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।
-
মৰিষ্কা পোখৰেল
মৰিষ্কা পোখৰেল (मरिष्का पोखरेल) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল আৰু চিত্ৰশিল্পী। ‘মৰিষ্কা’ নামটো তেওঁৰ পৰিয়াল প্ৰদত্ত নাম। এই হিব্ৰু ভাষাৰ নামটোৰ অৰ্থ হৈছে জলপৰী বা সাগৰৰ দেৱী। ২০১৬ চনত, আকাশ অধিকাৰীৰ পৰিচালনাত নিৰ্মিত কে ম তিম্ৰো হৈন ৰ নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।
-
যমুনা গুৰুং (ফুটবলাৰ)
যমুনা গুৰুং এগৰাকী নেপালী ফুটবল খেলুৱৈ। তেওঁ নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল প্ৰাক্তন অধিনায়ক। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত ২১টা গ'ল আৰু ঘৰুৱা লীগ ফুটবলত ৩৫টা গ'ল ৰেৰ্কডেৰে গুৰুং আটাইতকৈ সফল আৰু প্ৰসিদ্ধ নেপালী মহিলা ফুটবল খেলুৱৈ। প্ৰশিক্ষক কুমাৰ কাটুৱাল কয়,"গুৰুং আমাৰ দলৰ বাবে এক মূল্যৱান সম্পদ।
-
লুনা লুইটেল
লুনা লুইটেল (নেপালী: लुना लुइटेल; জন্ম ১৯৯৯) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল ২০২৫ (মিছ নেপাল ৱৰ্ল্ড) ৰ মুকুট লাভ কৰিছিল। তেওঁ আগন্তুক মিছ ৱৰ্ল্ড ২০২৬ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিব।
-
শান্তি মিশ্ৰ
শান্তি মিশ্ৰ (জন্মগত উপাধি শ্ৰেষ্ঠ; ২২ জুন ১৯৩৮ – ১৫ মে’ ২০১৯) এগৰাকী নেপালী প্ৰবক্তা, গ্ৰন্থাগাৰিক, লেখিকা আৰু অনুবাদক আছিল। তেওঁ আছিল নেপালৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা প্ৰবক্তা আৰু প্ৰথমগৰাকী নেপালী মহিলা গ্ৰন্থাগাৰিক।
-
শাৰদা শৰ্মা
শাৰদা শৰ্মা (নেপালী: शारदा शर्मा, জন্ম: ১৯৫৮) এগৰাকী নেপালী লেখিকা আৰু কবি। তেওঁৰ প্ৰথম উপন্যাস তাপৰ বাবে তেওঁ ২০১২ চনত পদ্মশ্ৰী সাহিত্য সম্মান লাভ কৰিছিল।
-
শিৱপুৰী বাবা
শিৱপুৰী বাবা আছিল হিন্দু সাধু। তেওঁৰ জন্ম নাম জয়ন্তন নম্বুদিৰিপাদ আৰু স্বামী গোবিন্দনন্দ ভাৰতী নামেৰেও জনাজাত। ১৯৬৩ চনৰ ২৮ জানুৱাৰী (২০১৯, ১৫ মাঘ, সোমবাৰ, তৃতীয় তিথি)ত নেপালৰ পশুপতিনাথ মন্দিৰৰ সমীপৰ ধ্ৰুৱস্থলীত তেওঁৰ মৃত্যু হয়।
-
শৃংখলা খতিৱড়া
শৃংখলা খতিৱড়া (নেপালী: शृङ्खला खतिवडा; ইংৰাজী: Shrinkhala Khatiwada; জন্ম: ৩ নৱেম্বৰ ১৯৯৫) এগৰাকী নেপালী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ নেপাল ৱৰ্ল্ড ২০১৮ জয় কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
শ্ৰীজনা ৰেগ্মী
শ্ৰীজনা ৰেগ্মী (श्रीजना रेग्मी) (জন্ম: ২৮ ডিচেম্বৰ ১৯৯২) এগৰাকী নেপালী গায়িকা-গীতিকাৰ, মডেল, আৰু অভিনেত্ৰী। তেওঁ মিছ নেপাল ২০১৬ প্ৰতিযোগিতাত শীৰ্ষ পাঁচজন ফাইনেলিস্টৰ অন্যতম আছিল আৰু মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৪-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
শৰ্মিলা থাপা
শৰ্মিলা থাপা এগৰাকী ভাৰতীয় নাৰ্ছ আৰু সমাজকৰ্মী, যিয়ে একক মাতৃ আৰু গৃহহিংসাৰ বিৰুদ্ধে কাম কৰে।
-
সত্য মোহন যোশী
সত্য মোহন যোশী (সত্য মোহন যোশী; ১২ মে' ১৯২০ – ১৬ অক্টোবৰ ২০২২) আছিল এজন নেপালী লেখক আৰু পণ্ডিত। নেপালৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক গৱেষণাৰ বাবে যোশী পৰিচিত। তেওঁ নেপাল ভাষা একাডেমীৰ আচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
সবিতা মহৰ্জন
সবিতা মহৰ্জন (ইংৰাজী: Sabita Maharjan; জন্ম ১৯৮০) এগৰাকী কম্পিউটাৰ বিজ্ঞানী। তেওঁ নৰৱেৰ অছলো বিশ্ববিদ্যালয়ৰ ইনফৰ্মেটিক্স বিভাগৰ নেটৱৰ্ক আৰু ডিষ্ট্ৰিবিউটেড চিষ্টেমৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ বিষয়সমূহ হ'ল ৱায়াৰলেছ নেটৱৰ্ক, নেটৱৰ্ক সুৰক্ষা, গ্ৰীণ কম্পিউটিং আৰু ভেহিকুলাৰ এড হক নেটৱৰ্ক।
-
সাহনা বজ্ৰাচাৰ্য
সাহনা বজ্ৰাচাৰ্য (নেপালী: साहना बज्राचार्य) এগৰাকী নেপালী অভিনেত্ৰী, টিভি আঁতধৰোঁতা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল আৰ্থ ২০১০-ৰ মুকুট লাভ কৰিছিল। তেওঁ আমেৰিকাৰ নেক্সট টপ মডেলৰ স্থানীয় সংস্কৰণ ‘মেগা মডেল’ ছিজন ২-ৰ আঁতধৰোঁতা আছিল।
-
সুজিতা বস্নেত
সুজিতা বস্নেত (নেপালী: सुजिता बस्नेत; জন্ম ১০ মে' ১৯৯৩) এগৰাকী আমেৰিকান-নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱস্থাপনা পৰামৰ্শদাতা, যিয়ে ২০১১ চনৰপৰা ২০২১ চনলৈকে বহুতো সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তেওঁক মিছ ইউনিভাৰ্ছ নেপাল ২০২১ৰ মুকুট পিন্ধোৱা হৈছিল।
-
সুলোচনা মানন্ধৰ ধিতাল
সুলোচনা মানন্ধৰ ধিতাল (নেপালী: सुलोचना मानन्धर धिताल; জন্ম: ১২ মাৰ্চ ১৯৫৫, পেচাগতভাৱে সুলোচনা নামেৰে জনাজাত) এগৰাকী নেপালী কবি, লেখিকা আৰু ৰাজনৈতিক সমাজকৰ্তা। তেওঁ নেপালী, নেৱাৰী আৰু চীনা ভাষাত কবিতা লিখে। তেওঁ নেপাল একাডেমীৰ মাতৃভাষা সাহিত্য বিভাগৰ স্থাপনকাৰী অধ্যক্ষা আছিল।
-
সুশীলা মহৰ্জন
সুশীলা মহৰ্জন এগৰাকী নেপালী জৈৱ ৰসায়নবিদ আৰু জৈৱ প্ৰযুক্তিবিদ। তেওঁ নেপালৰ 'ৰিচাৰ্চ ইনষ্টিটিউট ফৰ বায়োছায়েন্স এণ্ড বায়োটেকন’লজী'ৰ (RIBB) গৱেষণা সঞ্চালক। ২০১১ চনত তেওঁ এই প্ৰতিষ্ঠানটো সহ-প্ৰতিষ্ঠা কৰিছিল।
-
সুহানা থাপা
সুহানা থাপা (জন্ম: ৮ মে' ১৯৯৮) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ নেপালৰ প্ৰসিদ্ধ অভিনেত্ৰী ঝৰ্ণা থাপা আৰু প্ৰযোজক সুনীল কুমাৰ থাপাৰ কন্যা।
-
সৃষ্টি শ্ৰেষ্ঠ
সৃষ্টি শ্ৰেষ্ঠ (सृष्टि श्रेष्ठ) এগৰাকী নেপালী অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী। তেওঁ মিচ নেপাল ২০১২ প্ৰতিযোগিতাৰ বিজয়ী আছিল।