মহা মৃত্যুঞ্জয় মন্দিৰ (Maha Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ ভেৰভেৰিত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ।১ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।২৩ ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।৪
ইতিহাস
মন্দিৰ নিৰ্মাণৰ কাম ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰনীতিয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল। নিৰ্মাণৰ প্ৰাৰম্ভিক পৰিকল্পনা ২০০৩ চনত আৰম্ভ হৈছিল কিন্তু আন স্থপতিবিদ আৰু অভিযন্তাসকলৰ কেইবাটাও প্ৰচেষ্টাৰ পিছত, চূড়ান্ত অভিযান্ত্ৰিক আৰু ডিজাইনৰ কাম এৰ নাৰায়ণ শৰ্মাই বহন কৰিছিল। অভিযান্ত্ৰিক বিদ্যাত নিপুণতাৰ প্ৰতিফলনৰ বাবে মন্দিৰটো অতি গুৰুত্বপূৰ্ণ।৫৬
উদ্বোধন আৰু প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ
মন্দিৰটোৰ উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱেৰে কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ২৫ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হোৱা এই মহোৎসৱত৭ বিশেষ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মহা মৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল।৮৯ যজ্ঞৰ বাবে ১০৮ যজ্ঞ কুণ্ড স্থাপন কৰা হৈছিল আৰু প্ৰায় ২৫০জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ কৰিবলৈ আহিছিল।১০ প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হয়।১১
অৱস্থান
মহা মৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাৰ পুৰণিগুদামৰ কালাজুগিত মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত। গুৱাহাটীৰ পৰা প্ৰায় ই প্ৰায় ১২০ কিলোমিটাৰ দূৰত অৱস্থিত।১২
ভূমিকম্পৰ প্ৰভাৱ
২০২১ চনৰ ২৮ এপ্ৰিলত অসম আৰু উত্তৰ-পূব অঞ্চলত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পৰিমাপ ৰিখটাৰ স্কেলত ৬.৭ আছিল আৰু ইয়াৰ ফলত মন্দিৰৰ ওপৰৰ অংশত সামান্য ফাঁট মেলিছিল। অৱশ্যে কোনো গাঁথনিগত ক্ষতি হোৱা নাছিল।১৩১৪১৫
তথ্যসূত্ৰ
- ↑ (Feb 25, 2021). Amit Shah talks of making Assam, northeast biggest contributor to India's GDP. Deccan Herald
- ↑ (Feb 25, 2021). Amit Shah ने असम के महामृत्युंजय मंदिर में की पूजा, देखें 126 फीट ऊंचे शिवलिंग की PHOTOS. Zee News
- ↑ (Feb 25, 2021). महामृत्युंजय मंदिर: यहां बना दुनिया का सबसे ऊंचा शिवलिंग, अब बरसेगी शिव की कृपा. Newstrack
- ↑ (Jan 31, 2021). প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ. News18 Assam
- ↑ (Feb 25, 2021). Amit Shah Visited the Maha Mrityunjay Temple in Nagaon, Assam. The Sentinel
- ↑ (Feb 25, 2021). MAHA MRITYUNJAY TEMPLE, NAGAON: THINGS TO KNOW. News Live
- ↑ (Feb 25, 2021). Assam: Amit Shah visits Maha Mrityunjay Temple for ‘Pran Pratishtha Mahotsav’. Northeast Live
- ↑ (Feb 25, 2021). Assam: Amit Shah takes part in 'Pran Pratishtha Mahotsav' at Maha Mrityunjay Temple. Times Of India
- ↑ (Feb 25, 2021). Amit Shah takes part in 'Pran Pratishtha Mahotsav' at Maha Mrityunjay Temple. ANI News
- ↑ (Feb 25, 2021). MAHA MRITYUNJAY TEMPLE, NAGAON: THINGS TO KNOW. News Live
- ↑ (Feb 25, 2021). Assam's Maha Mrityunjay Temple:Things to know about the World's Largest Shivling. Guwahati Times
- ↑ (Feb 25, 2021). Only BJP-led coalition can ensure illegal immigrant-free Assam: Amit Shah. Hindustan Times
- ↑ (Apr 28, 2021). Assam earthquake: The strong quake leaves Nagaon’s Maha Mrityunjay Temple damaged. Insidene
- ↑ (Apr 28, 2021). Assam: Maha Mrityunjay Temple in Nagaon damaged in earthquake. Northeast Now
- ↑ (Apr 28, 2021). Assam: Maha Mrityunjay Temple Damaged after Earthquake. G Plus News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহা মৃত্যুঞ্জয় মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৯৬৮ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।