নগাঁও জিলা
৩৫ প্ৰবন্ধ
-
ভলাগুৰি সত্ৰ (কলিয়াবৰ)
ভলাগুৰি সত্ৰ (Bholaguri Satra) কলিয়াবৰ মহকুমাৰ ছঅঁৰা সত্ৰৰ ভিতৰৰ এখন উল্লেখযোগ্য সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে ১৬৭১ চনত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হয়। ভলাগুৰি সত্ৰৰ পূৰ্বৰ নাম আছিল ভেদেলী ভাণ্ডাৰ বা ভেদেলী ভঁৰাল।
-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ অসমৰ নগাঁও জিলাৰ বটদ্ৰৱাত অৱস্থিত এক আধ্যাত্মিক, সাংস্কৃতিক, ঐতিহাসিক আৰু পৰ্যটনকেন্দ্ৰিক প্ৰকল্প। এই ক্ষেত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আৰু ঐতিহাসিক বটদ্ৰৱা থানক কেন্দ্ৰ কৰি গঢ়ি তোলা হৈছে।
-
মিছা (গাঁও)
মিছা (Missa), (मिसा) অসমৰ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ এখন গাঁও। গাঁওখন আমলখি গাঁও পঞ্চায়তৰ দ্বাৰা পৰিচালিত আৰু বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত। গাঁওখনৰ মুঠ ভৌগোলিক আয়তন ২৯২.০৮ হেক্টৰ আৰু জনসংখ্যা ৩,৮৮৭ জন।
-
মেৰ বিল
মেৰ বিল (Mer Beel) হʼল অসমৰ নগাঁও জিলাত অৱস্থিত এখন বিল বা হ্ৰদ। মেৰ বিলৰ মুঠ মাটি-কালি ২৫ হেক্টৰ।
-
ৰূপহী, নগাঁও
ৰূপহী বা ৰূপহী গাঁও অসমৰ নগাঁও জিলাৰ নগাঁও মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন নগাঁও চহৰৰপৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ৰূপহী গাঁৱৰ মুঠ জনসংখ্যা ৫,১০০ জন। ইয়াৰে ২,৫৯৮ জন পুৰুষ আৰু ২,৫০২ গৰাকী মহিলা। গাঁওখনত মুঠ ৯৯১টা পৰিয়াল আছিল।