হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।১
নামৰ উৎপত্তি
এহেজাৰ শব্দৰ পৰা হেজাৰী ভাওনা নামৰ সৃষ্টি হৈছে। কিন্তু প্ৰকৃততে হেজাৰী শব্দয়ে এহেজাৰ ভাওনাক বুজোৱা নাই। হেজাৰ শব্দয়ে ইয়াত অনেক বা সংখ্যাত অধিক বুজাইছে।১
ইতিহাস
নগাঁও জিলাৰ কলিয়াবৰৰ হাজাৰী ভাওনাৰ উৎপত্তি সম্পৰ্কে সঠিককৈ জনা নাযায়। আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত পাইক প্ৰথা অনুসৰি পাইকসকলৰ পৰিচালনা কৰাৰ বাবে চাৰিজন পাইকৰ ওপৰত এজন বৰা, এশজন পাইকৰ ওপৰত এজন শইকীয়া, এহেজাৰ পাইকৰ ওপৰত এজন হাজৰিকা আৰু ছহেজাৰ পাইকৰ ওপৰত ফুকন নিয়োগ কৰা হৈছিল।২ তুংখুঙীয়া বুৰঞ্জী অনুসৰি স্বৰ্গদেউ চুণ্যেউফাৰ শাসনকালত কলিয়াবৰত আঠটা হেজাৰ সংগঠন গঠন কৰা হৈছিল। ডিমৰুগুৰিয়া হাজাৰ, বজোৱা, ধাদুমৰহাজাৰ, ভিতৰুৱাল চেকেৰাতলীয়া হাজাৰ, চামধৰা হাজাৰ এই আঠটা হাজাৰ গোটে নগাঁও জিলাৰ ৰাইজক সামাজিকভাৱে বিভক্ত কৰি সংগঠিত কৰিছিল।১
এই আঠটা হাজাৰৰ ভিতৰত চামধৰা হাজাৰৰ অনুপ্ৰেৰণাৰে শাকমুঠিৰ শয়েক ভূঞাসকলে শাকমুঠি হাজাৰ সংগঠন কৰি দৌলগুৰি পথাৰত বৰ্তমানৰ ভঁৰালী নামঘৰত দুই-তিনি কিলোমিটাৰ দক্ষিণত শলাল আৰু চিকনী পাহাৰৰ নামনিত দৌল উৎসৱ উদযাপন কৰিছিল। ইয়াতেই হাজাৰী ভাওনাৰ আৰম্ভণি হৈছিল বুলি গণ্য কৰা হয়। পিছলৈ শাকমুঠি হাজাৰ হাটবৰলৈ স্থানান্তৰিত হোৱাৰ লগে-লগে ফাকুৱাৰ দৌলো তালৈ স্থানান্তৰিত হয়।
প্ৰথমে হাটবৰত চাৰিখনীয়া ৰভাৰে হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল। পিছলৈ কলিয়াবৰৰ গোমোঠা পথাৰত একৈছখনীয়া ৰভাৰে হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল।১
বৰ্ণনা
হেজাৰী ভাওনাৰ মণ্ডপ এপাহ ফুলৰ আৰ্হিত আৰু ৰভা বিলাক পাহিৰ আৰ্হিৰে নিমাণ কৰা হয়। প্ৰথমখন ৰভাত গানিকা বা জোৰা গোৱাৰ সময়ত ডবা, কাঁহ, কালী বাদ্য বজোৱা হয়। তাৰ পৰা যোৰাই গাণিকা আৰম্ভ কৰি আটাইকেইখন ৰভা প্ৰদক্ষিণ কৰা হয়। হাজাৰী ভাওনাত কেৱল অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। ইয়াত মাতৃভাষাত ভাওনা প্ৰদৰ্শন কৰা নহয়।১
বৰ্তমান স্থিতি
বৰ্তমান সময়ত পূৰ্বৰ দৰে হাজাৰী ভাওনাৰ পয়োভৰ দেখা নাযায়। হাজাৰৰ অন্তৰ্গত গাঁওবোৰ খেল কেন্দ্ৰিক হৈ সৰু সৰু গোটত বিভক্ত হৈ পৰিল। কলিয়াবৰীয়া হাজাৰী ভাওনাৰ প্ৰভাৱ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱত পৰিলক্ষিত হয়।৩ বৰ্তমান সময়ত কামপুৰ কৰৈয়নী৪, পাথৰী, ননৈ আদি অঞ্চলত অনুষ্ঠিত বাৰেগঞা ভাওনাত ই প্ৰভাৱ পেলাইছে।৩
তথ্যসূত্ৰ
- ↑ অৰুণ কুমাৰ গোস্বামী. হেজাৰী ভাওনা. satirtha.in
- ↑ Guha, Amalendu. (1966). Land Rights and Social Classes in Medieval Assam. The Indian Economic & Social History Review. পৃ. 217–239
- ↑ কিশোৰ কুমাৰ ভূঞা. (২৪ ফেব্ৰুৱাৰী, ২০১৩). বাৰেচহৰীয়া ভাওনা- অনন্য সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন. আমাৰ অসম- পূৰ্বাচল. পৃ. ৮-১১
- ↑ (৫ এপ্ৰিল ২০২১). নগাঁৱৰ কৰৈয়নীত হেজাৰী ভাওনা মহোৎসৱৰ সামৰণি. জনমভূমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেজাৰী ভাওনা” প্ৰবন্ধৰ সংশোধন ৬২৪০২৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।