অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আকাশী গংগা জলপ্ৰপাত

আকশী গংগা অসমৰ নগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জলপ্ৰপাত। লগতে এই অঞ্চলত ভালেসংখ্যক প্ৰত্নতাত্বিক ধ্বংসাৱশেষ পোৱা যায়। কালিকা পুৰাণতো এই অঞ্চলৰ উল্লেখ আছে বুলি জনা যায়।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আকশী গংগা অসমৰ নগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জলপ্ৰপাত। লগতে এই অঞ্চলত ভালেসংখ্যক প্ৰত্নতাত্বিক ধ্বংসাৱশেষ পোৱা যায়। কালিকা পুৰাণতো এই অঞ্চলৰ উল্লেখ আছে বুলি জনা যায়।১২

ভৌগোলিক অৱস্থান

আকাশী গংগা জলপ্ৰপাত ডবকা-ডিমাপুৰ পথত অৱস্থিত। ই নগাঁও জিলাৰ পূব-দক্ষিণ দিশত ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই অঞ্চলৰ নিকটৱৰ্ত্তী ৰে'লৱে ষ্টেচনটো হৈছে চাপৰমুখ।৩

ইতিহাস

কিংবদন্তি অনুসৰি মহাদেৱৰ পত্নী সতীৰ পিতৃ দক্ষ ৰজাই মহাদেৱক নিজৰ যজ্ঞস্থলীত কৰা অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰে। এনেদৰে ঘূৰি ফুৰোতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত তাত একোখন তীৰ্থস্থান গঢ়ি উঠিল। ইয়াৰে এটা অংশ আকাশী গংগাতো পৰা বুলি জনা যায়।৪ লোকবিশ্বাস অনুসৰি, আকাশী গংগাই সৃষ্টি কৰা হ্ৰদটোত স্নান কৰিলে দেৱীৰ আশিস পোৱা যায়।

এই জলপ্ৰপাতৰ আশে পাশে শৈল মন্দিৰৰ ধ্বংসাৱশেষো পোৱা যায়। এইবোৰ দশম আৰু বাৰশ শতিকাৰ দুটা মন্দিৰৰ অৱশেষ বুলি জনা যায়। কালিকা পুৰাণত আকাশী গংগাক পীঠস্থান বুলি উল্লেখ কৰা হৈছে।৫

পৰ্যটন

আকাশী গংগা বৰ্তমান এক পৰ্যটনস্থলী হিচাপে খ্যাত। তদুপৰি সমগ্ৰ বছৰ জুৰি ইয়াত ভক্তৰ সমাগম দেখা পোৱা যায়। এই ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদো দেখা পোৱা যায়।৬৭

তথ্যসূত্ৰ

  1. ↑ Akashi Ganga Waterfall India Tourist Information. Touristlink.com
  2. ↑ Akashiganga Assam, Picnic Spot in Assam, Nagaon Town Tours, Travel in Assam India, Pilgrimage in Akashiganga, Archaeological Garden in Assam. Indiantravelportal.com
  3. ↑ (2014-03-18). Akashiganga Waterfalls. Beautyspotsofindia.com
  4. ↑ (2014-03-18). Akashiganga Waterfalls. Beautyspotsofindia.com
  5. ↑ Akashiganga Assam, Picnic Spot in Assam, Nagaon Town Tours, Travel in Assam India, Pilgrimage in Akashiganga, Archaeological Garden in Assam. Indiantravelportal.com
  6. ↑ Nagaon Attractions | Nagaon Place of interest. Travel.sulekha.com
  7. ↑ Akashi Ganga Waterfall - Exotic Waterfall in Assam, India. Indiamapped.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলীনগাঁও জিলাজলপ্ৰপাত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশী গংগা জলপ্ৰপাত” প্ৰবন্ধৰ সংশোধন ৪৪৩৮৯৪ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।