অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

নুৰুল আমিন ষ্টেডিয়াম

নুৰুল আমিন ষ্টেডিয়াম (Nurul Amin Stadium) বা Nowgong Sports Club Ground হৈছে অসমৰ নগাঁও জিলাত অৱস্থিত এখনি বহুমুখী ষ্টেডিয়াম৷ এইখন ষ্টেডিয়াম প্ৰধানকৈ ফুটবল, ক্ৰিকেট আৰু আন কিছুমান খেলৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতি বছৰৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এইখন ষ্টেডিয়ামত প্ৰখ্যাত স্বাধীনতা দিৱস কাপ ফুটবল…

হালনাগাদ: ২২ নৱেম্বৰ ২০২৪ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

নুৰুল আমিন ষ্টেডিয়াম (Nurul Amin Stadium) বা Nowgong Sports Club Ground হৈছে অসমৰ নগাঁও জিলাত অৱস্থিত এখনি বহুমুখী ষ্টেডিয়াম৷ এইখন ষ্টেডিয়াম প্ৰধানকৈ ফুটবল, ক্ৰিকেট আৰু আন কিছুমান খেলৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতি বছৰৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এইখন ষ্টেডিয়ামত প্ৰখ্যাত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আয়োজিত হয়৷ সেইখন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভালেকেইটা দলে যোগদান কৰে৷

ষ্টেডিয়ামখনত এতিয়ালৈ আঠখন ৰঞ্জি ট্ৰফীৰ খেল অনুষ্ঠিত হৈছে৷১ খেলসমূহ ১৯৬৪ চনৰ পৰা ১৯৮৯ চনলৈকে অনুষ্ঠিত হৈছিল৷ ১৯৬৪ চনত অসমৰ ক্ৰিকেট দলটোৱে বিহাৰৰ বিৰুদ্ধে খেলিছিল৷২ ১৯৮৯ চনৰ পৰা ষ্টেডিয়ামত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট অনুষ্ঠিত হোৱা নাই৷৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ First-class matches
  2. ↑ Scorecard
  3. ↑ Other matches

সম্পৰ্কিত শ্ৰেণী

ষ্টেডিয়ামনগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰুল আমিন ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ৪৪৭১৫২ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।