অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব বতৰ বিজ্ঞান দিৱস

১৯৫০ চনৰ ২৩ মাৰ্চত বিশ্ব বতৰ বিজ্ঞান সংস্থা প্ৰতিষ্ঠা হোৱাৰ স্মৃতিত ১৯৫১ চনত বিশ্ব বতৰ বিজ্ঞান দিৱস (World Meteorological Day) প্ৰতিষ্ঠা কৰা হৈছিল। এই সংস্থাটোৱে প্ৰতি বছৰে বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বাবে এটা শ্লোগান ঘোষণা কৰে, আৰু এই দিৱস সকলো সদস্য দেশতে পালন কৰা হয়।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

১৯৫০ চনৰ ২৩ মাৰ্চত বিশ্ব বতৰ বিজ্ঞান সংস্থা প্ৰতিষ্ঠা হোৱাৰ স্মৃতিত ১৯৫১ চনত বিশ্ব বতৰ বিজ্ঞান দিৱস (World Meteorological Day) প্ৰতিষ্ঠা কৰা হৈছিল। এই সংস্থাটোৱে প্ৰতি বছৰে বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বাবে এটা শ্লোগান ঘোষণা কৰে, আৰু এই দিৱস সকলো সদস্য দেশতে পালন কৰা হয়।১২৩৪

ইতিহাস আৰু কাৰ্যকলাপ

আন্তঃৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাৰ ঠাইত ১৯৫০ চনৰ ২৩ মাৰ্চত ৰাষ্ট্ৰসংঘৰ সংস্থা বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO) গঠন কৰা হয়। সদস্য দেশসমূহৰ লোকসকলৰ সুৰক্ষাৰ বাবে বতৰ বিজ্ঞান, কাৰ্যকৰী জলবিজ্ঞান আৰু পৃথিৱী বিজ্ঞানৰ ক্ষেত্ৰত সমন্বয় স্থাপনৰ বাবে ই ১৯৫১ চনত কাৰ্যকৰী হৈছিল। ১৯৬১ চনৰ ২৩ মাৰ্চত প্ৰথম বিশ্ব বতৰ বিজ্ঞান দিৱস পালন কৰা হৈছিল।৫৬

থিমসমূহ

তলত সাম্প্ৰতিক বছৰবোৰৰ কেইটামান থিম উল্লেখ কৰ হʼল:

  • আগতীয়া সতৰ্কবাণীৰ ব্যৱধান একেলগে বন্ধ কৰা, ২৪ মাৰ্চ ২০২৫
  • জলবায়ু কাৰ্য্যৰ সন্মুখৰ ৰেখাত, ২৩ মাৰ্চ ২০২৪
  • প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত বতৰ, জলবায়ু আৰু পানীৰ ভৱিষ্যত, ২৩ মাৰ্চ ২০২৩
  • আগতীয়া সতৰ্কবাণী আৰু আগতীয়া ব্যৱস্থা, ২৩ মাৰ্চ ২০২২
  • মহাসাগৰ, আমাৰ জলবায়ু আৰু বতৰ, ২৩ মাৰ্চ ২০২১
  • জলবায়ু আৰু পানী, ২৩ মাৰ্চ ২০২০
  • সূৰ্য্য, পৃথিৱী আৰু বতৰ, ২৩ মাৰ্চ ২০১৯৭
  • বতৰৰ বাবে সাজু, জলবায়ুৰ বাবে স্মাৰ্ট, ২৩ মাৰ্চ ২০১৮
  • ডাৱৰ বুজি পোৱা, ২৩ মাৰ্চ ২০১৭
  • গৰম, শুকান, তিতা - ভৱিষ্যতৰ সন্মুখীন হওক, ২৩ মাৰ্চ ২০১৬
  • জলবায়ু কাৰ্য্যৰ বাবে জলবায়ুৰ জ্ঞান, ২৩ মাৰ্চ ২০১৫
  • বতৰ আৰু জলবায়ু: যুৱক-যুৱতীসকলক আকৰ্ষণ কৰা, ২৩ মাৰ্চ ২০১৪
  • জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ বতৰ চোৱা: বিশ্ব বতৰ নিৰীক্ষণৰ ৫০ বছৰ উদযাপন, ২৩ মাৰ্চ ২০১৩
  • বতৰ, জলবায়ু আৰু পানীৰ দ্বাৰা আমাৰ ভৱিষ্যতক শক্তিশালী কৰা, ২৩ মাৰ্চ ২০১২
  • আপোনাৰ বাবে জলবায়ু, ২৩ মাৰ্চ ২০১১
  • আপোনাৰ সুৰক্ষা আৰু মংগলৰ বাবে ৬০ বছৰীয়া সেৱা (২০১০)
  • বতৰ, জলবায়ু আৰু আমি উশাহ লোৱা বায়ু (২০০৯)
  • আমাৰ গ্ৰহটোক উন্নত ভৱিষ্যতৰ বাবে পৰ্যবেক্ষণ কৰা (২০০৮)
  • মেৰু বতৰ বিজ্ঞান: বিশ্বব্যাপী প্ৰভাৱ বুজা (২০০৭)
  • প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ আৰু প্ৰশমন (২০০৬)
  • বতৰ, জলবায়ু, পানী আৰু বহনক্ষম উন্নয়ন (২০০৫)
  • তথ্য যুগত বতৰ, জলবায়ু, পানী (২০০৪)
  • আমাৰ ভৱিষ্যতৰ জলবায়ু (২০০৩)৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2015-12-02). Who we are. World Meteorological Organization
  2. ↑ World Meteorological Day. www.newvision.co.ug
  3. ↑ (2017-03-23). Top 10 facts about meteorology. Express.co.uk
  4. ↑ (2016-12-02). World Meteorological Organization (WMO). World Meteorological Organization
  5. ↑ (2021). Previous World Meteorological Days. OMM
  6. ↑ (March 21, 2018). 23 mars: journée météorologique mondiale. Comprendre la météo. Météo-France
  7. ↑ (2018-03-06). https://wmo.int/world-meteorological-day-2018
  8. ↑ (2020-03-23). https://wmo.int/about-wmo/world-meteorological-day

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব বতৰ বিজ্ঞান দিৱস” প্ৰবন্ধৰ সংশোধন ৬০২৫৪০ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।