অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক চাহ দিৱস

আন্তৰ্জাতিক চাহ দিৱস প্ৰতি বছৰে ২১ মে' তাৰিখে গোটেই বিশ্বজুৰি উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ে ২০১৯ চনৰ ২১ ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে উদযাপন কৰে।

হালনাগাদ: ২১ মে’ ২০২৬ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক চাহ দিৱস প্ৰতি বছৰে ২১ মে' তাৰিখে গোটেই বিশ্বজুৰি উদযাপন কৰা হয়।১ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ে ২০১৯ চনৰ ২১ ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে উদযাপন কৰে।২৩ চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বত চাহে পেলোৱা গভীৰ সংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰা এই দিৱসৰ মূল লক্ষ্য। চাহৰ বহনক্ষম উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে চাহ গ্ৰহণৰ গুৰুত্ব আৰু পানীয় হিচাপে ব্যবহাৰ কৰি বিশ্বৰ খাদ্য সংকট আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সজাগতা সৃষ্টি কৰা আন্তৰ্জাতিক চাহ দিৱসৰ মুখ্য উদ্দেশ্য।

২০০৫ চনৰ পৰা চাহ উৎপাদনকাৰী দেশ সমূহ যেনে: ভাৰত, শ্ৰীলংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, বাংলাদেশ, কেনিয়া, মালাৱী, মালয়েছিয়া, উগাণ্ডা আৰু টাঞ্জানিয়ায়ে ১৫ ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰি আহিছিল।৪ ৰাষ্ট্ৰসংঘয়ে অনুমোদন জনোৱাৰ পিছত ২০২০ চনত প্ৰথমবাৰৰ বাবে ২১ মে' তাৰিখে এই দিৱস উদযাপন হয়।

আন্তৰ্জাতিক চাহ দিৱসে বিশ্বৰ চৰকাৰসমূহ আৰু নাগৰিকক বৈশ্বিক চাহ বাণিজ্যয়ে চাহ শ্ৰমিক সকলৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু ইয়াৰ লগত মূল্যৰ সহযোগ আৰু আইনী বেপাৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে।৫৬

ৰ জনপ্ৰিয় মছলা চাহ, ছবিত ইয়াক বিস্কুটৰ লগত পৰিবেশন কৰা দেখা গৈছে]]

পটভূমি

২০০৪ চনত ৱৰ্ল্ড ছচিয়েল ফৰামত কেইজনমান ভাৰতীয় ব্যক্তিৰ প্ৰচেষ্টাত ২০০৫ চনত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰা হৈছিল।৭ তাৰপিছত ২০০৬ আৰু ২০০৮ চনত শ্ৰীলংকাত এই দিৱস পালন কৰা হৈছিল।৫ আন্তৰ্জাতিক চাহ দিৱস পালন আৰু গোলকীয় চাহ কণফাৰেন্স ট্ৰেড ইউনিয়ন মুভমেণ্ট সংগঠনে উদযাপন কৰে।৫

২০১৫ চনত ভাৰত চৰকাৰে আন্তৰ্জাতিক চাহ দিৱস উদযাপনৰ পৰিসৰ বৃদ্ধি কৰিবলৈ খাদ্য আৰু কৃষি সংস্থাৰ চাহৰ বিষয়ে আন্তঃচৰকাৰী গোট ত উপস্থাপন কৰে।৮ ৰাষ্ট্ৰসংঘ খাদ্য আৰু কৃষি সংস্থাৰ চাহৰ বিষয়ে আন্তঃচৰকাৰী গোটে বৈশ্বিক চাহ অৰ্থনীতিক সবল কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। এই গোটে আন্তৰ্জাতিক চাহ দিৱসৰ উদযাপনৰ বাবে বৈশ্বিক স্তৰত মাত মাতিবলৈ আৰম্ভ কৰে। ২০১৯ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৱে এই দিৱস উদযাপনত অনুমোদন জনায়।

উদযাপন

২০১৯ চনলৈ আন্তৰ্জাতিক চাহ দিৱস বিশেষকৈ চাহ উৎপাদনকাৰী দেশ সমূহত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হৈছিল। ২০২০ চনৰ পৰা প্ৰায়ভাগ দেশতে উদযাপন কৰিবলৈ আৰম্ভ হয়। এইদিনা বিভিন্ন সভা-সমিতি আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰি চাহ সম্বন্ধীয় বিষয় সমূহৰ সজাগতা সৃষ্টি কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.un.org/en/observances/tea-day
  2. ↑ undocs.org/A/RES/74/241
  3. ↑ www.fao.org/international-tea-day/en/
  4. ↑ International Tea Day. Confederation of Indian Small Tea Growers Association
  5. ↑ South Asian tea workers call for International Tea day. Sunday Times in Sri Lanka
  6. ↑ (2010-01-11). International Tea Day: Consumers Demand a Fair Cuppa. Fairtrade Canada
  7. ↑ (2006-03-02). International Tea Day 2005 Report. Centre for Education and Communication
  8. ↑ 'Tea day' proposal to UN. The Telegraph

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক চাহ দিৱস” প্ৰবন্ধৰ সংশোধন ৬০৭৫৪৫ (২১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।