অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব গ্ৰন্থ দিৱস

বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস বা আন্তঃৰাষ্ট্ৰীয় কিতাপৰ দিন প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা এক দিৱস। ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ পাতনি মেলিছিল।

হালনাগাদ: ৬ জানুৱাৰী ২০২১ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস বা আন্তঃৰাষ্ট্ৰীয় কিতাপৰ দিন প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা এক দিৱস। ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ পাতনি মেলিছিল। ১৯৯৫ চনৰ ২৩ এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱসৰ আৰম্ভণি হৈছিল। এইদিনা বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয় সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যপন্থা হাতত লোৱা হয়।

দিন বাছনি

ভেলেনচিয়ান লেখক ভিছেণ্ট ক্লাভেল আন্দ্ৰেয়ে সাহিত্যিক মিগুৱেল ডে কাৰভেণ্টছক তেওঁৰ জন্মদিন ৭ অক্টোবৰ আৰু পিছলৈ তেওঁৰ মৃত্যু দিৱস ২৩ এপ্ৰিলত তেওঁৰ সন্মানৰ্থে এই দিনা বিশ্ব গ্ৰন্থ দিৱস হিচাপে উদযাপন কৰিবলৈ বিচাৰিছিল। ১৯৯৫ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে ২৩ এপ্ৰিলক বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস উদযাপনৰ বাবে বাছনি কৰে। ২৩ এপ্ৰিল ৱিলিয়াম শ্বেইক্সপিয়াৰ আৰু ইনকা গাৰ্ছিলাছ' ডে লা ভেগাৰ মৃত্যু দিৱস। ইয়াৰ লগতে ২৩ এপ্ৰিল বহু বিখ্যাত লেখক-সাহিত্যিকৰ জন্ম আৰু মৃত্যু দিৱস হোৱাৰ বাবে এই বিশ্ব গ্ৰন্থ দিৱসৰ বাবে এই দিন বাছনি কৰা হ’ল।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ World Book and Copyright Day, 23 April. Un.org

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব গ্ৰন্থ দিৱস” প্ৰবন্ধৰ সংশোধন ২৫৮০৫৩ (৬ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।