অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব কাছ দিৱস

বিশ্ব কাছ দিৱস (World Turtle Day) হৈছে প্ৰতি বছৰে ২৩ মে'ত উদ্‌যাপন কৰা এক বাৰ্ষিক দিৱস। ২০০০ চনত আমেৰিকাৰ কাছ উদ্ধাৰকাৰী সংস্থা “American Tortoise Rescue”ৰ পৃষ্ঠপোষকতাত এই দিৱসৰ প্ৰচলন কৰা হৈছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বিশ্ব কাছ দিৱস (World Turtle Day) হৈছে প্ৰতি বছৰে ২৩ মে'ত উদ্‌যাপন কৰা এক বাৰ্ষিক দিৱস। ২০০০ চনত আমেৰিকাৰ কাছ উদ্ধাৰকাৰী সংস্থা “American Tortoise Rescue”ৰ পৃষ্ঠপোষকতাত এই দিৱসৰ প্ৰচলন কৰা হৈছিল।১ কাছ আৰু সিহঁতৰ নোহোৱা হৈ যোৱা বাসস্থানসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে কাছসমূহ জীৱিত থকাত সহায়ক হোৱাকৈ কৰা মানুহৰ কাৰ্য্যকলাপক উৎসাহিত কৰাৰ উদ্দেশ্যে এই দিৱসটো প্ৰতি বছৰে পালন কৰা হয়।২৩৪

জৈৱ বৈচিত্ৰ্য সজাগতা দিৱসসমূহৰ প্ৰভাৱ সম্পৰ্কে কৰা এক অধ্যয়নত কোনো এটা সংৰক্ষিত প্ৰজাতিৰ ওপৰত ইণ্টাৰনেট অনুসন্ধানৰ হাৰ বৃদ্ধিত এই দিৱসসমূহে কেনেকৈ অৰিহনা যোগায় তাৰ তালিকাত বিশ্ব কাছ দিৱসক এক উদাহৰণ হিচাপে তালিকাভুক্ত কৰা হৈছে। কাছৰ দৰে সজ্জিত সাজ-পোছাক পিন্ধা, গ্ৰীষ্মকালীন সেউজীয়া সাজ-পোছাক পিন্ধা, ঘাইপথত ধৰা কাছ উদ্ধাৰ কৰা, গৱেষণামূলক কাম-কাজ, পুনঃসংস্থাপন কেন্দ্ৰৰ পৰা কাছ গ্ৰহণ কৰা আদি কাৰ্যসূচীৰ জৰিয়তে বিশ্ব কাছ দিৱসৰ প্ৰচাৰ কৰা হয়।৫

শ্ৰেণীকোঠাত কাছ সম্পৰ্কীয় শিক্ষাক উৎসাহিত কৰিবলৈ “আমেৰিকান টৰ্টইজ ৰেচকিউ”ৰ দৰে সংস্থাই কাছ দিৱসৰ পাঠ পৰিকল্পনা আৰু ক্ৰাফ্ট প্ৰজেক্ট প্ৰদান কৰে।৬

“World Turtle Day” শব্দটোৰ ট্ৰেডমাৰ্ক কেলিফৰ্ণিয়াৰ ছুছান টেলেম অৱ মালিবুয়ে (Susan Tellem of Malibu) পঞ্জীয়ন কৰি থৈছে।৭

তথ্যসূত্ৰ

  1. ↑ (May 13, 2008). American Tortoise Rescue Celebrates World Turtle Day May 23rd. Health News Digest
  2. ↑ Be Kind to Turtles, World Turtle Day is May 23. WorldTurtleDay.org
  3. ↑ Celebrate World Turtle Day
  4. ↑ Wendy Heller. (May 13, 2008). American Tortoise Rescue Celebrates World Turtle Day May 23rd
  5. ↑ Chua, Marcus A.H.; Tan, Audrey; Carrasco, Luis Roman. (2021). Species awareness days: Do people care or are we preaching to the choir?. Biological Conservation. পৃ. 109002
  6. ↑ How to Celebrate World Turtle Day?. Bee Bulletin
  7. ↑ USPTO trademark #4635425

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব কাছ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২১১৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।