অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস

আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস বা বিশ্ব আদিবাসী দিৱস প্ৰতি বছৰে আগষ্ট মাহৰ ৯ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়।

হালনাগাদ: ১৮ জানুৱাৰী ২০২০ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস বা বিশ্ব আদিবাসী দিৱস প্ৰতি বছৰে আগষ্ট মাহৰ ৯ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়। ইয়াৰ লগতে বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশতন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰ সকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল। ১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনসংখ্যাৰ কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপপৰিষদে এই দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা এই দিৱস উদযাপনৰ প্ৰস্তাৱ গৃহীত কৰিছিল। ভূমিপুত্ৰ সকলে পৃথিৱীৰ আনুমানিক ৭,০০০ ভাষাৰ গৰিষ্ঠ সংখ্যক আৰু ৫,০০০ বিভিন্ন সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস” প্ৰবন্ধৰ সংশোধন ২১৩২৮৯ (১৮ জানুৱাৰী ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।