ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস (International Yoga Day) হিচাপে ঘোষণা কৰে।১ যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ২১ জুন দিনটো উত্তৰ গোলাৰ্দ্ধত বছৰৰ আটাইতকৈ দীঘল দিন।২
উৎস

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত (UNGA) ভাষণৰ সময়ত প্ৰথমে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ধাৰণাটো প্ৰস্তাৱ কৰিছিল।৩ তেওঁ এইদৰে কৈছিল:৪
Yoga is an invaluable gift of India's ancient tradition. It embodies unity of mind and body; thought and action; restraint and fulfillment; harmony between Man and nature; a holistic approach to health and well-being. It is not about exercise but to discover the sense of oneness with yourself, the world and the nature. By changing our lifestyle and creating consciousness, it can help in well being. Let us work towards adopting an International Yoga Day.
— Narendra Modi
এই প্ৰাৰম্ভিক প্ৰস্তাৱৰ পিছত ৰাষ্ট্ৰসংঘই ২০১৪ চনত "যোগ দিৱস" শীৰ্ষক প্ৰস্তাৱৰ খচৰা গ্ৰহণ কৰে।৫ ভাৰতৰ প্ৰতিনিধি দলে এই আলোচনা আহ্বান কৰে।৬ ২০১৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ১০ টকাৰ স্মৃতি মুদ্ৰা সৃষ্টি কৰিছিল।৭ ২০১৭ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ ডাক প্ৰশাসনে (UNPA) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এখন পৃষ্ঠাত যোগাসন সংলগ্ন কৰি ১০ টা ডাকটিকট জাৰি কৰিছিল।৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ UN Declared 21st June as International Day of Yoga
- ↑ UN declares June 21 as 'International Day of Yoga'
- ↑ (27 September 2014). India's Modi calls for reform in speech to UN. BBC
- ↑ Modi calls for Yoga Day in UN General Assembly
- ↑ (2020-06-19). International Yoga Day 2021: Theme, History, Quotes, Benefits, Importance. S A NEWS
- ↑ (10 October 2014). UN General Assembly to hold informal consultations on International Day of Yoga. The Economic Times
- ↑ 10 rupees coin of 2015 – International Day of Yoga, www.youtube.com/watch?v=L4oay3-JcU8&t=2s
- ↑ (19 April 2017). UN to issue 10 stamps of 'asanas' on International Yoga Day. Business Standard India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক যোগ দিৱস” প্ৰবন্ধৰ সংশোধন ৪৪৩৮৯৭ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।