অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস

সমগ্ৰ বিশ্বত ২২ মে’ তাৰিখে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস বা বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ২০০০ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা এই দিৱসৰ লক্ষ্য হৈছে চলি থকা জৈৱ বৈচিত্ৰ্যৰ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে আমাৰ গ্ৰহটোৰ উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই ৰাখিবলৈ…

হালনাগাদ: ৩০ জুন ২০২৪ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

সমগ্ৰ বিশ্বত ২২ মে’ তাৰিখে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস বা বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ২০০০ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা এই দিৱসৰ লক্ষ্য হৈছে চলি থকা জৈৱ বৈচিত্ৰ্যৰ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে আমাৰ গ্ৰহটোৰ উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই ৰাখিবলৈ প্ৰয়োজনীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক বুজাবুজিৰ সৃষ্টি কৰা। বাৰ্ষিক পালনৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ লক্ষ্য হৈছে প্ৰাকৃতিক জগতৰ সৈতে মানুহৰ সম্পৰ্ক পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে অধিক কাৰ্যক্ষমভাৱে কাম কৰা।১

তাৎপৰ্য

জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা আৰু ইয়াৰ প্ৰতি থকা প্ৰত্যাহ্বানসমূহ বুজি পোৱাটো ঘণ্টাৰ প্ৰয়োজনীয়তা হোৱাৰ বাবে এই দিনটোৱে বহু তাৎপৰ্য বহন কৰে। আমাৰ চৌপাশৰ পৰিৱেশ তন্ত্ৰসমূহ সংৰক্ষণ নকৰাৰ ফলত খাদ্য সুৰক্ষা, স্বাস্থ্য, জীৱিকাৰ ক্ষতি ইত্যাদিৰ সৈতে জড়িত কেইবাটাও সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই দিৱসটোৱে এই কথাকেই সোঁ‌ৱৰাই দিয়ে যে প্ৰতিদিনে প্ৰযুক্তিগতভাৱে আগবাঢ়ি গ’লেও মানুহে সুস্থ জীৱনৰ বাবে সুস্থ পৰিৱেশ তন্ত্ৰৰ ওপৰত যে নিৰ্ভৰশীল।১

তথ্যসূত্ৰ

  1. ↑ (22 May 2022). International Day for Biological Diversity 2022: Here's all you need to know. Firstpost.com

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস” প্ৰবন্ধৰ সংশোধন ৪২৪৩৫২ (৩০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।