বিশ্ব গাখীৰ দিৱস বা বিশ্ব দুগ্ধ দিৱস (World Milk Day) হৈছে গোলকীয় খাদ্য হিচাপে গাখীৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ.এ.অ’.)ৰ দ্বাৰা প্ৰতিষ্ঠাপিত এক আন্তৰ্জাতিক দিৱস।১ ২০০১ চনৰ ১ জুন তাৰিখে খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ দ্বাৰা প্ৰথম বিশ্ব গাখীৰ দিৱস পালন কৰা হৈছিল।২ তেতিয়াৰ পৰাই, প্ৰতি বছৰে ১ জুন তাৰিখে ইয়াক পালন কৰা হয়।২ দুগ্ধ খণ্ডৰ সৈতে সংযুক্ত কাম সমূহৰ প্ৰতি মনোযোগ বঢ়াবলৈ এটি সুযোগ দিয়াই হৈছে এই দিনটো উদযাপন কৰাৰ প্ৰকৃত উদ্দেশ্য।২
তথ্য মতে, বিশ্বৰ এক বিলিয়নতকৈও অধিক লোকৰ জীৱিকা দুগ্ধ খণ্ডৰ সৈতে জড়িত আৰু ছয় বিলিয়নতকৈও অধিক লোকে দুগ্ধজাত সামগ্ৰী ব্যৱহাৰ কৰে।৩ এই তথ্য এফ.এ.অ’ই সমৰ্থন কৰিছে আৰু প্ৰতিবছৰে ১ জুন তাৰিখটো ‘বিশ্ব দুগ্ধ দিৱস’ ৰূপে পালন কৰিবলৈ মনোনীত কৰিছে, কাৰণ বিশ্বৰ অধিকাংশ দেশেই ইতিমধ্যে বছৰৰ এইখিনি সময়তে দুগ্ধ দিৱস উদযাপন কৰি আহিছে।৪বিশ্বৰ অধিক সংখ্যক দেশে একেটা দিনতে এই দিৱস উদযাপন কৰিলে, দিৱসটোৰ গুৰত্ব অধিক বাঢ়িব আৰু ই দুগ্ধক্ষেত্ৰক অধিক সম্প্ৰসাৰিত কৰিব বুলি ভবা হৈছিল।
প্ৰতি বছৰে এই দিনটো উদযাপন কৰা দেশৰ সংখ্যা বাঢ়িছে। বিশ্ব দুগ্ধ দিৱস সংস্থাৰ প্ৰতিবেদন মতে, ২০১৬ চনত ৪০ খন৫ দেশে ভাগ লোৱা এই অনুষ্ঠানটো ২০২১/২২ চনত বিশ্বৰ প্ৰায় ১০০খন দেশে পালন কৰিছিল। ২০২২ চনত, মে' মাহৰ ২৯ তাৰিখে ‘এনজয় ডেইৰি ৰেলী’ শীৰ্ষক এটি দুগ্ধ যাত্ৰাৰে উদযাপন আৰম্ভণি হৈ ১ জুন তাৰিখে ‘বিশ্ব দুগ্ধ দিৱস’ পালনেৰে দুগ্ধ দিৱস উদযাপনৰ সমাপ্তি ঘটিছিল।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Today is World Milk Day
- ↑ World Milk Day: 1 June 2015
- ↑ The Dairy Declaration of Rotterdam. www.fao.org
- ↑ The Dairy Declaration of Rotterdam. www.fao.org
- ↑ (April 13, 2017). World Milk Day. Food and Agriculture Organisation
- ↑ worldmilkday.org/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব গাখীৰ দিৱস” প্ৰবন্ধৰ সংশোধন ৫৪৮৫৪১ (৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।