গ্ৰীক কিংবদন্তি
২০১ প্ৰবন্ধ
-
কেচিঅ’পিয়া (এণ্ড্ৰমেডাৰ মাতৃ)
কেচিঅ’পিয়া (/ˌkæsi.oʊˈpiː.ə/; প্ৰাচীন গ্ৰীক: Κασσιόπεια, ইংৰাজী: Cassiopeia) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইথিওপিয়াৰ ৰাণী আৰু ইথিওপিয়াৰ ৰজা চেফিউছৰ পত্নী আছিল। তেওঁ এগৰাকী অহংকাৰী আৰু আত্ম-গৌৰৱী তিৰোতা আছিল আৰু সেয়াই তেওঁৰ পতনৰ সূচনা কৰিছিল৷
-
ক্ৰীছ'থেমিছ
ক্ৰীছ'থেমিছ (/krɪˈsɒθɪmɪs/; ইংৰাজী: Chrysothemis, "সোণালী নিয়ম") গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত কেইবাগৰাকী নাৰী চৰিত্ৰৰ নাম। ক্ৰীছ'থেমিছ: কাৰ্মেটৰৰ কন্যা আৰু পাইথিয়ান গেমছত অনুষ্ঠিত হোৱা আটাইতকৈ পুৰণি এপ’ল’ৰ গীত গোৱা প্ৰতিযোগিতাখনৰ প্ৰথম বিজয়ী। তেওঁ ষ্টেফাইলাছৰ পত্নী বা এপ'ল'ৰ এগৰাকী প্ৰেমিকা আছিল।
-
ছামাথে (নেৰেইড)
ছামাথে (প্ৰাচীন গ্ৰীক: Ψαμάθη, ইংৰাজী: Psamathe) সাগৰ দেৱতা নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ পঞ্চাশগৰাকী কন্যাৰ ভিতৰত এগৰাকী অন্যতম নেৰেইড। আইজিনাৰ ৰজা আইকাছৰ পত্নী আৰু তেওঁলোকৰ পুত্ৰৰ নাম ফকাচ।
-
থেমিছ
গ্ৰীক কিংবদন্তি আৰু ধৰ্ম অনুসাৰে থেমিছ (/ˈθiːmɪs/; ইংৰাজী: Themis; আক্ষৰিক অৰ্থ: 'ন্যায়, আইন, প্ৰথা') ন্যায়, ঐশ্বৰিক শৃংখলা, আইন আৰু ৰীতি-নীতিৰ দেৱী তথা ব্যক্তিত্ব। গেইয়া আৰু ইউৰেনাছৰ বাৰজন টাইটান সন্তানৰ ভিতৰত তেওঁ অন্যতম আৰু জ্যুছৰ দ্বিতীয় পত্নী।
-
পেগেছাছ
গ্ৰীক কিংবদন্তি অনুসৰি পেগেছাছ এটা উৰণীয়া ঘোঁৰা। পাৰ্ছিয়াছে মেডুছাৰ শিৰচ্ছেদ কৰাৰ পাছত মেডুছাৰ তেজৰ পৰা পেগাছাছৰ জন্ম হয়। বেলেৰ'ফ'নে পেগাছাছক ধৰি কেইবাটাও অভিযানত আৰোহণ কৰিছিল। কাইমেৰাৰ লগতো বেলেৰ'ফ'নে পেগাছাছত উঠি যুঁজ কৰিছিল।
-
পেণ্ডোৰা
পেণ্ডোৰা (ইংৰাজী: Pandora) গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি জ্যুছৰ নিৰ্দেশত হেফেষ্টাছে সৃষ্টি কৰা প্ৰথমগৰাকী মানৱ নাৰী। হেচিঅ’ডৰ লেখনি মতে প্ৰতিজন দেৱতাই তেওঁক অনন্য উপহাৰ দি সহযোগিতা কৰিছিল।
-
লিবিয়া (শ্ৰুতিকথা)
লিবিয়া (ইংৰাজী: Libya বা Libye, প্ৰাচীন গ্ৰীক: Λιβύη) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷
-
ষ্টাইক্স
ষ্টাইক্স (/ˈstɪks/; প্ৰাচীন গ্ৰীক: Στύξ [stýks]; ইংৰাজী: Styx, ষ্টাইক্স নদী বুলিও কোৱা হয়) গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী দেৱী আৰু পাতাল জগতৰ এখন অন্যতম নদী। টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ টাইটান পালাছৰ পত্নী আৰু জেলাছ, নাইক, ক্ৰাটছ আৰু বিয়াৰ মাতৃ।
-
হেমেৰা
হেমেৰা (/ˈhemərə/; প্ৰাচীন গ্ৰীক: Ἡμέρα, ইংৰাজী: Hemera; আক্ষৰিক অৰ্থ: 'দিন') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি দিনৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। প্ৰাচীন গ্ৰীক কবি হেচিঅ’ডৰ মতে তেওঁ ইৰেবাছ (অন্ধকাৰ) আৰু নাইক্সৰ (ৰাতি) কন্যা আৰু ইথাৰৰ ভগ্নী।
-
ইডিয়া
ইডিয়া (প্ৰাচীন গ্ৰীক: Ἰδυῖα, ইংৰাজী: Idyia) বা ইডিয়া (প্ৰাচীন গ্ৰীক: Εἰδυῖα, ইংৰাজী: Eidyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ কলকিছৰ ৰজা এইটেছৰ ৰাণী আছিল। তেওঁলোকৰ সন্তান হৈছে মেডিয়া, চালচিঅ'প আৰু এবচিৰ্টাছ।
-
ইলেক্ট্ৰা (অ'চেনিড)
ইলেক্ট্ৰা (/ɪˈlɛktrə/; প্ৰাচীন গ্ৰীক: Ἠλέκτρα, ইংৰাজী: Electra) গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷
-
ইলেক্ট্ৰা (ছফ'ক্লেছ)
ইলেক্ট্ৰা (প্ৰাচীন গ্ৰীক: Ἠλέκτρα, ইংৰাজী: Electra, Elektra বা The Electra) হৈছে ছফ'ক্লেছৰ দ্বাৰা ৰচিত এখন গ্ৰীক ট্ৰেজেডী নাটক। এই নাটখন ৰচনা কৰাৰ সঠিক তাৰিখ জনা নাযায় যদিও ফিল’কটেটিছ (Philoctetes, খ্ৰীষ্টপূৰ্ব ৪০৯) আৰু অডিপাছ এট কলনাছ (Oedipus at Colonus, খ্ৰীষ্টপূৰ্ব ৪০৬)ৰ সৈতে বিভিন্ন শৈলীগত…
-
এণ্ড্ৰমেডা (শ্ৰুতিকথা)
এণ্ড্ৰমেডা (/ænˈdrɒmɪdə/; প্ৰাচীন গ্ৰীক: Ἀνδρομέδα, ইংৰাজী: Andromeda) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইথিওপিয়াৰ ৰাজকুমাৰী৷ তেওঁ ইথিওপিয়াৰ ৰজা চেফিয়াছ আৰু ৰাণী কেচিঅ’পিয়াৰ কন্যা।
-
এপ্চেউডেছ (শ্ৰুতিকথা)
এপ্চেউডেছ (প্ৰাচীন গ্ৰীক: Ἀψευδὴς, ইংৰাজী: Apseudes; আক্ষৰিক অৰ্থ: 'সত্যবাদী' বা 'জিলিকি থকা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷
-
এষ্টেৰ'প
এষ্টেৰ'প (/æˈstεrəpiː/ প্ৰাচীন গ্ৰীক: Ἀστεροπή বা Στεροπή, "বিজুলী", ইংৰাজী: Asterope) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী হেস্পেৰিড।
-
কেটো
কেটো (/ˈsiːtoʊ/; প্ৰাচীন গ্ৰীক: Κητώ, ৰোমানীকৃত: Kētṓ, আক্ষৰিক অৰ্থ: 'সাগৰীয় দানৱ') গ্ৰীক পৌৰাণিক কাহিনী বৰ্ণিত এগৰাকী আদিম সাগৰীয় দেৱী৷ তেওঁৰ পিতৃ হৈছে প্ৰাক-অলিম্পিয়ান সাগৰ-দেৱতা প'ণ্টাছ আৰু তেওঁৰ মাতৃ পৃথিৱী দেৱী গেইয়া।
-
কেলিৰ' (অ'চেনিড)
কেলিৰ (ইংৰাজী: Callirhoe বা Kallirhoe, Callirrhoe, প্ৰাচীন গ্ৰীক: Καλλιρό, Καλλιρρόη, বা Καλλιρρόης মানে 'সুন্দৰ প্ৰবাহ' বা সুন্দৰ জুৰি') গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷
-
ড'ট' (শ্ৰুতিকথা)
ড'ট (প্ৰাচীন গ্ৰীক: Δωτὼ, ইংৰাজী: Doto; আক্ষৰিক অৰ্থ: 'দাতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ডাইনেমিন
ডাইনেমিন (/dɪˈnæmɪniː, daɪ-/; প্ৰাচীন গ্ৰীক: Δυναμένη, ইংৰাজী: Dynamene; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ তেওঁৰ ভগ্নী ফেৰুছাৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। ডাইনেমিনৰ দ্ৰুতভাৱে আবিৰ্ভাৱ আৰু অদৃশ্য হোৱাৰ ক্ষমতা আছিল।
-
থিওন’ (প্ৰটিয়াছৰ কন্যা)
থিওন’ (প্ৰাচীন গ্ৰীক: Θεονόη, ইংৰাজী: Theonoe; আক্ষৰিক অৰ্থ: 'দেৱতাৰ দৰে যাৰ মন') গ্ৰীক শ্ৰুতিকথাৰ আধাৰত এথেন্সৰ নাট্যকাৰ ইউৰিপিডিছৰ দ্বাৰা ৰচিত নাটক হেলেনৰ এটা চৰিত্ৰ। ইজিপ্তৰ ৰজা প্ৰটিয়াছ আৰু নেৰেইড ছামাথেৰ কন্যা হিচাপে তেওঁক উপস্থাপন কৰা হৈছে। তেওঁ বৰ্তমান মিচৰৰ ৰজা থিয়ক্লিমেনাছৰ ভগ্নী আছিল।
-
থেমিষ্টো (ইনাকাছৰ কন্যা)
থেমিষ্টো (প্ৰাচীন গ্ৰীক: Θεμιστώ) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী দেৱতা ইনাকাছৰ কন্যা আৰু জিউছৰ দ্বাৰা আৰ্কাছৰ মাতৃ আছিল। কিছুমান বিৱৰণ অনুসৰি তেওঁক কেলিষ্টোৰ আন এটা ৰূপ, জিউছৰ দ্বাৰা আৰ্কাছৰ মাতৃ মেগিষ্টো বুলিও কোৱা হৈছে।
-
নেমেৰ্টেছ (শ্ৰুতিকথা)
নেমেৰ্টেছ (প্ৰাচীন গ্ৰীক: Νημερτής, ইংৰাজী: Nemertes; আক্ষৰিক অৰ্থ: 'অবিচলিত′, ′সত্যবাদী' বা 'দাতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ নিমেৰ্টিছ আন এগৰাকী নেৰেইড নিওমেৰিছ একেগৰাকীয়েই বুলি অনুমান কৰা হয়।
-
পাছিথিয়া
পাছিথিয়া (প্ৰাচীন গ্ৰীক: Πασιθέα, ইংৰাজী: Pasithea, Pasithee বা Pasitheia) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী অন্যতম সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী (গ্ৰেচ) আৰু হিপনোছৰ পত্নী আছিল। ননছৰ মহাকাব্য ডাইঅ’নিচিয়াকাত (খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা) তেওঁ এফ্ৰোডাইটিৰ তিনি গৰাকী পৰিচাৰিকা গ্ৰেচৰ ভিতৰত অন্যতম অছিল।
-
পাৰ্ছি (শ্ৰুতিকথা)
পাৰ্ছি (প্ৰাচীন গ্ৰীক: Πέρση, ইংৰাজী: Perse, আক্ষৰিক অৰ্থ: 'ধ্বংসকাৰী') গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁৰ নামটো পাৰ্ছা (Persa), পাৰ্ছাইড (Perseide), পাৰ্ছিয়া (Persea) বা পাৰ্ছেইছ (Perseis) বুলিও বানান কৰা হৈছিল।
-
ফেৰুছা
ফেৰুছা (প্ৰাচীন গ্ৰীক: Φέρουσά, ইংৰাজী: Pherusa বা Pherousa; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ তেওঁৰ ভগ্নী ডাইনেমিনৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। হাইজিনাছৰ মতে এগৰাকী ঋতুৰ দেৱী হোৰাইৰ নামো ফেৰুছা।
-
মাইয়া
প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনীত মাইয়া (প্ৰাচীন গ্ৰীক ভাষাৰ পৰা: Μαίη, অৰ্থ: 'মা', 'নাৰ্ছ' বা 'ধাত্ৰিকা';), যাক মাই বুলিও বানান কৰা হয়, প্লেইডছৰ অন্যতম আৰু জিউছৰ সৈতে হোৱা দূত দেৱতা হাৰ্মিছৰ মাতৃ। মাইয়াক বুধ গ্ৰহৰ মাতৃ ৰোমান পৃথিৱী দেৱী মাইয়াৰ সৈতে চিনাক্ত কৰা হৈছিল।
-
মেগিষ্টো (শ্ৰুতিকথা)
মেগিষ্টো (প্ৰাচীন গ্ৰীক: Μεγιστώ) গ্ৰীক শ্ৰুতিকথাৰ কিছুমান বিৱৰণ অনুসৰি কেলিষ্টোৰ আন এটা ৰূপ, জিউছৰ দ্বাৰা আৰ্কাছৰ মাতৃ। তেওঁক ইনাকাছৰ কন্যা থেমিষ্টো বুলিও কোৱা হৈছিল। থেমিষ্টো নদী দেৱতা ইনাকাছৰ কন্যা আৰু জিউছৰ দ্বাৰা আৰ্কাছৰ মাতৃ আছিল।
-
মেট'পে (শ্ৰুতিকথা)
মেট'পে (/mɪˈtoʊpiː/; প্ৰাচীন গ্ৰীক: Μετώπη, ইংৰাজী: Metope) গ্ৰীক শ্ৰুতিকথা অনুসৰি মেট'পে নামৰ বহুকেইটা চৰিত্ৰ পোৱা যায়৷ তলত চৰিত্ৰ কেইটাৰ চমু বিৱৰণ দিয়া হৈছে৷
-
মেটিছ (শ্ৰুতিকথা)
মেটিছ (/ˈmiːtɪs/; প্ৰাচীন গ্ৰীক: Μῆτις, ইংৰাজী: Metis; আক্ষৰিক অৰ্থ: 'প্ৰজ্ঞা', 'দক্ষতা' বা 'শিল্প'), প্ৰাচীন গ্ৰীক ধৰ্ম আৰু গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী অন্যতম গ্ৰীক অ'চেনিড। গ্ৰীক দেৱতাৰ ৰজা জ্যুছৰ উপদেষ্টা আৰু প্ৰথম পত্নী হিচাপে তেওঁ জনাজাত।
-
লিবিয়া (এপাফাছৰ কন্যা)
লিবিয়া (ইংৰাজী: Libya, প্ৰাচীন গ্ৰীক: Λιβύη) গ্ৰীক আৰু ৰোমান শ্ৰুতিকথা অনুসৰি ইজিপ্তৰ ৰজা এপাফাছৰ কন্যা৷ তেওঁ সাগৰৰ দেৱতা প'জাইডনৰ সৈতে বিবাহ হৈছিল আৰু বেলুছ আৰু এজেন'ৰৰ মাতৃ হৈছিল।