গ্ৰীক কিংবদন্তি
২০১ প্ৰবন্ধ
-
থেলিয়া (গ্ৰেচ)
থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; ইংৰাজী: Thalia বা Thaleia; আক্ষৰিক অৰ্থ: 'the joyous, the abundance') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি সৌন্দৰ্য্য আৰু কৃপাৰ তিনিগৰাকী দেৱীৰ ভিতৰত অন্যতম৷ তেওঁলোকক চাৰিটেছ (Charites) বুলি জনা যায়, অন্য দুগৰাকী হৈছে তেওঁৰ ভগ্নী এগ্লিয়া (Aglaea) আৰু ইউফ্ৰ’চাইন…
-
ইউৰিনম (অ'চেনিড)
ইউৰিনম (/jʊˈrɪnəmiː/; প্ৰাচীন গ্ৰীক: Εὐρυνόμη, ইংৰাজী: Eurynome) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী দেৱী৷ ধ্ৰুপদী পেলোপনেছাছৰ নেডা আৰু লাইমেক্স নামৰ নদীৰ সংগমৰ ওচৰৰ এখন অভয়াৰণ্যত তেওঁক পূজা কৰা হৈছিল। জলপৰী সদৃশ মূৰ্তি এটাই তেওঁক প্ৰতিনিধিত্ব কৰিছিল।
-
চাইন′পে (শ্ৰুতিকথা)
চাইন′পে (/sɪˈnoʊpi/; প্ৰাচীন গ্ৰীক: Σινώπη, ইংৰাজী: Sinope) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁক কৃষ্ণ সাগৰৰ চিন′পে চহৰৰ এটা উপনাম বুলি ভবা হয়।
-
অৰ্নিয়া
অৰ্নিয়া (প্ৰাচীন গ্ৰীক: Ὀρνία, ইংৰাজী: Ornea বা Ornia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁ আৰ্গোলিছৰ এখন চহৰ অৰ্নিয়াৰ সম্ভাৱ্য নিম্ফ (অপেশ্বৰী) আছিল আৰু তেওঁৰ নামেৰে চহৰখন নামকৰণ কৰা হৈছিল।
-
এচিছ আৰু গালাটিয়া
এচিছ আৰু গালাটিয়া (/ˈeɪsɪs/, /ɡæləˈtiː.ə/ ইংৰাজী: Acis and Galatea) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত কিংবদন্তিমূলক চৰিত্ৰ৷ অভিদৰ মেটামৰ্ফ'ছেছত তেওঁলোকক একেলগে জড়িত কৰা হৈছে।
-
চাইমোড'চ (শ্ৰুতিকথা)
চাইমোড'চ (প্ৰাচীন গ্ৰীক: Κυμοδόκη, ইংৰাজী: Cymodoce, অৰ্থ. 'ঢৌ-সংগ্ৰাহক') নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ ৫০ গৰাকী নেৰেইডৰ ভিতৰত অন্যতম, সাগৰীয় নিম্ফ কন্যা। ষ্টেটিয়াছৰ ছিলভাইত তেওঁৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে।
-
চাইৰীনী (শ্ৰুতিকথা)
চাইৰীনী (/saɪˈriːni/, sy-REE-nee) বা /kaɪˈriːni/, ky-REE-nee; ইংৰাজী: Cyrene) শব্দটো উত্তৰ আফ্ৰিকাৰ পূৱ লিবিয়াৰ গ্ৰীক উপনিবেশ চাইৰিনৰ ব্যুৎপত্তি বুলি গণ্য কৰা হয়।
-
নেছাইয়া
নেছাইয়া (প্ৰাচীন গ্ৰীক: Νησαίη, ইংৰাজী: Nesaea, Nesaia বা Nisaea; আক্ষৰিক অৰ্থ: 'দ্বীপত বাস কৰা') গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা। তেওঁক দ্বীপৰ “বগা” নেৰেইড বুলি কোৱা হয়৷
-
স্পিঅ'
স্পিঅ (প্ৰাচীন গ্ৰীক: Σπειώ, ইংৰাজী: Spio; আক্ষৰিক অৰ্থ: 'গুহাত বাস কৰা'[1]) নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ ৫০ গৰাকী নেৰেইডৰ ভিতৰত অন্যতম, সাগৰীয় নিম্ফ কন্যা। তেওঁক স্পেইঅ' (Speio) আৰু স্পেঅ' (Speo) বুলিও কোৱা হয়৷
-
আলকায়া
আলকায়া (প্ৰাচীন গ্ৰীক: Άλκαίαν, ইংৰাজী: Alcaea) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।
-
আস্তিয়াগিয়া
আস্তিয়াগিয়া (প্ৰাচীন গ্ৰীক: Ἀστυάγυια, ইংৰাজী: Astyaguia বা Astyagyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।
-
ইউফ্ৰ’চাইন
ইউফ্ৰ’চাইন (/juːˈfrɒzɪniː/, ইংৰাজী: Euphrosyne, প্ৰাচীন গ্ৰীক: Εὐφροσύνη) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়।
-
ইলেক্ট্ৰা
ইলেক্ট্ৰা (/əˈlɛktrə/; ইংৰাজী: Electra) ট্ৰেজেডীৰ অন্যতম জনপ্ৰিয় পৌৰাণিক চৰিত্ৰ। ইলেক্ট্ৰা হৈছে ছফ'ক্লেছৰ ইলেক্ট্ৰা আৰু ইউৰিপিডিছৰ ইলেক্ট্ৰা নামৰ দুখন গ্ৰীক ট্ৰেজেডীৰ মূল চৰিত্ৰ।
-
উত্তৰ বতাহ
উত্তৰ বতাহ (North wind) উত্তৰৰ পৰা উত্পন্ন হৈ দক্ষিণ দিশলৈ বহে। উত্তৰ বতাহৰ ঐতিহাসিক আৰু সাহিত্যিক গুৰুত্ব আছে, কাৰণ ই সাধাৰণতে ঠাণ্ডা বতাহ আৰু উত্তৰ গোলাৰ্ধত ঋতু পৰিৱৰ্তনৰ সূচনা কৰে।
-
এগলিয়া (গ্ৰেচ)
এগ্লাইয়া (/əˈɡlaɪə/, ইংৰাজী: Aglaia বা Aglaïa) বা এগলিয়া (/əˈɡliːə/, ইংৰাজী: Aglaea) (প্ৰাচীন গ্ৰীক: Ἀγλαΐα, আক্ষৰিক অৰ্থ: 'উৎসৱৰ উজ্জ্বল') গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়।
-
ক্লাইমেন (ইয়াপেটাছৰ পত্নী)
ক্লাইমেন (/ˈklɪmɪniː, ˈklaɪ-/; প্ৰাচীন গ্ৰীক: Κλυμένη, Kluménē, ইংৰাজী: Clymene বা Klymene, অৰ্থাৎ "বিখ্যাত") গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ।
-
ডাইঅ'নিছাছ
দিঅ'ন্যূছ'ছ বা ডাইঅ'নিচাছ প্ৰাচীন গ্ৰীক ধৰ্ম আৰু আখ্যানত হৈছে সুৰা-নিৰ্মাণ, ফলৰ বাগিচা আৰু ফল, গছ-গছনি, উৰ্বৰতা, উৎসৱ, উন্মাদনা, আচাৰ-ব্যৱহাৰৰ উন্মাদনা, ধৰ্মীয় আনন্দ আৰু নাট্যৰ দেৱতা।
-
থেইয়া
থেইয়া (/ˈθiːə/; প্ৰাচীন গ্ৰীক: Θεία, ইংৰাজী: Theia) গ্ৰীক কিংবদন্তিত বৰ্ণিত এগৰাকী গ্ৰীক দেৱী৷ তেওঁক ইউৰিফেছা (Euryphaessa, "বহল-উজ্জ্বল") বুলিও কোৱা হয়৷ তেওঁ গ্ৰীক পৌৰাণিক কাহিনীৰ পৃথিৱী দেৱী গিয়া আৰু আকাশ দেৱতা ইউৰেনাছৰ বাৰজন টাইটানৰ সন্তানৰ ভিতৰত অন্যতম।
-
থেমিষ্টো
থেমিষ্টো (প্ৰাচীন গ্ৰীক: Θεμιστώ, ইংৰাজী: Themisto) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ আৰু নাইয়াড ক্লিডানোপৰ কন্যা। তেওঁৰ নামটো প্ৰাচীন গ্ৰীক শব্দ "θεμιστος"ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "নিয়মৰ অন্তৰ্গত" বা "ৰীতি-নীতিৰ অন্তৰ্গত"।
-
থেলিয়া (নিম্ফ)
থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; প্ৰাচীন গ্ৰীক: Θάλεια, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ: "আনন্দময়, প্ৰচুৰতা") গ্ৰীক শ্ৰুতিকথা অনুসৰি হেফেষ্টাছৰ এগৰাকী নিম্ফ কন্যা আৰু পালিচিৰ মাতৃ। তেওঁৰ নামটো প্ৰাচীন গ্ৰীক ভাষাৰ থেলেইন (θάλλειν thállein) শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "ফুলিবলৈ ধৰা, সেউজীয়া হোৱা"।
-
থেলিয়া (মিউজ)
থেলিয়া (/θəˈlaɪə/ বা /ˈθeɪliə/; প্ৰাচীন গ্ৰীক: Θάλεια; ইংৰাজী: Thalia বা Thaleia; "আনন্দময়, সমৃদ্ধিশালী") গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত হাস্যৰস আৰু আইডিলিক কবিতাৰ অধিষ্ঠাতী দেৱী৷ তেওঁ ন গৰাকী মিউজৰ ভিতৰত অন্যতম।
-
দক্ষিণী বতাহ
দক্ষিণী বতাহ (South wind) হৈছে একপ্ৰকাৰৰ বতাহ, যি দক্ষিণ দিশৰ পৰা উৎপত্তি হৈ উত্তৰ দিশলৈ বৈ যায়। ইংৰাজীত দক্ষিণী বতাহ বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দসমূহ হল: আষ্টাৰ, বাষ্টাৰ (একধৰণৰ বতাহ), föhn/foehn (এল্প্ছ), ghibli (লিবিয়া, friagem (একপ্ৰকাৰ ঠাণ্ডা দক্ষিণী বতাহ যি এণ্টাৰ্কটিকাৰ পৰা ব্ৰাজিললৈ বয়),…
-
পশ্চিম বতাহ
পশ্চিম বতাহ বুলিলে পশ্চিম দিশৰ পৰা উৎপত্তি হৈ পূব দিশলৈ বোৱা বতাহক বুজায়। ইউৰোপীয় পৰম্পৰাত ইয়াক সাধাৰণতে দিশগত বতাহৰ ভিতৰত আটাইতকৈ মৃদু আৰু অনুকূল বুলি গণ্য কৰা হৈছে।
-
পূব বতাহ
পূব বতাহ বুলিলে পূব দিশৰ পৰা উৎপত্তি হোৱা আৰু পশ্চিম দিশলৈ বোৱা বতাহক বুজায়।
-
মেডুছা
গ্ৰীক কিংবদন্তি অনুযায়ী মেডুছা (প্ৰাচীন গ্ৰীক:Μέδουσα, ৰক্ষক) হৈছে এগৰাকী ৰাক্ষসী। মেডুছাৰ শিৰত চুলিৰ পৰিৱৰ্তে কিছুমান জীৱন্ত সৰ্পৰ স্থান। গৰ্গ নামেৰেও পৰিচিত মেডুছা গৰ্গন নামৰ তিনি পাখিলগা ৰাক্ষসীৰ অন্যতম। মেডুছাৰ চকুৱে চকুৱে চোৱা ব্যক্তিগৰাকী তাৎক্ষণিকভাৱে শিলত পৰিণত হয়।
-
হাৰ্পিনা
হাৰ্পিনা (/ˈhɑːrpɪnə/; প্ৰাচীন গ্ৰীক: Άρπινα, ইংৰাজী: Harpina) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।
-
হেস্পেৰিড
হেস্পেৰিড (/hɛˈspɛrɪdiːz/; প্ৰাচীন গ্ৰীক: Ἑσπερίδες, ইংৰাজী: Hesperide) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত সন্ধিয়াৰ আৰু সূৰ্যাস্তৰ সোণালী পোহৰৰ নিম্ফ (nymph; অপেশ্বৰী)৷ এওঁলোকক "সন্ধিয়াৰ কন্যা" বা "পশ্চিমৰ নিম্ফ" বুলিও কোৱা হয়।
-
এছিয়া (অ'চেনিড)
এছিয়া (ইংৰাজী: Asia, প্ৰাচীন গ্ৰীক: Ἀσία) গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ কিছুমান সংস্কৰণত তেওঁৰ মাতৃ পম্ফলিক্স আৰু ভগ্নী লিবিয়া বুলিও কোৱা হৈছিল।
-
এথ্ৰা (থেছেয়াছৰ মাতৃ)
এথ্ৰা বা এইথ্ৰা (প্ৰাচীন গ্ৰীক: Αἴθρα; ইংৰাজী: Aethra বা Aithra, আক্ষৰিক অৰ্থ: 'উজ্জ্বল আকাশ') গ্ৰীক পৌৰাণিক কাহিনীত বৰ্ণনা কৰা ট্ৰ'জেনিয়ান ৰাজকুমাৰী আৰু ৰজা পিথিউছৰ কন্যা।
-
এম্ফিট্ৰাইট
এম্ফিট্ৰাইট (/æmfɪˈtraɪtiː/; প্ৰাচীন গ্ৰীক: Ἀμφιτρίτη, ইংৰাজী: Amphitrite) প্ৰাচীন গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা সাগৰৰ দেৱী, সাগৰৰ ৰাণী আৰু তেওঁৰ পতি হৈছে প'জাইডন। তেওঁ নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ (বা অ'চেনাছ আৰু টেথিছৰ) কন্যা আছিল।