ছালেমিছ (/ˈsæləmɪs/ SAL-ə-miss; প্ৰাচীন গ্ৰীক: Σαλαμίς,১ ইংৰাজী: Salamis) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।২ তেওঁ চাইক্ৰেয়াছ দ্বীপৰ (Cychreus) ব্যক্তিত্ব আৰু তত্ত্বাৱধায়ক দেৱী।
পৰিয়াল
ছালেমিছ পেলাছগাছ (পেলাগন৩), ইছমেনাছ, কালচিছ, কৰ্চাইৰা, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইনোপে, অৰ্নিয়া২ আৰু হাৰ্পিনাৰ ভগ্নী আছিল।৪ কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।৫
শ্ৰুতিকথা
ভগ্নী কৰ্চাইৰা আৰু ইউব'য়াৰ দৰে ছালেমিছৰ ভাগ্যও একে আছিল, কাৰণ তেওঁলোকৰ দৰে ছালেমিছকো প'জাইডনে তেওঁৰ পিতৃৰ ওচৰৰ পৰা অপহৰণ কৰি লৈ গৈছিল। দেৱতাই তেওঁক এটা নাম নথকা দ্বীপলৈ লৈ গৈছিল আৰু তেওঁলোকৰ পুত্ৰ চাইক্ৰেয়াছৰ নামেৰে দ্বীপটোৰ নাম চাইক্ৰেয়াছ নামকৰণ কৰা হৈছিল আৰু চাইক্ৰিয়াছ দ্বীপটোৰ প্ৰথম ৰজা হৈছিল।
কিছুমান কিংবদন্তি অনুসৰি জ্যুছৰ দ্বাৰা তেওঁ ছাৰাকনৰ মাতৃ হৈছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছালেমিছ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯৭৮৭৯ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।