অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পেইৰেন (নিম্ফ)

পেইৰেন (প্ৰাচীন গ্ৰীক: Πειρήνη, ইংৰাজী: Pirene বা Peirene) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁ নামৰ অৰ্থ হৈছে “অচেয়াৰসকলৰ” (of the osiers)।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পেইৰেন (প্ৰাচীন গ্ৰীক: Πειρήνη,১ ইংৰাজী: Pirene বা Peirene) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।২ তেওঁ নামৰ অৰ্থ হৈছে “অচেয়াৰসকলৰ” (of the osiers)।৩ বিভিন্ন সংস্কৰণত তেওঁৰ পিতৃৰ নাম লেকনিয়ানৰ ৰজা অয়েবালাছ৪ বা নদী-দেৱতা অচেঅ′লাছ৫ বুলিও পোৱা যায়৷

পৰিয়াল

পেইৰেন পেলাছগাছ (পেলাগন৬), ইছমেনাছ, কালচিছ, ছালেমিছ, এজিনা, কৰ্চাইৰা, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইনোপে, অৰ্নিয়া২ আৰু হাৰ্পিনাৰ ভগ্নী আছিল।৭ কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।৮

শ্ৰুতিকথা

যেতিয়া তেওঁৰ পুত্ৰ চেনক্ৰিয়াছক আৰ্টিমিচে অজানিতে হত্যা কৰিছিল, তেতিয়া পেইৰেনৰ দুখ ইমানেই গভীৰ হৈছিল যে তেওঁ চকুলো টুকি টুকি কৰিন্থৰ দুৱাৰৰ বাহিৰত পেইৰেন ফোৱাৰালৈ পৰিণত হৈছিল।[5] কৰিন্থীয়াসকলে ফোয়াৰাটোৰ কাষত পেইৰেনলৈ উৎসৰ্গা কৰা এখন সৰু অভয়াৰণ্য নিৰ্মাণ কৰিছিল আৰু তাত গৰমৰ আৰম্ভণিৰ শুকান মাহত তেওঁলৈ বুলি মৌ-কেক আগবঢ়াছিল।

এই ফোয়াৰাটো মিউজসকলৰ বাবে পবিত্ৰ আছিল আৰু তাতেই বেলেৰফনে পেগাছাছক মদ খাই থকা অৱস্থাত দেখা পাইছিল আৰু তেওঁক বশ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Richmond, Henry J. (1905). The Pronunciation of Greek and Latin Proper Names in English. George Wahr. পৃ. 32. ISBN 9780857927866
  2. ↑ Diodorus Siculus, 4.72.1
  3. ↑ Graves, Robert. (1960). The Greek Myths. Penguin Books. পৃ. s.v. Sisyphus. ISBN 978-0-14-310671-5
  4. ↑ Hesiod, Megalai Ehoiai fr. 258, cited in Pausanias, 2.2.2
  5. ↑ Pausanias, 2.2.2
  6. ↑ Apollodorus, 3.12.6
  7. ↑ Diodorus Siculus, 4.73.1
  8. ↑ Scholia Vict. ad হোমাৰ ইলিয়াড, 14.291; Strabo, 10 p. 447

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেইৰেন (নিম্ফ)” প্ৰবন্ধৰ সংশোধন ৪৯৭৯৮১ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।