হেলেন (প্ৰাচীন গ্ৰীক: Ἑλένη, ৰোমানীকৃত: Helénē) গ্ৰীক শ্ৰুতিকথাত বিশ্বৰ আটাইতকৈ ধুনীয়া বুলি বৰ্ণনা কৰা এগৰাকী মহিলা। হেলেনক ট্ৰয়ৰ হেলেন,১২ বা স্পাৰ্টাৰ হেলেন,৩ আৰু লেটিন ভাষাত হেলেনা বুলিও জনা যায়৷৪ তেওঁক জিউছ আৰু লেডা বা নেমেছিছৰ কন্যা আৰু ক্লাইটেমনেষ্ট্ৰা, কেষ্টাৰ আৰু পলাক্স, ফিল’ন’, ফ’বি আৰু টিমান্দ্ৰাৰ ভগ্নী বুলি বিশ্বাস কৰা হৈছিল। হেলনৰ প্ৰথমে স্পাৰ্টাৰ ৰজা মেনেলাছৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু হাৰ্মাইনীৰ আৰু অন্য কিছুমানৰ মতে নিকোষ্ট্ৰাটাছক জন্ম দিয়ে।" পৰৱৰ্তী সময়ত ট্ৰয়ৰ পেৰিছৰ সৈতে তেওঁৰ বিবাহ ট্ৰজান যুদ্ধৰ আটাইতকৈ তাৎক্ষণিক কাৰণ আছিল।
তেওঁৰ কল্পিত জীৱনীৰ উপাদানসমূহ এৰিষ্টোফেনিছ, চিচেৰো, ইউৰিপিডিছ, আৰু হোমাৰৰ (ইলিয়াড আৰু ওডিছী) দৰে ধ্ৰুপদী লেখকৰ পৰা আহৰণ কৰা হৈছে। ভাৰ্জিলৰ এনেইডৰ দ্বিতীয় কিতাপত তেওঁৰ কাহিনী পুনৰ আবিৰ্ভাৱ হয়। যৌৱনত তেওঁক থিছিয়াছে অপহৰণ কৰিছিল। বিবাহ অনুষ্ঠানত তেওঁৰ বিবাহ প্ৰাৰ্থী সকলৰ মাজত হোৱা প্ৰতিযোগিতাত মেনেলাছে বিজয়ী হৈছিল৷ এই প্ৰতিযোগিতাৰ সকৱো প্ৰাৰ্থীয়ে শপত খাব লাগিছিল (যাক টিণ্ডেৰিয়াছৰ শপত বুলি জনা যায়) যে যদিহে হেলেনক কেতিয়াবা তেওঁৰ পৰা চুৰি কৰা হয় তেতিয়া বিজয়ী প্ৰাৰ্থীজনক সকলোৱে সামৰিক সহায় আগবঢ়াব লাগিব। শপতৰ বাধ্যবাধকতাই ট্ৰজান যুদ্ধৰ সূচনা কৰিছিল। পৰৱৰ্তী সময়ত হেলেন হেলেনে পেৰিছৰ প্ৰেমত পৰিছিল আৰু স্বেচ্ছাই তেওঁৰ সৈতে ট্ৰয়লৈ গৈছিল যদিও তেওঁক বলপূৰ্বক অপহৰণ কৰাৰ কাহিনীও পোৱা যায়।
তথ্যসূত্ৰ
- ↑ Galt. (1837). The Complete Works of Lord Byron. Baudry's European Library. পৃ. 553
- ↑ Lang, Andrew. (1892). Helen of Troy. Library of Alexandria. পৃ. Title page. ISBN 978-1465600868
- ↑ Benjamin, S.G.W. (1880). Troy: Its Legend, History and Literature. C. Scribner's sons. পৃ. v
- ↑ Smith. (1870). A Dictionary of Greek and Roman Biography and Mythology. Little, Brown, and Company. পৃ. 370
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলেন” প্ৰবন্ধৰ সংশোধন ৪৮০১৩৯ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।