থেলিয়া (/ˈθeɪliə/১ বা /θəˈlaɪə/;২ প্ৰাচীন গ্ৰীক: Θάλεια থালেইয়া, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ: "আনন্দময়, প্ৰচুৰতা") গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা। তেওঁৰ নামটো প্ৰাচীন গ্ৰীক ভাষাৰ থেলেইন (θάλλειν thállein) শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "ফুলিবলৈ ধৰা, সেউজীয়া হোৱা"।
কিংবদন্তি

হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত থেলিয়াক অন্যতম হিচাপে উল্লেখ কৰা হৈছে।৩
কিছুমান বিৱৰণীত থেলিয়া তেওঁৰ ভগ্নী চাইমোড'চ, নেছাইয়া আৰু স্পিঅ'ৰ সৈতে লগ লাগি চাইৰিনৰ যাত্ৰী দলটোৰ অন্যতম নিম্ফ সদস্য আছিল৷৪ পিছলৈ তেওঁলোক চাৰিও গৰাকীয়ে তেওঁলোকৰ অন্য ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক ইনিয়াছ আৰু তেওঁৰ দলটোক সামুদ্ৰিক ধুমুহাৰ সময়ত সহায় কৰিবলৈ সক্ষম হৈছিল।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Home: Oxford English Dictionary
- ↑ Definition of THALIA
- ↑ Homer, Iliad 18.39
- ↑ Virgil, Georgics 4.338
- ↑ Virgil, Aeneid 5.826
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেলিয়া (নেৰেইড)” প্ৰবন্ধৰ সংশোধন ৬২০৭৬৫ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।