অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

থেস্পিয়া (শ্ৰুতিকথা)

থেস্পিয়া (প্ৰাচীন গ্ৰীক: Θέσπια, ইংৰাজী: Thespia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। এপ'ল'ই তেওঁক থেস্পিয়া (থিবিছৰ পশ্চিমে থকা চহৰ)লৈ অপহৰণ কৰি নিছিল আৰু চহৰখনৰ নাম হয়তো তেওঁৰ নামেৰে ৰখা হৈছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

থেস্পিয়া (প্ৰাচীন গ্ৰীক: Θέσπια,১ ইংৰাজী: Thespia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।২ এপ'ল'ই তেওঁক থেস্পিয়া (থিবিছৰ পশ্চিমে থকা চহৰ)লৈ অপহৰণ কৰি নিছিল আৰু চহৰখনৰ নাম হয়তো তেওঁৰ নামেৰে ৰখা হৈছিল।৩৪

পৰিয়াল

থেস্পিয়া পেলাছগাছ (পেলাগন৫), ইছমেনাছ, কালচিছ, ছালেমিছ, এজিনা, কৰ্চাইৰা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, এছ'পিছ, চাইনোপে, অৰ্নিয়া২ আৰু হাৰ্পিনাৰ ভগ্নী আছিল।৬ কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।৭

চহৰৰ নাম

পাউছানিয়াছত (Pausanias) উল্লেখ কৰিছে যে থেস্পিয়া আচ′পাছৰ কন্যা আছিল আৰু তেওঁৰ নাম অনুসৰিয়েই চহৰখনৰ নাম দিয়া হৈছিল, আন কিছুমানে উৎস মতে ইৰেকথিউছৰ বংশধৰ থেস্পিয়াছ এথেন্সৰ পৰা আহিছিল আৰু তেওঁৰ নামেৰে চহৰখন নামাকৰণ কৰা হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Richmond, Henry J. (1905). The Pronunciation of Greek and Latin Proper Names in English. George Wahr. পৃ. 32. ISBN 9780857927866
  2. ↑ Diodorus Siculus, 4.72.1
  3. ↑ Pausanias, 9.26.6
  4. ↑ Thespia. Theoi Project
  5. ↑ Apollodorus, 3.12.6
  6. ↑ Diodorus Siculus, 4.73.1
  7. ↑ Scholia Vict. ad হোমাৰ ইলিয়াড, 14.291; Strabo, 10 p. 447

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেস্পিয়া (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯৭৯২১ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।