থেটিছ (/ˈθiːtɪs/ বা /ˈθetɪs/; প্ৰাচীন গ্ৰীক: Θέτις, ইংৰাজী: Thetis) গ্ৰীক শ্ৰুতিকথাৰ বিভিন্ন পৌৰাণিক ভূমিকা থকা এক উল্লেখনীয় চৰিত্ৰ। তেওঁক মূলতঃ প্ৰাচীন সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ অন্যতম সাগৰীয় দেৱী আৰু নিম্ফ হিচাপে গণ্য কৰা হয়।১
ধ্ৰুপদী কাহিনীত থেটিছক নেৰেইড বুলি বৰ্ণনা কৰা হয় আৰু তেওঁক নেৰিয়াছ আৰু ড'ৰিছৰ কন্যা বুলি কোৱা হয়৷২ তেওঁ টেথিছৰ নাতিনীয়েক আছিল আৰু টেথিছৰ সৈতে তেওঁৰ বহু বৈশিষ্ট্যৰ মিল দেখা যায়। তেওঁ প্ৰায়ে নেৰেইডসকলক নেতৃত্ব দিয়ে আৰু তেওঁলোকে তেওঁৰ কামবোৰত গুৰুত্ব দিয়ে। কেতিয়াবা তেওঁক মেটিছৰ সৈতেও চিনাক্ত কৰা হয়।
কিছুমান সূত্ৰৰ মতে তেওঁ মৌখিক পৰম্পৰা আৰু তথ্য উপলভ্য নোহোৱা প্ৰাচীন গ্ৰীচত পূজা কৰা আদিম দেৱীসকলৰ ভিতৰত অন্যতম বুলিও কোৱা হয়৷ তেওঁৰ পূজাৰ প্ৰমাণ এটা প্ৰাৰম্ভিক এলকমেন গীতত পোৱা যায় আৰু তাত থেটিছক বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হিচাপে অভিহিত কৰিছে। পৌছানিয়াছৰ দৰে ঐতিহাসিক লেখকে কিছুমান অঞ্চলত দেৱী হিচাপে থেটিছক পূজা কৰাৰ তথ্য নথিভুক্ত কৰিছে।
ট্ৰ'জান যুদ্ধৰ শ্ৰুতিকথাত থেটিছ আৰু গ্ৰীক নায়ক পেলিয়াছৰ বিয়া যুদ্ধৰ এক অন্যতম ক্ষন্তেকীয়া পৰিঘটনা আছিল আৰু ইয়েই তেওঁলোকৰ সন্তান একিলিছৰ জন্মৰ সূচনা কৰিছিল।
তেওঁৰ এটা উপনাম আছিল হেল′ছিডনে (Halosydne) অৰ্থাৎ "সাগৰত পুষ্টি লাভ কৰা" বা "সাগৰত জন্মগ্ৰহণ কৰা" দেৱী।৩
তথ্যসূত্ৰ
- ↑ Nereus: Sea-God, the Old Man of the Sea | Greek mythology, w/ pictures. Theoi.com
- ↑ Hesiod, Theogony 240 ff.; her mother was Thalassa according to Lucian, Dialog of the Sea Gods, 11, 2
- ↑ A Dictionary of Greek and Roman biography and mythology, Halosydne
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেটিছ” প্ৰবন্ধৰ সংশোধন ৪৯৩২০৩ (১৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।