অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নেচাৰেল হিষ্ট্ৰি

নেচাৰেল হিষ্ট্ৰি (লেটিন: Naturalis Historia) হৈছে প্লিনি দ্য এল্ডাৰৰ দ্বাৰা ৰচিত এখন লেটিন ভাষাৰ গ্ৰন্থ। ৰোমান সাম্ৰাজ্যৰ পৰা আধুনিক যুগলৈকে বৰ্তি থকা আটাইতকৈ ডাঙৰ একক গ্ৰন্থ৷ এই গ্ৰন্থখনত বিভিন্ন প্ৰাচীন লেখকৰ পৰা সংগ্ৰহ কৰা তথ্য সংকলন কৰা হৈছে।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নেচাৰেল হিষ্ট্ৰি (লেটিন: Naturalis Historia) হৈছে প্লিনি দ্য এল্ডাৰৰ দ্বাৰা ৰচিত এখন লেটিন ভাষাৰ গ্ৰন্থ। ৰোমান সাম্ৰাজ্যৰ পৰা আধুনিক যুগলৈকে বৰ্তি থকা আটাইতকৈ ডাঙৰ একক গ্ৰন্থ৷ এই গ্ৰন্থখনত বিভিন্ন প্ৰাচীন লেখকৰ পৰা সংগ্ৰহ কৰা তথ্য সংকলন কৰা হৈছে। গ্ৰন্থখনৰ শিৰোনাম প্ৰাকৃতিক ইতিহাস যদিও ইয়াৰ বিষয়বস্তু আজিৰ প্ৰাকৃতিক ইতিহাসৰ মাজতে সীমাবদ্ধ নহয়; প্লিনিয়ে নিজেই তেওঁৰ পৰিসৰক "প্ৰাকৃতিক জগত বা জীৱন" বুলি সংজ্ঞায়িত কৰিছে।১ ইয়াৰ পৰিসৰ বিশ্বকোষীয় যদিও ইয়াৰ গঠন আধুনিক বিশ্বকোষৰ দৰে নহয়। এইখনেই হৈছে প্লিনিৰ একমাত্ৰ গ্ৰন্থ যিখন তেওঁ প্ৰকাশ কৰা শেষ গ্ৰন্থ আৰু যিখনৰ এতিয়াও অস্তিত্ব আছে। তেওঁ ৭৭ খ্ৰীষ্টাব্দত প্ৰথম ১০খন গ্ৰন্থ প্ৰকাশ কৰিছিল যদিও ৭৯ খ্ৰীষ্টাব্দত ভেছুভিয়াছৰ বিস্ফোৰণৰ তেওঁৰ মৃত্যুৰ সময়লৈকে বাকী থকা গ্ৰন্থসমূহৰ চূড়ান্ত পুনৰীক্ষণ কৰা নাছিল। বাকীখিনি মৰণোত্তৰভাৱে প্ৰকাশ কৰিছিল প্লিনিৰ ভতিজা প্লিনি দ্য ইয়ংগাৰে।

১০ খণ্ডত সংগঠিত এই গ্ৰন্থখন ৩৭খন গ্ৰন্থত বিভক্ত। এইবোৰে জ্যোতিৰ্বিজ্ঞান, গণিত, ভূগোল, নৃতাত্ত্বিক, নৃতত্ত্ব, মানৱ শৰীৰবিজ্ঞান, প্ৰাণীবিজ্ঞান, উদ্ভিদ বিজ্ঞান, কৃষি, উদ্যান শস্য, ঔষধ বিজ্ঞান, খনি, খনিজ বিজ্ঞান, ভাস্কৰ্য্য, শিল্প, আৰু বহুমূলীয়া শিলকে ধৰি বিভিন্ন বিষয়সমূহ সামৰি লয়।২

ইয়াৰ বিষয়বস্তুৰ বিস্তৃতি, মূল লেখকৰ উল্লেখ আৰু সূচকাংকৰ ফলত প্লিনিৰ প্ৰাকৃতিক ইতিহাস পৰৱৰ্তী বিশ্বকোষ আৰু বিদ্বান গ্ৰন্থৰ বাবে আৰ্হিত পৰিণত হৈছে।

অনুবাদ

১৬০১ চনত ফিলেমন হলণ্ডে এই গ্ৰন্থখনৰ বহুখিনি ইংৰাজীলৈ অনুবাদ কৰিছিল।৩ জন বষ্টক আৰু এইচ টি ৰাইলে ১৮৫৫ চনত গ্ৰন্থখনৰ সম্পূৰ্ণ অনুবাদ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Natural History I:13
  2. ↑ Healy, 2004. p. xix, citing Pliny's Preface, 6: "It is written for the masses, for the horde of farmers and artisans"
  3. ↑ Holland, Philemon. (1601). The Historie of the World, Commonly called, The Naturall Historie of C. Plinius Secundus. University of Chicago
  4. ↑ Bostock, John; Riley, H. T. (1855). Pliny the Elder, The Natural History. Perseus at Tufts

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থগ্ৰীক কিংবদন্তিৰোমান শ্ৰুতিকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেচাৰেল হিষ্ট্ৰি” প্ৰবন্ধৰ সংশোধন ৪৭৮৭২৬ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।