এজিনা (/iˈdʒaɪnə/; প্ৰাচীন গ্ৰীক: αἴγινα, ইংৰাজী: Aegina) গ্ৰীক শ্ৰুতিকথা এজিনা নামৰ আট্টিকা আৰু পেল'পনেছ'ছৰ মাজৰ থকা দ্বীপৰ নিম্ফ। দ্বীপটোত থকা "অদৃশ্য দেৱী" আফেয়াৰ আৰ্কাইক মন্দিৰটো পিছলৈ এথেনাৰ পূজাৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল। এফায়া (Aphaia (ἀφαῖα)) শব্দটো এজিয়াৰ এটা বৈশিষ্ট্য হিচাপে পঢ়িব পাৰি৷ এই শব্দটো এজিয়াৰ এটা উপনাম, বা দেৱীৰ প্ৰতিৰূপ হিচাপে গণ্য কৰা হয়৷
পৰিয়াল
এজিনাক ক্ৰিটেন আমালথিয়াৰ দৰে ছাগলীৰ নিম্ফ হিচাপে জনা যায়১ যদিও নদী-দেৱতা আছ'পাছ আৰু নিম্ফ মেট'পৰ কন্যা হিচাপে তেওঁক এক মূল ভূখণ্ডৰ সৈতে পৰিচিত কৰা হৈছিল;২ তেওঁলোকৰ বাৰগৰাকী বা বিশগৰাকী কন্যাৰ, ভিতৰৰ বহুতকে এপ'ল' বা জ্যুচৰ দ্বাৰা অপহৰণ কৰা হৈছিল। এজিনাৰ কমেও দুজন সন্তান আছিল: এক্টৰৰ দ্বাৰা মেনোইটিয়াছ, আৰু জ্যুছৰ দ্বীৰা এয়াকাছ, দুয়োজনেই পিছলৈ ৰজা হৈছিল। মেনোইটিয়াছৰ সৈতে বিবাহত বহা ডেমক্ৰেটিয়াও জ্যুছৰ নিজৰ কন্যা বুলি কোৱা হয়।৩
মৰ্ত্যৰ পুত্ৰ মেনোইটিয়াছ অপাছৰ ৰজা আছিল, আৰু আৰ্গনাউটৰ মাজৰ এজন বুলি গণ্য কৰা হৈছিল। তেওঁৰ পুত্ৰ আছিল পেট্ৰ’ক্লাছ, একিলিছৰ প্ৰথম প্ৰজন্মৰ ভাতৃ এজিনাৰ সৈতে তেওঁলোকৰ পিতৃত্বৰ পৰিয়ালৰ সংযোগৰ জৰিয়তে এবাৰ আঁতৰোৱা হৈছিল আৰু তেওঁৰ অন্তৰংগ সংগী আছিল।
পুত্ৰ এয়াকাছ অমৰ আছিল আৰু এজিনা দ্বীপৰ ৰজা হৈছিল আৰু ট্ৰয়ৰ দেৱাল নিৰ্মাণত প'জাইডন আৰু এপ'ল'ক সহায় আগবঢ়াইছিল বুলি জনা গৈছিল। তেওঁৰ ফালৰ পৰা এজিনা এয়াকাছৰ পুত্ৰ পেলিয়াছৰ পুত্ৰ একিলিছৰ আইতাক আছিল।
এটা সংস্কৰণত এজিনাক এৰেছে চাইন’পৰ মাতৃ বুলিও কোৱা হৈছিল।৪ নাইবা তেওঁলোক দুয়ো আছ'পাছৰ কন্যা আছিল, সেইদিশৰ পৰা তেওঁৰ ভনীয়েক আছিল।৫
কিংবদন্তি
এপ'ল'ড'ৰাছ আৰু পিণ্ডাৰৰ মতে, এজিনাক জ্যুছে অপহৰণ কৰিছিল, অভিদে লগতে কয় যে তেওঁ তেওঁক শিখালৈ ৰূপান্তৰ কৰিছিল; তেওঁ তাৰ পিছত তেওঁক আট্টিকাৰ ওচৰৰ অ'নন (Oenone) এটা দ্বীপলৈ লৈ গৈছিল৷ পিছলৈ এই দ্বীপটোৰ নাম এজিনাৰ নামেৰে এজিনা বুলি জনাজাত হয়। এজিনাৰ পিতৃ আছ’পাছে তেওঁলোকৰ পিছে পিছে খেদি ফুৰিছিল আৰু সন্ধান কৰি কৰি তেওঁ কৰিন্থৰ ৰজা ছিচিফাছৰ ওচৰ পালেগৈ। ছিচিফাছে ওচৰৰ দ্বীপ এটালৈ এটা ডাঙৰ চৰায়ে এজনী কুমাৰী ছোৱালী কঢ়িয়াই লৈ যোৱা দেখি আছ’পাছক অৱগত কৰিলে। আছ’পাছে তেওঁলোকৰ পিছে পিছে খেদি গৈছিল যদিও জ্যুছে নিজৰ বজ্ৰপাতেৰে তেওঁলোকক আক্ৰমণ কৰি তললৈ পেলাই দিছিল আৰু আছ’পাছক নিজৰ পানীলৈ ঘূৰাই পঠিয়াইছিল। অৱশেষত এজিনাই এয়াকাছক জন্ম দিয়া আৰু এয়াকাছ পিছলৈ দ্বীপটোৰ ৰজা হয়।
জ্যুছৰ পত্নী হীৰা এজিনাৰ প্ৰতি জ্যুছৰ প্ৰেম দেখি ঈৰ্ষাপৰায়ণ হৈ উঠে আৰু প্ৰতিশোধ স্বৰূপে এজিনা দ্বীপলৈ প্লেগ মহামাৰী পঠিয়াই চহৰখন জনশূণ্য কৰি পেলায়, তেতিয়া ৰজা এয়াকাছে এজোপা অক গছত থকা পৰুৱাবোৰ মানুহলৈ মানুহলৈ ৰূপান্তৰিত কৰি তেওঁৰ ৰাজ্য পুনৰ দখল কৰে৷ এই দৰেই অক গছৰ পৰুৱাৰ পৰা মাইৰমিডনবোৰ সৃষ্টি কৰা হৈছিল বুলি কোৱা হয়।
তথ্যসূত্ৰ
- ↑ Compare Aegis, Aegeus, Aigai "place of goats", etc
- ↑ Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃ. 7–8. ISBN 9780874365818
- ↑ Pythaenetos, quoting the scholiast on Pindar, Olympian Odes 9.107
- ↑ Scholia on Apollonius Rhodius, 2.946
- ↑ Diodorus Siculus, 4.72.1 & 5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এজিনা (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩১৩৮৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।