অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

একিলিছ

গ্ৰীক কিংবদন্তিমতে একিলিছ (Achilles) (Ἀχιλλεύς, Akhilleus, ) হৈছে ট্ৰ'জান যুদ্ধৰ এজন নায়ক আৰু হোমাৰৰ ইলিয়াদৰ শ্ৰেষ্ঠ যোদ্ধা। একিলিছক এজন উপদেৱতাৰূপে গণ্য কৰা হয়; তেওঁৰ মাক থেটিছ আছিল এগৰাকী পৰী আৰু দেউতাক পেলিয়াছ আছিল মাইৰমিডনৰ ৰজা।

হালনাগাদ: ১২ মে’ ২০২০ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

গ্ৰীক কিংবদন্তিমতে একিলিছ (Achilles) (Ἀχιλλεύς, Akhilleus, ) হৈছে ট্ৰ'জান যুদ্ধৰ এজন নায়ক আৰু হোমাৰৰ ইলিয়াদৰ শ্ৰেষ্ঠ যোদ্ধা। একিলিছক এজন উপদেৱতাৰূপে গণ্য কৰা হয়; তেওঁৰ মাক থেটিছ আছিল এগৰাকী পৰী আৰু দেউতাক পেলিয়াছ আছিল মাইৰমিডনৰ ৰজা।১

একিলিছক তেওঁৰ মাতৃয়ে অমৰ কৰাৰ মানসেৰে ষ্টাইক্স নদীত ডুবাই দিছিল। এই কাৰ্যত একিলিছৰ শৰীৰ শক্তিশালী হৈ পৰে, কিন্তু মাকে ভৰিৰ গেৰোহাত ধৰি ৰখাৰ বাবে সেই অংশটো দুৰ্বল হৈ থাকি যায়।২ ট্ৰয়ৰ বিৰুদ্ধে যুঁজখনত একিলিছে ১২ খন কাষৰীয়া নগৰ দখল কৰিছিল। কিন্তু পিছলৈ ৰজা আগামেম্ননৰ (Agamemnon) লগত একিলিছৰ মনোমালিন্য হয় আৰু তেওঁ আৰু যুদ্ধ নকৰাৰ ঠিৰাং কৰে। তেওঁ সম্বন্ধীয়া ভায়েক পেট্ৰ'ক্লুছক নিজৰ বৰ্মখিনি পিন্ধি যুদ্ধ কৰাৰ অনুমতি দিয়ে। ট্ৰয়ৰ ৰাজকুমাৰ হেক্টৰে (Hector) পেট্ৰ'ক্লুছক হত্যা কৰাৰ পিছত একিলিছ যুঁজলৈ উভতে। তেওঁ হেক্টৰক হত্যা কৰি ট্ৰয়ৰ চাৰিওফালে মৃতদেহটো চোঁচৰাই ফুৰায়। হোমাৰে একিলিছৰ অন্তেষ্টিক্ৰিয়াৰ উল্লেখ কৰিছে যদিও মৃত্যুৰ সবিশেষ প্ৰকাশ কৰা নাই। পিছৰ কালৰ গ্ৰীক কবি আৰ্কটিনাছৰ (Arctinus) ৰচনাত পোৱা যায় যে হেক্টৰৰ ভায়েক পেৰিছে ভৰিৰ একিলিছৰ ভৰিৰ গেৰোহালৈ কাঁড় নিক্ষেপ কৰি তেওঁক হত্যা কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Aeschylus, Prometheus Bound 755–768; Pindar, Nemean 5.34–37, Isthmian 8.26–47; Poeticon astronomicon (ii.15)
  2. ↑ Burgess, Jonathan S. (2009). The Death and Afterlife of Achilles. Johns Hopkins University Press. পৃ. 9. ISBN 0-8018-9029-2
  3. ↑ (2013). Britannica Reference Encyclopedia. Encyclopaedia Britannica Inc. পৃ. 4

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একিলিছ” প্ৰবন্ধৰ সংশোধন ২২৬৮৫৩ (১২ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।