নাইয়াড (/ˈnaɪædz, ˈneɪædz, -ədz/; প্ৰাচীন গ্ৰীক: ναϊάδες, ইংৰাজী: Naiad; কেতিয়াবা হাইড্ৰিয়াড (hydriads)১ বুলিও কোৱা হয়) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এক প্ৰকাৰৰ নাৰী আত্মা বা নিম্ফ৷ তেওঁলোকক ফোয়াৰা, নাদ, জান, নৈ, জুৰি আৰু অন্যান্য মিঠা পানীৰ জলাশয়ৰ দেৱী বুলি গণ্য কৰা হয়।
শ্ৰুতিকথাত নদীৰ মূৰ্ত ৰূপ দিয়া নদী দেৱতা সকল আৰু আৰ্গোলিছৰ প্ৰাক-মাইচেনিয়ান লেৰ্নাৰ দৰে জলাশয়, পুখুৰী আৰু লেগুন-হ্ৰদৰ শান্ত পানীত বাস কৰা অতি প্ৰাচীন আত্মাবোৰৰ সৈতে তেওঁলোক একে নহয়৷
কিংবদন্তি
নাইয়াডবোৰ প্ৰায়ে প্ৰাচীন স্থানীয় সংস্কৃতিৰ বিষয় আছিল৷ তেওঁলোকক মানুহৰ বাবে অপৰিহাৰ্য বুলি পূজা কৰা হৈছিল। বয়স বৃদ্ধিৰ অনুষ্ঠানত ল’ৰা-ছোৱালীয়ে নিজৰ শৈশৱৰ তলাবোৰ বসন্তৰ স্থানীয় নাইয়াদৰ বাবে উৎসৰ্গা কৰিছিল। লেৰ্নাৰ দৰে ঠাইত তেওঁলোকৰ পানীৰ ৰীতি-নীতি, পৰিষ্কাৰ-পৰিচ্ছন্নতাক যাদুকৰী চিকিৎসা গুণৰ কৃতিত্ব দিয়া হৈছিল। তাত জীৱ-জন্তুবোৰক পৰম্পৰাগত অনুষ্ঠান কৰি উটুৱাই দিয়া হৈছিল।
নাইয়াড বিপজ্জনকো হ’ব পাৰে: আৰ্গোৰ দলৰ হাইলাছ নিৰুদ্দেশ হৈছিল৷ তেওঁক তেওঁৰ সৌন্দৰ্য্যত মুগ্ধ হোৱা নাইয়াডসকলে লৈ গৈছিল। নাইয়াদসকলে ঈৰ্ষাৰ প্ৰৱণতা প্ৰদৰ্শন কৰা বুলিও বিশ্বাস কৰা হৈছিল। থিয়ক্ৰিটাছৰ নাইয়াড ঈৰ্ষাৰ কাহিনী এনে এটা কাহিনী৷ কাহিনী অনুসৰি ডাফিনিছ নামৰ এজন ভেড়াৰখীয়া নমিয়া বা ইচেনাইছৰ প্ৰেমিক আছিল; ডাফনিছে কেইবাবাৰো নমিয়াৰ প্ৰতি অবিশ্বাসী হৈছিল আৰু প্ৰতিশোধ হিচাপে তেওঁ তেওঁক স্থায়ীভাৱে অন্ধ কৰি পেলাইছিল। নিম্ফ ছালমাচিছে হাৰ্মাফ্ৰডিটাছক ধৰ্ষণ কৰিছিল আৰু হাৰ্মাফ্ৰডিটাছ পলাবলৈ চেষ্টা কৰোতে তেওঁৰ দেহত বিলীন হৈ গৈছিল।
বিশেষ ঋতুৰ সৈতে জড়িত এই জল অপেশ্বৰী সকলক সমগ্ৰ ইউৰোপতে গ্ৰীচৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নথকা ঠাইত জনা গৈছিল, উত্তৰ-পশ্চিম ইউৰোপৰ চেল্টক কূপবোৰ তেওঁলোকক পুনৰ উৎসৰ্গিত কৰা হৈছিল আৰু তেওঁলোকক মধ্যযুগীয় মেলুচিনত পোৱা গৈছিল।
ৱালটাৰ বাৰ্কাৰ্টৰ মতে যেতিয়া জ্যুছে মাউণ্ট অলিম্পাছত দেৱতাসকলক একত্ৰিত হ’বলৈ মাতে, তেতিয়া কেৱল সুপৰিচিত অলিম্পিয়ানসকলেই নহয়, সকলো নিম্ফ আৰু সকলো নদীও উপস্থিত আছিল; কেৱল অকিয়ানোছ নিজৰ আৱাসত আছিল", গ্ৰীক শ্ৰোতাসকলে এই কাহিনীক অতিৰঞ্জিত বুলি গণ্য কৰিছিল৷
তথ্য সংগ্ৰহ
- 2.95, 2.11, 2.21, 2.23, 1.61, 1.81, 1.7.6
- হোমাৰ. ওডিছী 13.355, 17.240, ইলিয়াড 14.440, 20.380
- Ovid. Metamorphoses
- Hesiod. থিঅ'গনি
- Burkert, Walter, Greek Religion, Harvard University Press, 1985. .
- Robert Graves, The Greek Myths 1955
- Edgar Allan Poe, "Sonnet to Science" 1829
তথ্যসূত্ৰ
- ↑ Postgate, J. P. (1897). On the Alleged Confusion of Nymph-Names. Appendix. The American Journal of Philology. পৃ. 74–75
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইয়াড” প্ৰবন্ধৰ সংশোধন ৫৭১৩৮৪ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।