অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এথেনা

আথেনা, এথেনা, আথেনে বা পাল্লাছ (Athena) হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়।

হালনাগাদ: ১৭ জুলাই ২০২৬ ৯৮৬ শব্দ · ৫ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আথেনা, এথেনা, আথেনে বা পাল্লাছ (Athena) হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী।১ তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়। তেওঁক গ্ৰীচৰ বিভিন্ন নগৰ, বিশেষকৈ এথেন্সৰ অধিষ্ঠাত্ৰী আৰু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা হয় আৰু খুব সম্ভৱ সেইবাবেই তেওঁ এথেনা নাম পায়। শিল্পকলাসমূহত এথেনাক শিৰোস্ত্ৰাণ পৰিধান কৰা অৱস্থাত হাতত এডাল যাঠীৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁৰ প্ৰধান চিহ্নসমূহ হৈছে ফেঁচা, জলফাইৰ গছ, সাপ আৰু গৰ্গনৰ শিৰ।

কোনো বিশেষ স্থানৰ ৰক্ষাকৰ্তা এজিয়ান মূলৰ দেৱী হিচাপে এথেনাৰ নাম এথেন্সৰ সৈতে জড়িত হৈ আছে। তেওঁক প'লিয়াছ আৰু প'লিয়াক'ছ (অৰ্থাৎ চিটি-ষ্টেট বা নগৰ-ৰাজ্য) নামেৰেও জনা যায়। এথেনাৰ মন্দিৰসমূহ নগৰৰ মধ্যভাগত দুৰ্গৰে পৰিৱেষ্টিত এক্ৰ'প'লিছত অৱস্থিত। এথেনিয়ান এক্ৰ'প'লিছৰ পাৰ্থেননৰ লগতে বিভিন্ন মন্দিৰ আৰু স্থাপত্য এথেনাৰ প্ৰতি উচৰ্গিত। কুটীৰ শিল্প আৰু বোৱা-কটাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে তেওঁ আৰ্গেন নামেৰেও পৰিচিত। এথেনা এগৰাকী সমৰ দেৱী আৰু এই কথা বিশ্বাস কৰা যায় যে তেওঁ সৈনিকসকলক যুদ্ধলৈ নেতৃত্ব দি আগবঢ়াই নিয়ে। পেনাথেনিয়া হৈছে এথেনাৰ প্ৰতি উৎসৰ্গিত প্ৰধান উৎসৱ আৰু এথেনিয়ান দিনপঞ্জী অনুসৰি এই উৎসৱ গ্ৰীষ্মকালৰ মাজভাগত পালন কৰা হয়।

আখ্যানসমূহ

জন্ম

এথেনা হৈছে জ্যুচৰ দুহিতা আৰু কোনো মাতৃৰ অবিহনেই জন্ম হৈ এথেনাই জ্যুচৰ কপালৰপৰা পূৰ্ণাংগ ৰূপত নিৰ্গত হয়। অন্য এক কাহিনী অনুসৰি দেৱী মেটিছ গৰ্ভৱতী অৱস্থাত থাকোঁ‌তেই জ্যুচে তেওঁক উদৰস্থ কৰে আৰু অৱশেষত এথেনা জ্যুচৰ শৰীৰৰপৰা নিৰ্গত হয়। জ্যুচৰ প্ৰিয় দুহিতা হোৱাৰ হেতুকে এথেনা যথেষ্ট শক্তিশালী আছিল।

ধ্ৰুপদী পেন্থিয়নত (ধৰ্মবিশ্বাস) জ্যুচৰ কপালৰপৰা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত অৱস্থাত নিৰ্গত হোৱা এথেনাক জ্যুচৰ প্ৰিয় দুহিতা হিচাপে গণ্য কৰা হৈছিল।২৩৪ এথেনাৰ জন্ম কাহিনীৰ বিভিন্ন সংস্কৰণ পোৱা যায়।৫৬৭ ইলিয়াডৰ পঞ্চম খণ্ডত পোৱা উল্লেখেই আটাইতকৈ পুৰণি বুলি ধৰা হয় য'ত এৰিচে জ্যুচৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগ আনিছে কিয়নো তেওঁ এথেনাৰ পিতৃ। ৮৯ এথেনা নগৰীয়া স্বভাৱশৈলীৰ হোৱাৰ লগতে সুসভ্যও যি বৰ্হিভাগৰ দেৱী আৰ্টিমিচৰপৰা বহু পৰিমাণে ভিন্ন। সম্ভৱতঃ তেওঁ এগৰাকী প্ৰাক-হেলেনিক দেৱী যাক পৰৱৰ্ত্তী কালত গ্ৰীকসকলেও মান্যতা প্ৰদান কৰে। হেচিঅ'ডৰ থিয়'গ'নিত বৰ্ণিত কাহিনী অনিসৰি,দেৱতা আৰু মৰণশীল লোকসকলৰ মাজত সবাতোকৈ জ্ঞানী মেটিচ আৰু জ্যুচ বিবাহপাশত আৱদ্ধ হয় আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰে।১০১১১২১৩ মেটিচ গৰ্ভৱতী হোৱাৰ পিছত জ্যুচ নিজৰ আসন হেৰুওৱাব লগা হোৱাৰ আশংকাত শংকিত হৈ পৰে কাৰণ গেইয়া আৰু অওৰেনচে এই কথাৰ ভৱিষ্যৎবাণী কৰিছিল যে এই মেটিচৰ সন্তান পিতৃতকৈও জ্ঞানী হ'ব।১০১৪১৫১৬ এই কথাৰ প্ৰতিকাৰৰ অৰ্থে জ্যুচে ছল কৰি মেটিচক উদৰস্থ কৰে যদিও তেওঁ ইতিমধ্যে মেটিচে গৰ্ভধাৰণ কৰে।১০১৭১৮১৯ খ্ৰীষ্টিয় দ্বিতীয় শতিকাত ৰচিত বিবলিঅ'টিকাৰ মতে পতি-পত্নী হোৱাৰ পৰিৱৰ্তে জ্যুচৰ সৈতে মিলনত মেটিচৰ সন্মতি নাছিল২০২১ আৰু জ্যুচৰপৰা হাত সাৰিবলৈ মেটিচে বিভিন্ন ৰূপ লৈছিল।২০২২২০২৩

এথেন্সৰ অধিষ্ঠাত্ৰী দেৱী

সমুদ্ৰৰ অধিপতি প'জাইডন আৰু এথেনাৰ মাজত হোৱা এক প্ৰতিযোগিতাৰ পিছত এথেনা এথেন্স চহৰৰ অধিষ্ঠাত্ৰী দেৱীৰূপে পৰিগণিত হয়।২৪ এথেনিয়ান কেলেণ্ডাৰৰ বৰ্ষসমাপ্তিৰ অনুষ্ঠান, অৰ্থাৎ স্কাইৰাত, এথেনা আৰু প'জাইডনৰ পূজাৰীসকলে ইলুচিছ চহৰত পূজাৰ আয়োজন কৰে।২৫ দুয়ো এথেনিয়ানসকলক একোটাকৈ উপহাৰ দিবলৈ একমত হয় আৰু এই সিদ্ধান্ত লোৱা হয় যে এথেনিয়ানসকলে দুয়োটা উপহাৰৰ মাজত কোনটোক প্ৰাধান্য দিব সেয়া বাছি ল'ব। প'জাইডনে মাটিত ত্ৰিশূলেৰে আঘাত কৰি এটি লুণীয়া পানীৰ সুঁ‌তিৰ জন্ম দিয়ে যি বিশেষ কোনো কামত নাহে। আনহাতে এথেনাই এথেন্সবাসীসকলক জলফাইৰ গছ উপহাৰ দিয়ে আৰু এথেন্সৰ বাসিন্দাসকলে এথেনাক নিজৰ ৰক্ষাকৰ্ত্তা আৰু অধিষ্ঠাত্ৰী দেৱীৰূপে স্বীকাৰ কৰে।

ট্ৰয়ৰ যুদ্ধ

এথেনাৰ সৈতে জড়িত অন্য এক কিংবদন্তি হৈছে পেৰিছৰ ৰায় আৰু ইলিয়াডত এই বিষয়ে চমু বৰ্ণনা আছে। ২৬ এপিক চাইকলৰ চাইপ্ৰিয়া নামৰ কাব্যাংশত এই বিষয়ে বিস্তৃতভাৱে বৰ্ণিত হৈছে। ২৭ এই কাব্যৰ মতে একিলিছৰ পিতৃ-মাতৃৰ বিবাহ অনুষ্ঠানত সকলো দেৱ-দেৱী আৰু বহুসংখ্যক মানৱক নিমন্ত্ৰণ দিয়া হয়। ২৮ কেৱল কন্দলৰ দেৱী ইৰিছে এই নিমন্ত্ৰণ নাপায়। ২৯ এই কথাত ক্ষুণ্ণ হৈ ইৰিছে দেৱীসকলৰ ফালে এটা সোণালী আপেল দলিয়াই দিয়ে য'ত লিখা আছিল "সবাতোকৈ সুন্দৰীগৰাকীৰ বাবে।" ৩০ এফ্ৰোডাইটি, হীৰা আৰু এথেনা তিনিও প্ৰত্যেকে নিজকে সবাতোকৈ সুন্দৰী বুলি দাবী কৰি এই আপেলটোৰ ওপৰত নীতিগত অধিকাৰ সাব্যস্ত কৰিব বিচাৰে। ৩১৩২

আটাইকেইগৰাকী দেৱীয়ে বিষয়টো জ্যুচৰ আগত উত্থাপন কৰে যদিও জ্যুচে কোনোবা এগৰাকী দেৱীক প্ৰাধান্য দিবলৈ নিবিচাৰি পেৰিছ নামৰ ট্ৰয়ৰ এজন ৰাজকুমাৰৰ হাতত বিচাৰৰ ভাৰ অৰ্পণ কৰে। ৩৩৩৪ ইডা পৰ্বতমালাৰ জলধাৰাত স্নান কৰাৰ পিছত তিনিওগৰাকী দেৱী পেৰিছৰ সন্মুখত উপস্থিত হয়। ৩৫ পৌৰাণিক শিল্পসমূহত এফ্ৰোডাইটিক প্ৰায়ে নগ্ন ৰূপত উপস্থাপন কৰাৰ বিপৰীতে এথেনা আৰু হীৰাক সম্পূৰ্ণ বস্ত্ৰৰে আবৃত ৰূপত চিত্ৰায়িত কৰা হৈছে। ৩৬ অৱশ্যে নৱজাগৰণৰ পিছৰ পশ্চিমীয়া চিত্ৰসমূহত তিনিওকে নিৰাভৰণ ৰূপত অংকন কৰা হৈছে। ৩৭

তিনিওগৰাকী দেৱী অতীৱ সুন্দৰী আছিল আৰু সেয়ে পেৰিছে তেওঁলোকৰ মাজৰ এগৰাকীক নিৰ্বাচন কৰিবলৈ সমৰ্থ হোৱা নাছিল। গতিকে তেওঁলোকে উৎকোচৰ সহায় ল'বলগাত পৰে। ৩৮ হীৰাই পেৰিছক সমগ্ৰ এছিয়া আৰু ইউৰোপৰ আধিপত্য প্ৰদান কৰাৰ জৰিয়তে প্ৰলোভিত কৰাৰ চেষ্টা কৰাৰ বিপৰীতে৩৯৪০ এথেনাই তেওঁক যুদ্ধক্ষেত্ৰত খ্যাতি আৰু গৌৰৱ প্ৰদানৰ আশ্বাস দিয়ে। ৪১৪২ কিন্তু এফ্ৰোডাইটিয়ে পেৰিছক কথা দিয়ে যে যদিহে পেৰিছে তেওঁক নিৰ্বাচন কৰে তেন্তে পৃথিৱীৰ সবাতোকৈ সুন্দৰী নাৰীগৰাকীৰ সৈতে বিবাহৰ ব্যৱস্থা কৰিব। ৪৩৪৪ সেই নাৰীগৰাকী আছিল স্পাৰ্টাৰ ৰজা মেনিলাছৰ সহধৰ্মিণী ট্ৰয়ৰ হেলেন। ৪৫ সেইমতে পেৰিছে এফ্ৰোডাইটিকে নিৰ্বাচন কৰি সোণালী আপেলটো প্ৰদান কৰে। ৪৬৪৭ বাকী দুগৰাকী দেৱী এই কথাত ক্ষুণ্ণ হৈ ট্ৰয়ৰ যুদ্ধত গ্ৰীকসকলৰ পক্ষত থিয় দিয়ে। ৪৮৪৯

অন্যান্য

মেডুচাৰ গৰ্গন ৰূপ

খ্ৰীষ্টপূৰ্ব চাৰি শতিকাত নিৰ্মিত মেডুচাৰ মুখাকৃতি
খ্ৰীষ্টপূৰ্ব চাৰি শতিকাত নিৰ্মিত মেডুচাৰ মুখাকৃতিছবি: user:shakko · CC BY-SA 3.0

মেডুচা আছিল এথেনাৰ এথেন্সস্থিত মন্দিৰৰ এগৰাকী সেৱিকা। ৫০ এদিন প'জাইডন কামাসক্ত হৈ মেডুচাক তেওঁৰ কুমাৰীত্বৰ প্ৰতিজ্ঞা ভাঙি এথেনাৰ মন্দিৰৰ ভিতৰতে বলাৎকাৰ কৰে। ৫১৫২ এই কথাৰ সম্ভেদ পাই এথেনাই মেডুচাক চুলিৰ ঠাইত সাপৰ মূৰ থকা এক গৰ্গনলৈ ৰূপান্তৰিত কৰে যাৰ দৃষ্টিত যিকোনো মৰণশীল জীৱ শিলত পৰিণত হয়। ৫৩

টিৰেচিয়াছৰ দৃষ্টিহৰণ

অন্য এক কিংবদন্তি মতে, এদিন এথেনাই হেলিকন পৰ্বতমালাৰ এক জলধাৰাত তেওঁৰ অন্যতম প্ৰিয় সংগী বনদেৱতা (নিম্ফ) চেৰিক্ল'ৰ সৈতে স্নান কৰি আছিল। ৫৪৫৫ সেই সময়তে চিকাৰ কৰিবৰ বাবে অহা চেৰিক্ল'ৰ পুত্ৰ টিৰেচিয়াছে তৃষ্ণাতুৰ হৈ পানীৰ সন্ধানত আহি এথেনাক বিবসনা ৰূপত প্ৰত্যক্ষ কৰে। ৫৬৫৭ সেয়ে এথেনাই নাচাবলগীয়া দৃশ্য পুনৰ নেদেখিবৰ বাবে টিৰেচিয়াছৰ দৃষ্টিশক্তি কাঢ়ি লয়। ৫৮৫৯৬০ চেৰিক্ল'ই পুত্ৰৰ দৃষ্টিশক্তি ঘূৰাই দিবলৈ কাকূতি কৰাত এথেনাই এই বিষয়ে অপাৰগতা প্ৰকাশ কৰি ৬১৬২৬৩৬৪৬৫৬৬ দৃষ্টিশক্তিৰ পৰিৱৰ্তে টিৰেচিয়াছক চৰাই-চিৰিকটিৰ ভাষা বুজি পাই ভৱিষ্যৎবাণী কৰিব পৰাৰ শক্তি প্ৰদান কৰে। ৬৭৬৮৬৯

এৰেকনিৰ প্ৰতিযোগিতা

মিনাৰ্ভা (এথেনা) আৰু এৰেকনি
মিনাৰ্ভা (এথেনা) আৰু এৰেকনিছবি: René-Antoine Houasse · Public domain

এৰেকনি (প্ৰাচীন গ্ৰীক ভাষাৰ অৰ্থ মকৰা)) লিডিয়াৰ বিখ্যাত ৰূপকাৰ হাইপেইপাৰ দুহিতা আৰু এথেনাৰ বোৱা-কটা শিল্পৰ ছাত্ৰী। ৭০ বোৱা-কটাত নিজৰ দক্ষতাৰ ওপৰত এৰেকনি ইমানেই অহংকাৰী হৈ পৰে যে তেওঁ দাবী কৰিবলৈ লয় যে তেওঁৰ বোৱা-কটাৰ কামসমূহ স্বয়ং এথেনাতকৈও ভাল। ৭১৭২ এথেনাই এগৰাকী বৃদ্ধ মহিলাৰ ছদ্মবেশত আহি দেৱ-দেৱীসকলক চেৰাই নাযাবলৈ এৰেকনিক সঁ‌কীয়াই দিয়ে। ৭৩৭৪ এৰেকনিয়ে এই কথাৰ উত্তৰত ব্যংগ কৰে আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ এক প্ৰতিযোগিতাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। ৭৫৭৬

এথেনাই প'জাইডনৰ সৈতে হোৱা প্ৰতিযোগিতাত নিজৰ বিজয়ৰ লগতে৭৭৭৮৭৯ বাৰগৰাকী অলিম্পিয়ান দেৱতা আৰু তেওঁলোকক প্ৰত্যাহ্বান জনোৱা পৌৰাণিক দেৱতা|দানৱ আদিৰ পৰাজয় তেওঁৰ বস্ত্ৰত চিত্ৰিত কৰি তোলে।৮০ আনহাতে এৰেকনিয়ে বস্ত্ৰত দেৱতাসকলৰ অনাচাৰ, জ্যুচৰ ব্যভিচাৰ আৰু মানুহৰ প্ৰতি দেৱতাসকলৰ অবিচাৰ আদিৰ ছবি ফুটাই তোলে। ৮১৮২৮৩৮৪৮০ এথেনাই স্বীকাৰ কৰে যে এৰেকনিৰ কামসমূহ নিখুঁ‌ত। ৮৫৮৬৮৭ কিন্তু এৰেকনিয়ে বাছনি কৰি লোৱা বিষয়বস্তুৱে এথেনাক ক্ৰোধান্বিত কৰি তোলে৮৮৮৯৯০ আৰু অৱশেষত ধৈৰ্য হেৰুৱাই তেওঁ এৰেকনিৰ শালখন আৰু বোৱা কাপোৰসাজ নষ্ট কৰি পেলায়। ৯১৯২৯৩ ইয়াৰ পিছত এথেনাই এৰেকনিৰ মুখত চাৰিবাৰ আঘাত কৰে। ৯৪৯৫৯৬ দুখ আৰু লাজত এৰেকনিয়ে চিপজৰী লয়৯৭৯৮৯৯ যদিও দয়াপৰৱশ হৈ এথেনাই তেওঁক মকৰাৰ ৰূপত পুনৰ্জীৱিত কৰি তোলে। ১০০১০১১০২

তথ্যসূত্ৰ

  1. ↑ Inc, Merriam-Webster. (1995). Merriam-Webster's Encyclopedia of Literature. Merriam-Webster. পৃ. 81]. ISBN 9780877790426
  2. ↑ Kerényi 1951, পৃ. 118–120
  3. ↑ Deacy 2008, পৃ. 17–32
  4. ↑ Penglase 1994, পৃ. 230–231
  5. ↑ Kerényi 1951, পৃ. 118–122
  6. ↑ Deacy 2008, পৃ. 17–19
  7. ↑ Hansen 2004, পৃ. 121–123
  8. ↑ Iliad Book V, line 880
  9. ↑ Deacy 2008, পৃ. 18
  10. ↑ Hesiod, থিঅ'গনি 885-900, 929e-929t
  11. ↑ Kerényi 1951, পৃ. 118–119
  12. ↑ Deacy 2008, পৃ. 18
  13. ↑ Hansen 2004, পৃ. 121–122
  14. ↑ Kerényi 1951, পৃ. 118–119
  15. ↑ Deacy 2008, পৃ. 18
  16. ↑ Hansen 2004, পৃ. 121–122
  17. ↑ Kerényi 1951, পৃ. 119
  18. ↑ Deacy 2008, পৃ. 18
  19. ↑ Hansen 2004, পৃ. 121–122
  20. ↑ Pseudo-Apollodorus, Bibliotheca 1.3.6
  21. ↑ Hansen 2004, পৃ. 122–123
  22. ↑ Hansen 2004, পৃ. 122–123
  23. ↑ Hansen 2004, পৃ. 122–123
  24. ↑ Burkert 1985, pp. 136–139
  25. ↑ Burkert 1983, pp. 143–149
  26. ↑ Walcot 1977, পৃ. 31
  27. ↑ Walcot 1977, পৃ. 31–32
  28. ↑ Walcot 1977, পৃ. 31
  29. ↑ Walcot 1977, পৃ. 31–32
  30. ↑ Walcot 1977, পৃ. 32
  31. ↑ Walcot 1977, পৃ. 32
  32. ↑ Hansen 2004, পৃ. 125
  33. ↑ Walcot 1977, পৃ. 32
  34. ↑ Hansen 2004, পৃ. 125
  35. ↑ Walcot 1977, পৃ. 32
  36. ↑ Bull 2005, পৃ. 346–347
  37. ↑ Bull 2005, পৃ. 346–347
  38. ↑ Walcot 1977, পৃ. 32
  39. ↑ Walcot 1977, পৃ. 32
  40. ↑ Hansen 2004, পৃ. 125
  41. ↑ Walcot 1977, পৃ. 32
  42. ↑ Hansen 2004, পৃ. 125
  43. ↑ Walcot 1977, পৃ. 32–33
  44. ↑ Hansen 2004, পৃ. 125
  45. ↑ Walcot 1977, পৃ. 32–33
  46. ↑ Walcot 1977, পৃ. 32–33
  47. ↑ Hansen 2004, পৃ. 125
  48. ↑ Walcot 1977, পৃ. 32–33
  49. ↑ Hansen 2004, পৃ. 125
  50. ↑ Seelig 2002, পৃ. 895
  51. ↑ Seelig 2002, পৃ. 895
  52. ↑ Seelig 2002, পৃ. 895
  53. ↑ Seelig 2002, পৃ. 895-911
  54. ↑ Hansen 2004, পৃ. 125
  55. ↑ Morford Lenardon 1999, পৃ. 315
  56. ↑ Hansen 2004, পৃ. 125
  57. ↑ Morford Lenardon 1999, পৃ. 315
  58. ↑ Hansen 2004, পৃ. 125
  59. ↑ Morford Lenardon 1999, পৃ. 315–316
  60. ↑ Kugelmann 1983, পৃ. 73
  61. ↑ Hansen 2004, পৃ. 125
  62. ↑ Kugelmann 1983, পৃ. 73
  63. ↑ Morford Lenardon 1999, পৃ. 316
  64. ↑ Hansen 2004, পৃ. 125
  65. ↑ Kugelmann 1983, পৃ. 73
  66. ↑ Morford Lenardon 1999, পৃ. 316
  67. ↑ Edmunds 1990, পৃ. 373
  68. ↑ Morford Lenardon 1999, পৃ. 316
  69. ↑ Hansen 2004, পৃ. 125
  70. ↑ Powell 2012, পৃ. 233
  71. ↑ Powell 2012, পৃ. 233
  72. ↑ Harries 1990, পৃ. 64–82
  73. ↑ Powell 2012, পৃ. 233–234
  74. ↑ Harries 1990, পৃ. 64–82
  75. ↑ Powell 2012, পৃ. 234
  76. ↑ Harries 1990, পৃ. 64–82
  77. ↑ Powell 2012, পৃ. 234
  78. ↑ Leach 1974, পৃ. 102–142
  79. ↑ Harries 1990, পৃ. 64–82
  80. ↑ Roman, Luke; Roman, Monica. (2010). Encyclopedia of Greek and Roman Mythology. Infobase Publishing. পৃ. 92. ISBN 9781438126395
  81. ↑ Powell 2012, পৃ. 234
  82. ↑ Leach 1974, পৃ. 102–142
  83. ↑ Harries 1990, পৃ. 64–82
  84. ↑ Leach 1974, পৃ. 102–142
  85. ↑ Powell 2012, পৃ. 234
  86. ↑ Harries 1990, পৃ. 64–82
  87. ↑ Leach 1974, পৃ. 102–142
  88. ↑ Powell 2012, পৃ. 234
  89. ↑ Harries 1990, পৃ. 64–82
  90. ↑ Leach 1974, পৃ. 102–142
  91. ↑ Powell 2012, পৃ. 234
  92. ↑ Harries 1990, পৃ. 64–82
  93. ↑ Leach 1974, পৃ. 102–142
  94. ↑ Powell 2012, পৃ. 234
  95. ↑ Harries 1990, পৃ. 64–82
  96. ↑ Leach 1974, পৃ. 102–142
  97. ↑ Powell 2012, পৃ. 234
  98. ↑ Harries 1990, পৃ. 64–82
  99. ↑ Leach 1974, পৃ. 102–142
  100. ↑ Powell 2012, পৃ. 234
  101. ↑ Harries 1990, পৃ. 64–82
  102. ↑ Leach 1974, পৃ. 102–142

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতাগ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এথেনা” প্ৰবন্ধৰ সংশোধন ৬১৭৮০১ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।