নেৰেইডছ (/ˈnɪəriɪdz/; প্ৰাচীন গ্ৰীক: Νηρηΐδες, ইংৰাজী: Nereids বা Nereides) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা সাগৰীয় নিম্ফ৷ তেওঁলোক 'সাগৰৰ বুঢ়া মানুহ' নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ কন্যা৷ তেওঁলোকৰ সংখ্যা ৫০ গৰাকী আৰু ভাতৃৰ নাম নেৰাইটছ।১ তেওঁলোক প্ৰায়ে সাগৰৰ দেৱতা প'ছিডনৰ লগত থাকে আৰু নাৱিকসকলৰ প্ৰতি বন্ধুত্বপূৰ্ণ ব্যৱহাৰ আৰু সহায় কৰে।২
নাম
নেৰিয়াছ নামটো ইলিয়াডত পোৱা যায়।৩ যিহেতু কেৱল নেৰেইডছৰ পিতৃ হিচাপেহে নেৰিয়াছৰ প্ৰাসংগিকতা আছে, গতিকে তেওঁৰ নামটো প্ৰকৃততে তেওঁৰ কন্যাসকলৰ নামৰ পৰাই উদ্ভৱ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে;৪ আনহাতে নেৰেইডসকলৰ ব্যুৎপত্তি পিতৃৰ নাম নেৰিয়াছৰ পৰা হৈছে বুলিও হিচাপেও প্ৰস্তাৱ কৰা হৈছে।৫ মাৰ্টিন লিচফিল্ড ৱেষ্টৰ মতে (১৯৬৬) নেৰিয়াছৰ গুৰুত্ব তেওঁৰ কন্যাসকলতকৈ বহু কম, তেওঁ উল্লেখ কৰে যে হেৰ'ড'টাছে "নেৰিয়াছক নহয়, তেওঁৰ কন্যা নেৰেইডসকলকহে ইজিপ্তৰ পৰা উদ্ভৱ নোহোৱা ঈশ্বৰীয় নামৰ উদাহৰণ" হিচাপে আগবঢ়াইছিল।৬
আধুনিক গ্ৰীক লোককথাত নেৰেইডৰ নাম νεράιδες, neráides অৰ্থাৎ 'পৰী' হিচাপে গণ্য কৰা হয়।৭
কিংবদন্তি
নেৰেইডসকল সাগৰৰ প্ৰতিটো সুন্দৰ আৰু দয়ালু বস্তুৰ প্ৰতীক আছিল। তেওঁলোকে সুৰীয়া কণ্ঠেৰে গীত গাই পিতৃৰ চাৰিওফালে নৃত্য কৰিছিল। তেওঁলোকক ৰঙা প্ৰবালৰ শাখাৰ মুকুট পিন্ধা আৰু সোণালী ফুল বচা বগা ৰেচমৰ পোছাক পিন্ধা সুন্দৰী মহিলা হিচাপে প্ৰতিনিধিত্ব কৰা হৈছে।
এই অপেশ্বৰীবোৰ সাগৰৰ সৈতে বিশেষকৈ এজিয়ান সাগৰৰ সৈতে জড়িত৷ তেওঁলোকে পিতৃ নেৰিয়াছৰ সৈতে সাগৰৰ গভীৰতাত থকা সোণালী ৰাজপ্ৰসাদত বাস কৰিছিল। কেইগৰাকীমান উল্লেখযোগ্য নেৰেইডছ হৈছে পেলিয়াছৰ পত্নী আৰু একিলিছৰ মাতৃ থেটিছ; প'জাইডনৰ পত্নী আৰু ট্ৰাইটনৰ মাতৃ এম্ফিট্ৰাইট; ছাইক্লপছ পলিফেমাছৰ প্ৰেমিকা গালাটিয়া আৰু এজিনাৰ ৰজা আইকাছৰ পত্নী আৰু ফকাছৰ মাতৃ আৰু ইজিপ্টৰ সাগৰীয় দেৱতা বা ৰজা প্ৰটিয়াছৰ পত্নী তথা থিওক্লিমেনাছ আৰু থিওন’ৰ মাতৃ ছামাথে।
হোমাৰৰ ইলিয়াডৰ ষোড়শ অধ্যায়ত যেতিয়া থিটিছে নিহত পেট্ৰ'ক্লাছৰ বাবে দুখ কৰা একিলিছৰ প্ৰতি সহানুভূতিশীল হৈ চিঞৰি উঠে, তেতিয়া তেওঁৰ ভগ্নীসকল দেখা দিয়ে। তেওঁৰ চাৰিজন ভাই-ভনী চাইমোড'চ, থেলিয়া, নেছাইয়া আৰু স্পিঅ'ও চাইৰীনীৰ নিম্ফদলটোৰ ভিতৰত আছিল। পিছলৈ এই চাৰিজনে তেওঁলোকৰ আন ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক এনিয়াছ আৰু তেওঁৰ দলটোক ধুমুহাৰ সময়ত সহায় কৰিছিল।
এটা কাহিনীমতে কেচিঅ’পিয়াই তেওঁৰ কন্যা এণ্ড্ৰমেডা নেৰেইডসকলতকৈ অধিক ধুনীয়া বুলি গৌৰৱ কৰিছিল, সেয়ে নেৰেইডসকল ক্ষুব্ধ হৈছিল। তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হৈ প'জাইডনে ইথিওপিয়ানসকলৰ দেশলৈ বানপানী আৰু এটা সাগৰীয় দানৱ পঠিয়াই ৰাজকুমাৰীগৰাকীৰ বলিদানৰ দাবী কৰিছিল। এই সাগৰীয় দেৱীসকলে মানুহৰ আগত ডাইঅ'নিছাছ আৰু পাৰ্চিফোনিৰ ৰহস্য প্ৰকাশ কৰা বুলিও কোৱা হয়।
তথ্যসূত্ৰ
- ↑ Aelian, De Natura Animalium 14.28
- ↑ McInerney, Jeremy. (2004). NEREIDS, COLONIES AND THE ORIGINS OF ISEGORIA. Free Speech in Classical Antiquity. পৃ. 21–40. ISBN 978-90-474-0568-9
- ↑ Tsantsanoglou 2015, পৃ. 5; Chantraine 1968, পৃ. 751; Νηρεύς – Ancient Greek (LSJ). lsj.gr
- ↑ Beekes van Beek 2010, পৃ. ix, xliii, 1017; Tsantsanoglou 2015, পৃ. 14
- ↑ Beekes van Beek 2010, পৃ. ix, xliii, 1017
- ↑ Litchfield West 1966, পৃ. 233
- ↑ Chantraine 1968, পৃ. 751; Papachristophorou 1998, পৃ. 190; Litchfield West 1966, পৃ. 233
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেৰেইডছ” প্ৰবন্ধৰ সংশোধন ৪৯৫৬৯৯ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।