অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আৰ্টিমিচ

আৰ্তেমিছ বা আৰ্টিমিচ (Artemis হৈছে চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ গ্ৰীক দেৱী। তেওঁ ৰোমানসকলৰ দেৱী ডায়েনাৰ সমকক্ষ। আৰ্টিমিচ জ্যুচ আৰু লেট'ৰ জীয়ৰী তথা এপ'ল'ৰ যমজ ভগ্নী। তেওঁ বালিকাসকলৰ ৰক্ষক। আৰ্টিমিচক নাৰীসকলৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ হোতা হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ১৭ জুলাই ২০২৬ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আৰ্তেমিছ বা আৰ্টিমিচ (Artemis হৈছে চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ গ্ৰীক দেৱী। তেওঁ ৰোমানসকলৰ দেৱী ডায়েনাৰ সমকক্ষ।

আৰ্টিমিচ জ্যুচ আৰু লেট'ৰ জীয়ৰী তথা এপ'ল'ৰ যমজ ভগ্নী। তেওঁ বালিকাসকলৰ ৰক্ষক। আৰ্টিমিচক নাৰীসকলৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ হোতা হিচাপে গণ্য কৰা হয়। সন্তান জন্ম আৰু ধাত্ৰীবিদ্যাৰ এক অন্যতম প্ৰধান দেৱী হিচাপে এইলেথিয়াৰ উপৰিও আৰ্টিমিচৰ উপাসনা কৰা হয়। এথেনা আৰু হেষ্টিয়াৰ দৰে আৰ্টিমিচেও বিবাহপাশত আৱদ্ধ নহৈ চিৰকুমাৰী হৈ থকাৰ পণ লয়।

গ্ৰীকসকলৰ সৰ্বাধিক সন্মান লাভ কৰা দেৱ-দেৱীসমূহৰ ভিতৰত আৰ্টিমিচ অন্যতম আৰু ইফেচাছত থকা তেওঁৰ মন্দিৰ পৌৰাণিক বিশ্বৰ সপ্তম আশ্চৰ্যসমূহৰে এটা। ধনু-কাঁ‌ড়, তূণ আৰু চিকাৰ কৰা ডেগাৰৰ চিহ্নই আৰ্টিমিচক সূচোৱাৰ লগতে হৰিণ আৰু চাইপ্ৰেছ গছ তেওঁৰ বাবে পবিত্ৰ। আৰ্টিমিচৰ ৰোমান ৰূপ ডায়েনাক ৰোমৰ এভেনাইন পাহাৰত বিশেষভাৱে অৰ্চনা কৰা হয়।১

আখ্যানসমূহ

জন্ম

(বাওঁ‌হাতে) আৰু আৰ্টিমিচ (সোঁ‌হাতে)।]]

আৰ্টিমিচ আৰু তেওঁৰ যমজ ভ্ৰাতৃ এপ'ল'ৰ জন্ম সম্পৰ্কে ধ্ৰুপদী গ্ৰীক আখ্যানসমূহত বিভিন্ন পৰস্পৰৰ সৈতে মিল নথকা বৰ্ণনা পোৱা যায়। অৱশ্যে প্ৰতিটো আখ্যানতে তেওঁক জ্যুচ আৰু লেট'ৰ সন্তান তথা এপ'ল'ৰ যমজ ভগ্নী বুলি কোৱা হৈছে। কোনো কোনো আখ্যানৰ মতে আৰ্টিমিচ এপ'ল'ৰ সৈতে একে সময়তে ওপজে আৰু কোনো কোনোৰ মতে তেওঁৰ জন্ম আগত বা পিছত হয়।১

কেলিমেকাছৰ মতে জ্যুছৰ ঔৰসত লেট'ই গৰ্ভধাৰণ কৰাৰ বাবে জ্যুছৰ সহধৰ্মিণী হীৰা ক্ষুব্ধ হৈ পৰে আৰু লেট'ক মূল ভূখণ্ড বা দ্বীপ কোনো ঠাইতে সন্তান জন্ম দিবলৈ বাৰণ কৰে। কিন্তু ডিল'চ নামৰ দ্বীপটোৱে এই আদেশ অমান্য কৰে আৰু লেট'ক সন্তান প্ৰসৱৰ অনুমতি দিয়ে। অৱশ্যে হোমাৰৰ শ্লোকৰ মতে এই দ্বীপটো আছিল অৰ্টিজিয়া।২

অধিকাংশ আখ্যানৰ মতে আৰ্টিমিচৰ জন্ম এপ'ল'তকৈ আগত হৈছিল আৰু ভ্ৰাতৃৰ জন্মৰ সময়ত লেট'ৰ বাবে ধাত্ৰীৰ কাম কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Roman, Luke; Roman, Monica. (2010). Encyclopedia of Greek and Roman Mythology. Infobase Publishing. পৃ. 85. ISBN 9781438126395
  2. ↑ Hammond. Oxford Classical Dictionary. 597-598

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তিগ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্টিমিচ” প্ৰবন্ধৰ সংশোধন ৬১৭৮০২ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।