এমৰ্ফ’ফেলাছ নাপালেন্সিছ হʼল এৰেচি (Araceae) পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ প্ৰজাতি। এই উদ্ভিদ প্ৰজাতিবিধ ভূটান, নেপাল আৰু ভাৰতৰ হিমালয় অঞ্চলত পোৱা যায়। ইহঁত কেণ্ডাৰাম (Candarum) অংশৰ অন্তৰ্গত যʼত স্পেথবোৰ তললৈ বৃত্তাকাৰ, দীঘলীয়াৰ পৰা আয়তাকাৰ-ডিম্বাকৃতি বা ডিম্বাকৃতি-লেন্সোলেট আৰু স্পেডিক্স স্পেথতকৈ চুটি আৰু ইয়াৰ গৰ্ভমূণ্ড ডিম্বাশয়ৰ দৈৰ্ঘ্যতকৈ ২-৪ গুণ দীঘল। গোধূলিৰ সময়ত এই স্পেথবোৰ মেল খায় আৰু মিথাইল মাৰ্কেপ্টানৰ গোন্ধৰ দ্বাৰা আকৰ্ষিত হৈ ইয়ালৈ কেইবাটাও প্ৰজাতিৰ বিটল আহে। পেৰাষ্টেছিয়া (Parastasia) গণৰ বিটলবোৰ নাগালেণ্ডৰ আটাইতকৈ সচৰাচৰ দৰ্শনাৰ্থী আছিল।১
তথ্যসূত্ৰ
- ↑ Chaturvedi, S. K. (2017). Pollinators and Visitors of Amorphophallus Napalensis (Wall.) Bogner & Mayo (Araceae) in Nagaland State, North-East India. Pleione. পৃ. 336
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমৰ্ফ’ফেলাছ নাপালেন্সিছ” প্ৰবন্ধৰ সংশোধন ৫২০৩৬৫ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।