কুকুৰা-ঠেঙীয়া গছ (বৈজ্ঞানিক নাম: Leea sambucina) এবিধ লেংলেঙীয়া বিধৰ জোপোহা গছ৷ উজনি অসমৰ চিৰসেউজীয়া বনভূমিবিলাকত এই গছ দেখিবলৈ পোৱা যায়৷১
বিৱৰণ
কুকুৰা-ঠেঙীয়া গছৰ উচ্চতা ৩-৪ মিটাৰ মান হোৱা দেখা যায়৷ পাত ধাৰণ কৰা দীঘলীয়া ঠাৰিবোৰে কেতিয়াবা দুযোৰা আৰু কোনো কোনো ক্ষেত্ৰত তিনিযোৰা শাখা-পত ধাৰণ কৰে৷
পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগৰফালে জোঙা হয়৷ কেতিয়াবা ওভতাকৈ নাল লগোৱা চামুচৰ আকৃতি ধাৰণ কৰে৷ আগডোখৰ দীঘলীয়া নেজৰ নিচিনা হয়৷ পাতবিলাক অলপ ডাঠ আৰু মিহি হয়৷ মূলসিৰ দুয়োকাষে ৭ যোৰাৰ পৰা ১২ যোৰা পৰ্য্যন্ত শাখাসিৰ বিকশিত হয়৷ অগ্ৰভাগত শাখাসিৰ বিলাক দুডলীয়াকৈ বিভক্ত হোৱা দেখা যায়৷
ফুলবোৰ বগা চানেকীয়াকৈ সেউজ-বুলীয়া হয়৷ পাতৰ মূল ঠাৰিডালে একাধিক শাখাঠাৰি বহন কৰা আৰু প্ৰত্যেকডাল শাখাঠাৰিৰ অগ্ৰভাগে থোপাৰ আকাৰে কেবাপাহ ফুল ধাৰণ কৰে৷ কম-বেছি পৰিমাণে ঘুৰণীয়া আকৃতিৰ মঙহাল ফলবোৰ সমান্যভাৱে চেপেটা হয়৷
ফলৰ সোৱাদ মিঠা৷১
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকুৰা-ঠেঙীয়া গছ” প্ৰবন্ধৰ সংশোধন ২০২৮৩৬ (২৭ আগষ্ট ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।