কেতুৰি উদ্ভিদজগতৰ (জিঞ্জিবাৰাছী Zingiberaceae) পৰিয়ালৰ কাৰকামা (Curcuma) জাতিৰ অন্তৰ্গতঃ ৮০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ মাজৰ এবিধ। কেতুৰিৰ বৈজ্ঞানিক নাম কাৰকামা আংগাষ্টিফোলিয়া (Curcuma angustifolia)। ই ভাৰত উপমহাদেশৰ এবিধ থলুৱা উদ্ভিদ, যাক সাধাৰণতে ইংৰাজীত ইষ্ট ইণ্ডিয়ান এৰোৰুট (East Indian Arrowroot) নাইবা নেৰো লীভড্ টাৰমাৰিক ( narrow-leaved turmeric) বুলি জনা যায়। মনিপুৰী ভাষাত ইয়াক য়াইপান, হিন্দীত তিখুৰ আৰু মালায়ালামত কূভা বুলি জনা যায়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেতুৰি” প্ৰবন্ধৰ সংশোধন ৬০২১৩২ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।