অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাকৈ-চেৰা

কাকৈ-চেৰা (বৈজ্ঞানিক নাম:Memecylon cerasiforme; কাৰবি: নৰাকং; কছাৰী: পান্দাওজে) মেলাষ্টমেচি (Melastomacee) পৰিয়ালৰ অন্তৰ্ভুুক্ত অসমত দেখা পোৱা এবিধ সৰু আকাৰৰ বনৰীয়া গছ৷ ই ভাৰত (চিত্তাগং, উত্তৰ পূৱ ভাৰত), বাৰ্মা আৰু বাংলাদেশৰ থলুৱা উদ্ভিদ।

হালনাগাদ: ১৭ জুলাই ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

কাকৈ-চেৰা (বৈজ্ঞানিক নাম:Memecylon cerasiforme; কাৰবি: নৰাকং; কছাৰী: পান্দাওজে) মেলাষ্টমেচি (Melastomacee) পৰিয়ালৰ অন্তৰ্ভুুক্ত অসমত দেখা পোৱা এবিধ সৰু আকাৰৰ বনৰীয়া গছ৷১ ই ভাৰত (চিত্তাগং, উত্তৰ পূৱ ভাৰত), বাৰ্মা আৰু বাংলাদেশৰ থলুৱা উদ্ভিদ।২৩

বিৱৰণ

কাকৈ-চেৰাৰ বাকলিৰ বৰণ মদৰুৱা৷ বাকলিৰ উপৰিভাগত দীঘল দীঘল ফাটৰ উৎপত্তি হোৱা দেখা যায়৷ ইয়াৰ পাতবোৰ কেতিয়াবা দীঘলীয়া আৰু কেতিয়াবা ডিম্বাকাৰ আৰু দুয়োমূৰ দীঘলনেজীয়া হয়৷ পাতবোৰ চামৰাৰ দৰে ডাঠ আৰু মিহি হোৱা দেখা যায়৷ পাতৰ বৰণ সেউজীয়া৷ কাকৈ-চেৰাৰ ফুল শেঁতাবৰণীয়া৷ ফুলবোৰ পুৰঠ হ’লে দীঘলীয়া আৰু জামুৰ দৰে মঙহাল ফল উৎপন্ন হয়৷ এই ফলবোৰ পকিলে ক’লা পৰে৷১

তথ্যসূত্ৰ

  1. ↑ অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  2. ↑ Catalogue of Life. Catalogue of Life:Memecylon cerasiforme Kurz. Catalogue of Life
  3. ↑ Memecylon cerasiforme Kurz . India Biodiversity Portal

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকৈ-চেৰা” প্ৰবন্ধৰ সংশোধন ৫২৪৬১৩ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।