অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মেজেঙা (উদ্ভিদ)

মেজেঙা বা মেজেঙা পাত (বৈজ্ঞানিক নাম: Zanthoxylum oxyphyllum) এবিধ সুগন্ধি মচলাজাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অঙেৰ নামেৰে জনা যায়। এই উদ্ভিদবিধ বনৰীয়া হিচাপে পোৱা যায় যদিও ঠাইবিশেষে ইয়াৰ খেতিও কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মেজেঙা বা মেজেঙা পাত (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Zanthoxylum oxyphyllum) এবিধ সুগন্ধি মচলাজাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অঙেৰ নামেৰে জনা যায়। এই উদ্ভিদবিধ বনৰীয়া হিচাপে পোৱা যায় যদিও ঠাইবিশেষে ইয়াৰ খেতিও কৰা হয়। মেজেঙা ঘাইকৈ গুল্মজাতীয় উদ্ভিদ যদিও কেতিয়াবা ইয়াৰ লতাৰ দৰে বগাই যোৱাৰ প্ৰৱণতাও দেখা যায়। পূব এচিয়াৰ দেশসমূহ যেনে দক্ষিণ চীন, ভাৰত, ভূটান, নেপাল, ম্যানমাৰ আদি দেশত মেজেঙা প্ৰাকৃতিকভাৱে হয়। মেজেঙাৰ পাত আৰু ফল ৰন্ধন প্ৰকৰণত সোৱাদ বৃদ্ধি কৰিবলৈ আৰু ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।১

বিৱৰণ

মেজেঙা গুল্মজাতীয় উদ্ভিদ আৰু ইয়াৰ ঠেঙুলিসমূহ বগাই যোৱাও দেখা যায়। সেমেকা আৰু গ্ৰীষ্মপ্ৰধান ঠাইত এই উদ্ভিদবিধ পৰিলক্ষিত হয়। ইয়াৰ পাতসমূহ দীঘলীয়া আকাৰৰ আৰু মূৰ অংশ জোঙা। পাতত এডাল মুখ্যশিৰাৰ লগতে কেইবাডালো উপশিৰা থাকে। কুমলীয়া পাতসমূহ ৰঙচুৱা বৰণৰ। মেজেঙাৰ ফুলসমূহত পুং আৰু স্ত্ৰী উভয় বিধৰ পুষ্পদণ্ড থাকে আৰু পতংগৰ দ্বাৰা ইয়াৰ পৰাগসংযোগ ঘটে। ফলসমূহ জালুকৰ সমান আকাৰৰ আৰু থোকা হিচাপে লাগে। পূৰঠ ফলসমূহত ৰঙা বৰণ ধৰে। মেজেঙাৰ কাঠ হালধীয়া-বগা ৰঙৰ হয়। চীনা জালুক বা চিছুৱান পিপাৰৰ সৈতে ইয়াৰ ওচৰ-সম্পৰ্ক আছে।১২

ব্যৱহাৰ

মেজেঙাৰ কুমলীয়া পাতসমূহ শাক হিচাপে বা জন্তু আদিৰ মঙহৰ লগত ৰান্ধি খোৱা হয়। ইয়াৰ ফলসমূহো ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ বাবে ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা হয়। ফলসমূহ বিভিন্ন ঔষধি গুণসম্পন্ন বুলি গণ্য কৰা হয়। বহু লোকে দাঁ‌তৰ বিষ, হজম নোহোৱা, বাতবিষ আদিৰ উপশম পাবলৈ ইয়াৰ ব্যৱহাৰ কৰে।১

তথ্যসূত্ৰ

  1. ↑ Zanthoxylum oxyphyllum. tropical.theferns.info
  2. ↑ Zanthoxylum oxyphyllum. Flora of China (Efloras.org)

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতগুল্মঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেজেঙা (উদ্ভিদ)” প্ৰবন্ধৰ সংশোধন ৫৪০৪২২ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।