অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ঘাম্বৰু

ঘাম্বৰু বা ঘিমৰু এবিধ লতাজাতীয় একবৰ্ষী সপুষ্কক উদ্ভিদ। ইয়াৰ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ঘিমৰুল বা ঘামৰুল নামেৰেও জনা যায়।

হালনাগাদ: ১ নৱেম্বৰ ২০২২ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ঘাম্বৰু বা ঘিমৰু এবিধ লতাজাতীয় একবৰ্ষী সপুষ্কক উদ্ভিদ। ইয়াৰ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ঘিমৰুল বা ঘামৰুল নামেৰেও জনা যায়।

বিৱৰণ

ঘামৰু এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ কাণ্ড সাধাৰণতে ৰুক্ষ শুঙেৰে আবৃত। পাতবোৰ ত্ৰিকোণীয়, ডিম্বাকৃতিৰ আৰু ইয়াতো ৰুক্ষ আৰু কঠিন শুঙ থাকে। পাতৰ ঠানি ১-৬ চে:মি: দীঘল হয়। ফুলবোৰ সৰু আৰু হালধীয়া ৰঙৰ। ইহঁ‌ত একাকী বা কাচিৎহেযোৰ বা তিনিপাহকৈ দেখা যায়। ফুলৰ থোপাসমূহ ৫-১০ মিলিমিটাৰ দীঘল, ঘন লোমশ ডালত ফুলে। ফুলবোৰ ৬-৮ মিলিমিটাৰ দীঘল, পাহিবোৰ ডিম্বাকৃতিৰ আৰু দীঘলীয়া। ফলবোৰ উপবৃত্তাকাৰ বা কেতিয়াবা সামান্য ত্ৰিকোণীয় হয়। ইয়াৰ উপৰিভাগ মসৃণ আৰু সাধাৰণতে গাঢ় সেউজীয়া ৰেখাযুক্ত। দেখাত ক্ষুদ্ৰ তৰমুজৰ দৰে। পকিলে হালধীয়া বৰণ ধৰে।১

ব্যৱহাৰ

শুকান ঘাম্বৰুৰ মিহি গুড়ি প্ৰাকৃতিক মাংস নৰমকাৰক হিচাপে ব্যৱহৃত হয়। সতেজ ফলৰ চাটনিও তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ টেঙাজাতীয়।১

তথ্যসূত্ৰ

  1. ↑ Wild Melon. flowersofindia.net

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘাম্বৰু” প্ৰবন্ধৰ সংশোধন ৩৩৬৪২৯ (১ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।