কেতকুৰা (বৈজ্ঞানিক নাম: Vangueria spinosa বা Meyna spinosa) ৰুবিয়েচি (Rubiaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ জোপোহা গছ।১২ ইয়াক সমগ্ৰ বিশ্বজুৰি প্ৰধানকৈ পূৱ এছিয়া - ভাৰত, নেপাল, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বডিয়া, লাওছ, ভিয়েটনামত পোৱা যায়।৩
বিৱৰণ
কেতকুৰাৰ গা-গছ আৰু ডালৰ উপৰিভাগ ক’লা চানেকীয়া বা মদৰুৱা বৰণৰ। বাকলিত ঠায়ে ঠায়ে কটাৰ নিচিনা দাগ থাকে। বাকলিত ভিতৰখন অলপ হালধীয়া। গোটেই গছজোপাতে দীঘল চানকীয়া কাঁইটৰ উৎপত্তি হয়।১৪
কেতকুৰাৰ পাতবোৰ ডাঠ আৰু মিহি। পাতৰ আগফালে জোঙা আৰু গুৰিৰ অংশ দুয়োফালৰ পৰা ঘূৰণীয়াকৈ ভাঁজ খাই ঠাৰিত লগা ধৰণৰ হয়। পাতবোৰে ঠাৰিত যোৰা পাতি পাতি বিপৰীতমুখী ৰূপ প্ৰদৰ্শন কৰে। ইয়াৰ ফুলৰ পাহিবোৰৰ ৰং পাতল সেউজীয়া।১৪
কেতকুৰাৰ ফলৰ আকৃতি ডিম্বাকাৰ। ইয়াৰ ভিতৰত ফুটা থাকে আৰু সেই ফুটাবোৰৰ ভিতৰত অলপ ডাঙৰ আকাৰৰ ক’লা ক’লা একোটা গুটি ধৰে। সেউজীয়া ফলবোৰ পকিলে ৰঙচুৱা বৰণৰ হয়।১৪
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ. (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ Meyna spinosa Roxb. ex Link. Global Biodiversity Information Facility
- ↑ Plant Name Details: Meyna spinosa Roxb. ex Link. The International Plant Names Index
- ↑ Meyna spinosa. Useful Tropical Plants Database
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেতকুৰা” প্ৰবন্ধৰ সংশোধন ৬১৫২০৮ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।