অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কোটাহি জামু

কোটাহি জামু (বৈজ্ঞানিক নাম: Syzygium nervosum; অসমীয়া অন্য নাম: ঝাৰুৱা, গোদাজাম; কাৰ্বি: চুমুক্ আৰং) এবিধ মজলীয়া আকাৰৰ চিৰহৰিৎ গছ৷ এই গছ প্ৰায় দহ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ ইয়াৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা আৰু পাত ডাঠ সেউজীয়া৷

হালনাগাদ: ২২ এপ্ৰিল ২০২০ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

কোটাহি জামু (বৈজ্ঞানিক নাম: Syzygium nervosum; অসমীয়া অন্য নাম: ঝাৰুৱা, গোদাজাম; কাৰ্বি: চুমুক্ আৰং) এবিধ মজলীয়া আকাৰৰ চিৰহৰিৎ গছ৷ ১ এই গছ প্ৰায় দহ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ ইয়াৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা আৰু পাত ডাঠ সেউজীয়া৷

বিস্তৃতি

কোটাহি জামু দক্ষিণ এছিয়াৰ থলুৱা উদ্ভিদ৷ চীনৰ পৰা অষ্ট্ৰেলিয়ালৈকে এই উদ্ভিদ প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা দেখা যায়৷ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ প্ৰায়বোৰ অঞ্চলতে এই গছ দেখা পোৱা যায়৷১

বিৱৰণ

কোটাহি জামুৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা৷ উপৰিভাগৰ পৰা অনিয়মিতভাৱে ফাট মেলা চেকুৰাৰ উৎপত্তি হয়৷

এই গছৰ পাত উপ-বৃত্তাকাৰ, অদোমুখ ডিম্বাকাৰ, সুক্ষ্মকৌণিকভাৱে জোঙা অথবা শীৰ্ষস্থান গোলাকাৰ৷ ইয়াৰ পাতৰ পাৰ্শ্বসিৰৰ সংখ্যা পাতৰ প্ৰতি অৰ্দ্ধাংশত ৮-১০৷ সীমান্তৰ আগত গোল হৈ যোগ হৈ থাকে৷ পত্ৰবৃন্তৰ দৈৰ্ঘ্য ৩-৪ ছে:মি:।

কোটাহি জামুৰ ফুলৰ বৰণ সেউজ-বুলীয়া বগা আৰু বৃন্তহীন৷ ইয়াৰ চুপহিৰ বৃত্ত ঘন্টাকাৰ৷ পাহি বগা৷

এই গছৰ ফল মঙহাল হয়৷ ফলবোৰ আকাৰত সৰু আৰু গোল৷১

ব্যৱহাৰ

কোটাহি জামুৰ পাত আৰু কলি শুকুৱাই ভিয়েটনামত এবিধ হাৰ্বেল চাহ তৈয়াৰ কৰা হয়৷ এই চাহৰ ঔষধি গুণ থকা বুলি জনা যায়৷২

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ↑ Nguyen, Duong Van. Medicinal Plants of Vietnam, Cambodia, and Laos. Santa Monica, CA: Mekong Printing, 1993

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোটাহি জামু” প্ৰবন্ধৰ সংশোধন ২২১৬৭৭ (২২ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।