খাগৰি (বৈজ্ঞানিক নাম: Miscanthus fuscus) নদীকাষৰীয়া অঞ্চলত দেখা পোৱা এবিধ ওখ ঘাঁহজাতীয় উদ্ভিদ। ইকৰা, নল আদিৰ দৰে এইবিধ ঘাঁহ জোপোহাকৈ উৎপত্তি হয় আৰু ভালেখিনি ঠাই আগুৰি থাকে।১
বিৱৰণ
খাগৰিৰ পাতবোৰ কুঁহিয়াৰৰ পাতৰ দৰে দীঘল দীঘল হয়। পাতৰ ঠাৰিৰ গুৰিত উৎপন্ন হোৱা বৌখাই গছজোপাক মেৰিয়াই ৰাখে। ইয়াৰ থোপাথোপে ফুল ফুলা দেখা যায়। ১খাগৰিৰ ঠাৰি অস্থায়ী ঘৰৰ বেৰা আদি দিয়া কামত ব্যৱহাৰ কৰা হয়।১
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাগৰি” প্ৰবন্ধৰ সংশোধন ২৩৪৫৫৬ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।