অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও

শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়।১

ভৌগোলিক অবস্থান

ভূৰাগাঁৱৰ বৰদোবাটুপ শিৱ মন্দিৰৰ সমীপত বৰ্তমান নিকেতনখন অবস্থিত। ইয়াৰ চাৰিসীমা: উত্তৰে ভূৰাগাঁও কলেজ, পূবে ভূৰাগাঁও আৰক্ষী থানা, পশ্চিমে শিৱ মন্দিৰ, আৰু দক্ষিণে ভূৰাগাঁও পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ। ই কেন্দ্ৰীয় স্থানত অৱস্থিত বাবে ভূৰাগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অতি সহজে যাতায়াতৰ সু-ব্যৱস্থা আছে।২

ইতিহাস

ভাৰতীয় আদৰ্শৰ অনুকূলে শিক্ষা পদ্ধতিৰ পৰিবৰ্তন অনাৰ মানসেৰে গঠিত অখিল ভাৰতীয় শিক্ষা প্ৰতিষ্ঠান "বিদ্যা ভাৰতী" ৰ তত্ত্বাৱধানত অসমতো কেইগৰাকীমান শিক্ষানুৰাগীৰ জৰিয়তে "শিশু শিক্ষা সমিতি, অসম" নামেৰে এটা শৈক্ষিক সংস্থা গঠন হয়। এই সংস্থাৰ তত্ত্বাৱধানত ১৯৭৯ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অসমৰ প্ৰথমখন শিশু কুঞ্জ প্ৰতিষ্ঠিত হয় গুৱাহাটীৰ অম্বিকাগিৰী নগৰত। এই বিদ্যালয়ৰ পিছতে শংকৰদেৱ শিশু নিকেতন, বিষ্ণুপথ প্ৰতিষ্ঠা হয় আৰু ক্ৰমে সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা হয়।৩

পৰবৰ্তীকালত, ২০০৪ চনৰ ৩১ জানুৱাৰীত স্থানীয় কেইজনমান সচেতন লোকৰ প্ৰচেষ্টাত নিকেতনখন প্ৰতিষ্ঠা কৰা হয়। প্ৰথম অৱস্থাত, ভূৰাগাওঁ হিন্দী স্কুলৰ সিপাৰৰ মুকলি ঠাইত অংকুৰ, মুকুল, আৰু প্ৰথম নামৰ তিনিটা শ্ৰেণীৰে আৰম্ভ হৈছিল। কিন্তু, দুৰ্ভাগ্যজনকভাৱে মূল স্থানটো অগ্নিকাণ্ডত নষ্ট হৈ যায়, যাৰ ফলত বিভিন্ন অসুবিধাৰ বাবে নিকেতনখন দুবাৰকৈ স্থানান্তৰিত কৰিবলগীয়া হয়। এনে প্ৰত্যাহ্বানৰ মাজতো অৱশেষত ভূৰাগাঁৱৰ বৰদোবাটুপৰ শিৱ মন্দিৰৰ সমীপত নিকেতনখন স্থায়ীভাৱে স্থাপন কৰা হয়।৪

বৰ্তমান

এই বিদ্যালয়খনে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ পাঠ্যক্ৰম অনুসৰণ কৰে। ইয়াত ছেবাৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে এএইচএছইচিৰ পাঠ্যক্ৰম অনুসৰণ কৰা হয়।

বৰ্তমান বিদ্যালয়খনত প্ৰায় ৫৬৫ জন ছাত্ৰ-ছাত্ৰী, ২২ জন শিক্ষক, আৰু ৫ জন কৰ্মচাৰী আছে। পাঠদান অসমীয়া মাধ্যমত কৰা হয়। অংকুৰ আৰু মুকুল (প্ৰাথমিক)ৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীলৈকে মুঠ ১২টা শ্ৰেণী আছে।

নিয়মীয়া বিষয়সমূহৰ উপৰিও অতিৰিক্ত কেইবাটাও বিষয়ত পাঠদান কৰা হয়। যেনে: নৈতিক শিক্ষা তথা বীৰৰ কাহিনী, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা; শাৰীৰিক শিক্ষা আৰু যোগাসন; সংগীত; সংস্কৃত; আৰু বৈদিক গণিত।

আৰম্ভণিতেই, প্ৰাৰ্থনা কালাংশত ছাত্ৰ-ছাত্ৰীসকলে ধৰ্মীয় শ্লোক তথা দেশপ্ৰেমমূলক গীত গায়। হিন্দু উৎসৱৰ সময়তো বিদ্যালয়সমূহে ভাৰতীয় পৰম্পৰা অনুসৰণ কৰি কাৰ্যসূচী অনুষ্ঠিত কৰে। সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে অধ্যয়ন কৰে।

আনুষ্ঠানিক পোছাক

ল’ৰাবোৰে সাধাৰণতে নেভি ব্লু শ্বৰ্ট নতুবা লং-পেণ্ট আৰু ক’লা জোতাৰ সৈতে বগা চাৰ্ট পিন্ধে। বৃহস্পতিবাৰ আৰু শনিবাৰে বগা চাৰ্টৰ সৈতে বগা শ্বৰ্ট বা লং পেণ্ট আৰু বগা জোতা পিন্ধে। ইউনিফৰ্মত বেজ, আইডি কাৰ্ড, ল’গ’ আৰু নাম থকা বেল্টও আছে।৫

ছোৱালীয়ে নেভি ব্লু স্কাৰ্ট, নেভি ছালৱাৰ কামিজ, আৰু ক’লা জোতাৰ সৈতে বগা দুপাট্টা পিন্ধে। বৃহস্পতিবাৰ আৰু দেওবাৰে বগা জোতা পিন্ধি বগা ছালৱাৰ কামিজ আৰু দুপাট্টালৈ সলনি হয়। তেওঁলোকৰ ইউনিফৰ্মত বেজ, আইডি কাৰ্ড, ল’গ’ আৰু নাম থকা বেল্টও আছে।৫

শীতকালত ল’ৰা-ছোৱালী উভয়ে ৰঙা চুৱেটাৰ পিন্ধিব পাৰে। ইউনিফৰ্মখন ব্যৱহাৰিকভাৱে ডিজাইন কৰা হৈছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত সৰলতা আৰু অনুশাসনৰ প্ৰসাৰ ঘটে।৫

তথ্যসূত্ৰ

  1. ↑ SSVN,Bhuragaon. ssvnb.ml
  2. ↑ placesmap.net/IN/Shankardev-Shishu-Vidya-Niketan
  3. ↑ vymaps.com/IN/Shankardev-Shishu-Vidya-Niketan-bh
  4. ↑ schools.org.in/morigaon/18090108916/sankardev-sh
  5. ↑ Uniform of Shankardev Vidya Niketan. shankardevbnc.org

সম্পৰ্কিত শ্ৰেণী

শংকৰদেৱ শিশু/বিদ্যা নিকেতনমৰিগাঁও জিলাঅসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও” প্ৰবন্ধৰ সংশোধন ৫৯৪৭৮৫ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।