অসমৰ বিদ্যালয়সমূহ
৪২ প্ৰবন্ধ
-
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়
শ্বহীদ মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, হেলেম ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ অসম ৰাজ্যৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তর্গত হেলেম চক্ৰৰ আমলখি দলনী নামৰ ঠাইত অৱস্থিত।
-
অ'ৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ
অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ (Orient Flower Jr. College) সমগ্ৰ বিশ্বনাথ চাৰিআলিৰ ভিতৰতে এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৪ চনৰ ৫জুলাই তাৰিখে বিশ্বনাথ চাৰিআলিৰ 'মামণি ভিলা'ত প্ৰতিষ্ঠা কৰা হয়। পিছত ২০০৫চনত কোচগাৱঁলৈ কনিষ্ঠ মহাবিদ্যালয়খনৰ স্থানান্তৰ কৰা হয়।
-
ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়
ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Eastern Senior Secondary School) নাৰায়ণপুৰত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ২০১৯ চনত স্থাপিত হৈছিল। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৪০জন শিক্ষক-শিক্ষয়িত্ৰী আৰু পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া ভাষা।
-
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰা অঞ্চলৰ মাজঁ মজিয়াতে বিদ্যালয়খন স্থাপিত হৈছিল। ইতিমধ্যে বিদ্যালয়খনে "সোণালী জয়ন্তী" গৰকিছে।
-
নৰ্মাল স্কুল, যোৰহাট
নৰ্মাল স্কুল, যোৰহাট (Normal School, Jorhat) হৈছে ১৯০৬ চনত যোৰহাটত প্ৰতিষ্ঠিত এখন নৰ্মাল শিক্ষাৰ বিদ্যালয়। ১৮৫৫ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ প্ৰভৃতি শিক্ষাবিদসকলৰ উদ্যোগত কলিকতাত নৰ্মাল স্কুল প্ৰতিষ্ঠা হৈছিল।
-
পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়
পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয় পাঁচমাইল অঞ্চলৰ উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰ তেজপুৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
-
বিদ্যা নিকেতন, ৰাজগড়
বিদ্যা নিকেতন, ৰাজগড় হৈছে ৰাজগড় অঞ্চলৰ এখন বিদ্যালয়। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে ২নং নভকতীয়া অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়। বিদ্যালয়খন জয়পুৰ ব্লক আৰু ৰাজগড় মণ্ডলৰ অন্তৰ্গত।
-
বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে নিউ বঙাইগাঁৱৰ ৰেলৱে টাউনশ্বিপৰ কেন্দ্ৰীয় কলনী অঞ্চলত ১৯৬৫ চনত প্ৰতিষ্ঠিত এখন বাংলা মাধ্যমৰ বিদ্যালয়। এই বিদ্যালয় SEBAৰ অধীনত চলা বঙালি মাধ্যমৰ বিদ্যালয়।
-
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Barpeta Govt. Higher Secondary School) বৰপেটাৰ মৰানদীৰ পাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী আৰু পেচকাৰ কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত এই বিদ্যালয় স্থাপন হয়।
-
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। দৰং জিলাৰ এই আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠানখনিৰ লাইখুটা স্থাপিত হৈছিল ১৯০৩ চনৰ আগষ্ট মাহৰ কোনো এক শনিবাৰে।
-
শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় (চমুকৈ শালকাটা জঃপঃউঃমাঃ বিদ্যালয়)খন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা গাঁৱত অৱস্থিত। এই বিদ্যালয়খন ১৯৭৯ চনত আজগৰ আলী চাহাবৰ নেতৃত্বত স্থাপণ কৰা হৈছিল।
-
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Halakura H. S. School) হৈছে অসমৰ ধুবুৰী জিলাৰ আগমনি অঞ্চলৰ এক উচ্চ শিক্ষা প্ৰতিষ্ঠান। ১৯৪৬ চনত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। বৰ্তমান বিদ্যালয়খনত ৬ষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষা প্ৰদান কৰা হয়।