অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Dibrugarh Govt. Boys' Higher Secondary School) ব্ৰিটিছৰ ৰাজত্ব কালত ১৮৪০ চনত উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এইখনে উজনি অসমৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়।

হালনাগাদ: ২৭ মে’ ২০২০ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Dibrugarh Govt. Boys' Higher Secondary School) ব্ৰিটিছৰ ৰাজত্ব কালত ১৮৪০ চনত উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এইখনে উজনি অসমৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়। ১৮৯৭ আৰু ১৯৫০ চনৰ অসমৰ ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰা বাবে বিদ্যালয়খন স্থান কেইবাবাৰো সলনি কৰা হৈছিল। বৰ্তমান বিদ্যালয়খন পূব ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত। ডিব্ৰুগড় জিলা পুথিভঁৰাল আৰু সংগ্ৰাহালয় ইয়াৰ কাষতে অৱস্থিত। বিদ্যালয় খনত বৰ্তমান প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। প্ৰতি বছৰে বিদ্যালয় খনে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অতি ভাল ফলাফল কৰি আহিছে।১

তথ্যসূত্ৰ

  1. ↑ Dibrugarh Govt. Boys' H.S. School

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৩১৯১৭ (২৭ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।