ছল্ট ব্ৰুক একাডেমী (Salt Brook Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ১৯৯৫ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন ছল্ট ব্ৰুক একাডেমী চ'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত। বিদ্যালয়খনৰ পৰিচালক হৈছে অশ্বিনী দুৱৰা আৰু বৰ্তমানৰ অধ্যক্ষ হৈছে ৰঞ্জিত বৰুৱা। বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ অন্তৰ্গত।
ইতিহাস
১৯৯৫ চনত কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত এই মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। প্ৰথমতে কেৱল ৪৪জন শিক্ষাৰ্থীৰে ছল্ট ব্ৰুক আৰম্ভ কৰা হৈছিল। আৰম্ভণিতে ই অকল বিজ্ঞান শাখাত শিক্ষাদান কৰিছিল। পিছলৈ কলা আৰু বাণিজ্য শাখাতো পাঠদান আৰম্ভ কৰা হল।
অৱস্থান আৰু চৌহদ
ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ বৈৰাগীমঠত অৱস্থিত। বিদ্যালয়খনৰ সন্মুখতে আছে ঐতিহাসিক কনভয় ৰ'ড। ছল্ট ব্ৰুক ডিব্ৰুগড় ৰেল ষ্টেচনৰ নিচেই কাষত অৱস্থিত।
সকলো সা-সুবিধাৰে ভৰা বৰ্তমান ছল্ট ব্ৰুকৰ তিনিটা বিল্ডিং আছে। তাৰে দুটা বিজ্ঞান আৰু এটা কলা আৰু বাণিজ্য বিভাগৰ। ছল্ট ব্ৰুকৰ প্ৰতিটো বিল্ডিংতে আধুনিক পৰীক্ষাগাৰ আৰু পুথিভৰাঁল আছে। তদুপৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, যেনে: JEE (Mains আৰু Advance), AIIMS, NIFT, CLAT, Assam CEE ইত্যাদি আৰু বিভিন্ন উচ্চশিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ইয়াৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ আৰু কেৰিয়াৰ গাইডেন্স দিয়া হয়।১
শিক্ষা
ছল্ট ব্ৰুক একাডেমীয়ে বিজ্ঞান, বাণিজ্য আৰু কলা - এই তিনিটা বিভাগৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান কৰা হয়। তাৰে কলা শাখাত কেৱল ছাত্ৰী সকলৰ নামভৰ্তিৰ সুবিধা আছে। ই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। বৰ্তমানে মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বাণিজ্য বিভাগৰ স্নাতক মহলাত পাঠদান আৰম্ভ কৰিছে।
কৃতিত্ব
ছল্ট ব্ৰুক একাডেমী অসমৰ শিক্ষা জগতৰ ভোটাতৰাৰ দৰে। ১৯৯৫ চনত স্থাপিত হোৱা এই কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ১৯৯৯ চনৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আয়োজন কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ দহ জনৰ ভিতৰত প্ৰতিবছৰে স্থান লাভ কৰি এক অভিলেখৰ সৃষ্টি কৰিছে। তদুপৰি দেশ-বিদেশৰ বহু উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছল্ট ব্ৰুকৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছে।২
শিক্ষা বৃত্তি
বিদ্যালয়খনত অধ্যয়ন কৰা মেধাবী শিক্ষাৰ্থী সকলক বৃত্তি প্ৰদান কৰাৰো ব্যৱস্থা আছে।
- অমৃতা দূৱৰা স্ক'লাৰশ্বিপ: শ্ৰীমতী ৰেখা দূৱৰা আৰু অশ্বিনী দূৱৰাৰ দুহিতা স্বৰ্গীয় অম়তা দূৱৰাৰ স্মৃতিত কলা, বিজ্ঞান, আৰু বাণিজ্য শাখাৰ উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিক চূড়ান্ত পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত শিক্ষাৰ্থী সকলক ক্ৰমে ৮০০, ৭০০ আৰু ৬০০ টকাকৈ মাহেকীয়া বৃত্তি প্ৰদান কৰা হয়।৩
- ধীৰাজ ঠাকুৰ স্ক'লাৰশ্বিপ: একাডেমীৰ ইংৰাজী বিভাগৰ প্ৰথম শিক্ষক স্বৰ্গীয় ধীৰাজ ঠাকুৰৰ স্মৃতিত উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষাত তিনিওটা শাখাৰ ভিতৰত ইংৰাজীত সৰ্বাধিক নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীজনক নগদ ১০০০ টকাৰ একঁকালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়।৩
- প্ৰ'ফেচৰ ইনামূল হক স্ক'লাৰশ্বিপ: একাডেমি খনৰ আৰম্ভণিৰে পৰা মুৰব্বী হিচাপে কাৰ্য কৰা প্ৰাধ্যাপক (ড॰) ইনামূল হকৰ স্মৃতিত উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষাত ৰসায়ন বিদ্যাত সৰ্বাধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থী জনক একঁকালীনভাৱে নগদ ১০০০ টকা প্ৰদান কৰা হয়।৩
- ড॰ ৰুমী বেগম স্ক'লাৰশ্বিপ: একাডেমীৰ জীৱবিদ্যা বিভাগৰ প্ৰথম শিক্ষয়ত্ৰী স্বৰ্গীয় ড॰ ৰুমী বেগমৰ স্মৃতিত উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষাত জীৱবিদ্যাত সৰ্বাধিক প্ৰাপ্তাংকৰ অধিকাৰীক নগদ ১০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়।৩
- একাডেমি জিনিয়াছ স্ক'লাৰশ্বিপ: উচ্চ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিদ্যা আৰু গণিত (PCM) বিষয়ত সৰ্বাধিক গড় শতকৰা হাৰ লাভ কৰা শিক্ষাৰ্থীজনক নগদ ১০০০ টকাৰ একঁকালীন বৃত্তি প্ৰদান কৰা হয়।৩
- অজয় চাহু স্ক'লাৰশ্বিপ: ছল্ট ব্ৰুক একাডেমীয়ে প্ৰয়াত অধ্যক্ষ অজয় চাহুৰ স্মৃতিত এই বৃত্তি প্ৰদান কৰে। অজয় চাহু-এ ৰসায়নবিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে ১৯৯৭ চনৰ পৰা সেৱা আগবঢ়াইছিল। তেওঁ একাডেমীৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈ আছিল আৰু মৃত্যু পৰ্য্যন্ত তেওঁ দায়িত্ব পালন কৰিছিল। ৪পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক এই বৃত্তি প্ৰদান কৰা হয়। বৃত্তিটোত এককালীন নগদ ধন আৰু প্ৰমাণপত্ৰ অন্তৰ্ভুক্ত হৈ আছে।৫
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছল্ট ব্ৰুক একাডেমী” প্ৰবন্ধৰ সংশোধন ৩৮০৯০৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।