পুৰণি "ঢকুৱাখনা হাইস্কুল"খনেই হৈছে বৰ্তমানৰ ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় (English: Dhakuakhana Model Higher Secondary School)। ১৯৩৬ চনত স্থাপিত বিদ্যালয়খনে ২০১০ চনত ইতিমধ্যে মহাৰজত জয়ন্তী বৰ্ষ পাৰ কৰিছে। ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা চাৰিআলিৰ পৰা পশ্চিমে ১.৫ কিঃমিহ দূৰত্বত ঢকুৱাখনা-ঘূণাসুঁতি পথৰ দাঁতিত অৱস্থিত বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষা ৰুণু দত্ত দাস(ভাৰপ্ৰাপ্ত)।
ইতিহাস=
ব্ৰিটিছ শাসনকালত অবিভক্ত লখিমপুৰ জিলাৰ ( বৰ্তমান লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি) সদৰ ঠাই হিচাপে ঢকুৱাখনা নিৰ্বাচিত হৈছিল আৰু দুই চাৰিটা চৰকাৰী অনুষ্ঠানৰ লগতে ১৮৫১-৫২ চনত তেওঁলোকে স্থাপন প্ৰাথমিক পৰ্যায়ৰ ঢকুৱাখনা স্কুল প্ৰতিষ্ঠা কৰিছিল। ১৯৩৬ চনত বুৰঞ্জীবিদ সৰ্বেশ্বৰ বৰুৱা, সমাজকৰ্মী চন্দ্ৰশেখৰ দাসৰ চেষ্টাৰ বলত সেই সময়ৰ অসমৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ মিষ্টাৰ স্মল চাহাব আৰু ইন্সপেক্টৰ শৰৎ চন্দ্ৰ গোস্বামীৰ অনুমতি সাপেক্ষে হাইস্কুলৰ ৭ম আৰু ৮ম শ্ৰেণী খোলা হয়। বৰ্তমান স্থানত থকা বিদ্যালয়খন ১৯৩৮ চনত পতা হৈছিল। হাইস্কুল স্থাপন হোৱাৰ পাছত প্ৰধান শিক্ষক হিচাপে নিয়োজিত হৈছিল গুৱাহাটীৰ উমাকান্ত শৰ্মা।
বিদ্যালয়ে লাভ কৰা স্বীকৃতি
বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সতীশ চন্দ্ৰ গগৈৰ কাৰ্যকালত বিজ্ঞান শাখাৰ আৰম্ভণিৰে ১৯৭৬ চনৰ ১ জুলাইত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত হয়। ১৯৯৫ চনত কলা শাখাটিও অন্তৰ্ভুক্ত হৈ ১৯৯৭ চনত অসম চৰকাৰৰ তৰফৰ পৰা স্বাধীনতা স্বৰ্ণ জয়ন্তী বিদ্যালয় আৰু ২০০৭ চনত আদৰ্শ বিদ্যালয় হিচাপে স্বীকৃত হয়। ২০১১ চনত লখিমপুৰ জিলাৰ উপায়ুক্তই "শ্ৰেষ্ঠ স্কুল বঁটা" প্ৰদান কৰে।
সুবিধা
কম্পিউটাৰ লেব, ইক' ক্লাৱ, স্কাউট এণ্ড গাইড, বিজ্ঞান পৰীক্ষাগাৰ ইত্যাদি।
বিদ্যালয় মুখপত্ৰ
বিদ্যালয় মুখপত্ৰ "বিকাশ" ইতিমধ্যে ২০১২ চনত ৰূপালী জয়ন্তী সংখ্যাৰূপে প্ৰকাশ পাইছিল। ২০০৭-২০০৮ চনত "বিকাশে" লখিমপুৰ জিলাৰ ভিতৰত "শ্ৰেষ্ঠ আলোচনী" বঁটা লাভ কৰে। ইয়াৰোপৰি অসম চৰকাৰৰ আঁচনি অনুসৰি বিদ্যালয়ৰ পৰা হাতেলিখা আলোচনী "জ্ঞান সাগৰ" নিয়মিতৰূপে প্ৰকাশ পায়। তদুপৰি শ্ৰেণীভিত্তিক হাতেলিখা আলোচনীৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে।
কৃতী শিক্ষক
বিদ্যালয়ৰ প্ৰথম অধ্যক্ষ সতীশ চন্দ্ৰ গগৈদেৱে ৰাজ্যিক কৃতী শিক্ষক বঁটা, জিলা আৰু ৰাজ্যিক কৃতী শিক্ষক তথা অধ্যক্ষ চেনিৰাম বৰুৱা ২০০৫ চনত "বি কে সৰস্বত শিক্ষাৰত্ন বঁটা", জিলা কৃতী শিক্ষক কুমুদ চন্দ্ৰ শৰ্মাই ভাৰত স্কাউট এণ্ড গাইডৰ পৰা "ৰাষ্ট্ৰীয় চিলভাৰ ষ্টাৰ বঁটা", আৰু অসম শাখাৰ পৰা "মেডেল অৱ মেৰিট বঁটা", জিলা কৃতী শিক্ষক চন্দ্ৰধৰ চমুৱাই অসমীয়া নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ আন জিলা কৃতী শিক্ষকসকল হৈছে- উপেন্দ্ৰ নাথ অয়েংগীয়া, লিখন চন্দ্ৰ বুঢ়াগোহাঞি, পদ্মা বৰা, হিৰণ্য বৰা, নীলমণি বৰুৱা, জিনু কোঁৱৰ, প্ৰবোধ বৰগোহাঞি।
মহাৰজত জয়ন্তী উদযাপন
২০১০ চনত বিদ্যালয়খনে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ ফলশ্ৰুতিত ২০১২ চনৰ ২২, ২৩ আৰু ২৪ ডিচেম্বৰত মহা আড়ম্বৰেৰে বিদ্যালয়খনে মহাৰজত জয়ন্তী উদযাপন কৰে। মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশিত মুখপত্ৰৰ নাম "হীৰক সৌৰভ"।
বিদ্যালয় প্ৰধান
(একাদিক্ৰমে)
স্বৰ্গীয় উমাকান্ত শৰ্মা
স্বৰ্গীয় দ্ৰোণকান্ত ফুকন
স্বৰ্গীয় সতীশ চন্দ্ৰ গগৈ
ঘনকান্ত বৰুৱা
উপেন্দ্ৰ নাথ অয়েংগীয়া
কৰুণাকান্ত কলিতা
চেনিৰাম বৰুৱা
লিখন চন্দ্ৰ বুঢ়াগোহাঞি
পদ্মা বড়া
প্ৰেম গগৈ
ৰুণু দত্ত দাস
তথ্যসূত্ৰ
"হীৰক সৌৰভ"
মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ
ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়
সম্পাদক- পৰম শংকৰ দত্ত
প্ৰকাশ কাল- ২০১২ চন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৫৬২২২ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।