বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় (Barbari Nehru Higher Secondary school অসমৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এখন বিদ্যালয়। বিদ্যালয়খন বৰবৰী বজাৰৰ সমীপত বৰমা-পাখামাৰা পথৰ পুৱ দিশত অৱস্থিত। ১৯৭১ চনত বাক্সা জিলাৰ (তেতিয়াৰ কামৰূপ) গ্ৰাম্য শিশুসকলৰ বাবে অসমীয়া আৰু বড়ো দুই মাধ্যমত মাধ্যমিক শিক্ষা প্ৰদানৰ উদ্দেশ্য এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
ইতিহাস
বাক্সা জিলাৰ উত্তৰ দিশত থকা বৰবৰী অঞ্চলত মাধ্যমিক শিক্ষাৰ বাবে এখন শিক্ষানুষ্ঠান অতি প্ৰয়োজন আছিল। সেয়েহে ১৯৭০ চনৰ পৰা বৰবৰী অঞ্চলৰ কেইগৰাকীমান ব্যক্তিয়ে এই কথা উপলব্ধি কৰি বিভিন্ন প্ৰকাৰে চেষ্টা চলাই ১৯৭১ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বববৰীত “বৰবৰী নেহৰু হাইস্কুল“ নামেৰে এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। ৰোহিনী কুমাৰ শৰ্মা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল। সভাপতি সুৰেন্দ্ৰ নাথ দাস। ১৯৮৫ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়খন অসম চৰকাৰে প্ৰাদেশিকীকৰণ কৰে। সেইসময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীনেশ শৰ্মা আছিল। আকৌ ২০২১ চনৰ ৭ অক্টোবৰ তাৰিখে অসম চৰকাৰে বৰবৰী নেহেৰু হাইস্কুলখন বৰবৰী নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হয়১।
অৱস্থান
অসমৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰবৰী বজাৰৰ সমীপত বৰমা-পাখামাৰা মূল পথৰ পুৱ দিশত অৱস্থিত। এই অঞ্চলটো ভাৰত-ভূটান সীমান্তৰ কাষত অৱস্থিত।
শিক্ষা
বিদ্যালয়খনত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ (১০+২) ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আৰু একাদশ, দ্বাদশ শ্ৰেণীৰ কলা শাখাত শিক্ষা প্ৰদান কৰা হয়।
ব্যৱস্থাপনা
অধ্যক্ষ, শিক্ষক আৰু পৰিচালনা সমিতি বিদ্যালয়খন পৰিচালনা কৰে। বিদ্যালয়খনৰ কিছুমান প্ৰশাসনিক আৰু উন্নয়নমূলক কাম-কাজ তদাৰক কৰা এখন তদাৰক সমিতিও আছে।
তথ্যসূত্ৰ
- ↑ Souvenir, Golden Jubilee Celebration,Chief Editor, Jebra Ram Uzir,Chapter:16,17,18,2022
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৬৩০৩১ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।