অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ

শংকৰ আজান শিক্ষা নিকেতন, কমলপুৰ (English: Sankar Ajan Shiksha Niketan, Kamalpur) হৈছে কমলপুৰ অঞ্চলৰ এখন লেখত ল'বলগীয়া বিদ্যালয়। ২০০১ চনৰ ১ জানুৱাৰী তাৰিখে বৃহত্তৰ কমলপুৰ অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৪১৭ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শংকৰ আজান শিক্ষা নিকেতন, কমলপুৰ (ইংৰাজী ভাষা: Sankar Ajan Shiksha Niketan, Kamalpur) হৈছে কমলপুৰ অঞ্চলৰ এখন লেখত ল'বলগীয়া বিদ্যালয়। ২০০১ চনৰ ১ জানুৱাৰী তাৰিখে বৃহত্তৰ কমলপুৰ অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়।

ভৌগোলিক অৱস্থান

এই বিদ্যালয়খন অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত কমলপুৰ অঞ্চলত অৱস্থিত। বৰ্তমান প্ৰায় ৫৬৫ জন ছাত্ৰ -ছাত্ৰী, ২৬ গৰাকী শিক্ষক -শিক্ষয়িত্ৰী আৰু ১জন তৃতীয় বৰ্গৰ আৰু ৪জন চৰ্তুথ বৰ্গৰ কৰ্মচাৰী আছে। ইয়াত অসমীয়া মাধ্যমত শিক্ষাদান কৰা হয়। অংকুৰ, প্ৰাক-প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে সৰ্বমুঠ ১২টা শ্ৰেণী আছে। বিদ্যালয় খন অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত নিৰ্মিত।১ বিদ্যালয়ৰ পৰীক্ষাসমূহ অষ্টম শ্ৰেণীলৈকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় পৰীক্ষা পৰিষদৰ অধীনত আৰু নৱম-দশম শ্ৰেণী অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত কৰা হয়।

শংকৰ আজান শিক্ষা নিকেতন, কমলপুৰ
শংকৰ আজান শিক্ষা নিকেতন, কমলপুৰছবি: প্ৰিয়ম প্ৰীতম · CC BY-SA 4.0

প্ৰাথমিক তথ্যসমূহ

বিভাগতথ্য
অঞ্চল / বিধানসভা সমষ্টি / উন্নয়ন খণ্ডকমলপুৰ
জিলাকামৰূপ
পিন কোড৭৮১৩৮০
বিদ্যালয় প্ৰকাৰসহপাঠ্যক্ৰম
বিদ্যালয় বিভাগব্যক্তিগত
মাধ্যমঅসমীয়া
পুথিভৰাঁল ত কিতাপৰ সংখ্যা১০০০
কম্পিউটাৰ৫টা
শ্ৰেণীকোঠা২০ টা
শিক্ষক৩০ গৰাকী
ছাত্ৰ-ছাত্ৰী৭০০ গৰাকী
খেলপথাৰআছে

ইতিহাস

শিক্ষাৰ প্ৰসাৰতাৰ উদ্দেশ্য আগত ৰাখি একবিংশ শতিকাৰ প্ৰথমটো বছৰতে কমলপুৰ, বৰদৈপখিয়া, লেজা, বৰুৱাজানী, বাইহাটা, বৰমাৰৈ, আল্টা, দিনকৰ, সৰিকট, কোকেৰীয়া আদি অঞ্চলৰ অৰ্ধ শতাধিক ৰাইজৰ স্বাক্ষৰেৰে গৃহীত কৰা হয় বৃহত্তৰ কমলপুৰ এলেকাক সামৰি কমলপুৰত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত এখন বিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱ। সেইমৰ্মে ২০০১ চনৰ ১ জানুৱাৰীত এই বিদ্যালয়খনৰ শুভাৰম্ভ কৰা হয়।২ বিদ্যালয়খন প্ৰথমতে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আছিল যদিও কেইবছৰমান পাছত বিদ্যালয়খন বৰ্তমানৰ ৰেলপথৰ সমীপৰ মুকলি অঞ্চলটিলৈ স্থানান্তৰ কৰা হয়। প্ৰথম বৰ্ষত প্ৰায় ডেৰকুৰি ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা বিদ্যালয়খনত বছৰ বাগৰি যোৱাৰ লগে লগে শ্ৰেণী সমূহো বঢ়াই যোৱা হয় আৰু ২০১২ চনত প্ৰথমবাৰৰ বাবে এই বিদ্যালয়ৰ পৰা ১২ গৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ১০০% উত্তীৰ্ণৰে তেওঁলোকে বিদ্যালয়খনলৈ পৰিপূৰ্ণতা তথা গৌৰৱ কঢ়িয়াই আনে।২

বৰ্তমান

বিদ্যালয়খনত অংকুৰ,প্ৰাক্ - প্ৰাথমিক প্ৰথম বৰ্ষৰ পৰা দশম শ্ৰেণীলৈকে মুঠ ১২টা শ্ৰেণী আছে। বিদ্যালয়খনে এটা বিস্তৃত অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আছে। যিহেতু নামভৰ্তি মাচুল আৰু মাহেকীয়া মাচুল নূন্যতম সেয়ে বহু দূৰ দূৰণিৰ শিক্ষাৰ্থীসকল ইয়ালৈ আহে। ইয়াত সকলোধৰণৰ আনুষংগিক শিক্ষা যেনে চিত্ৰাংকন,সংগীত,কম্পিউটাৰ, ব্যৱহাৰিক বিজ্ঞান, ইংৰাজী কথন আদি শিক্ষা প্ৰদান কৰাৰ লগতে বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰয়াস হিচাপে প্ৰতিবছৰে নিয়মীয়াকৈ বিজ্ঞানৰ লগত জড়িত একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি এখন বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। সমগ্ৰ অঞ্চলটোৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ নিয়মীয়া বিজ্ঞান প্ৰদৰ্শনীখনে প্ৰতিবাৰেই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজৰো বিপুল সঁহাৰি লাভ কৰা দেখা যায়। ২০১৬ বৰ্ষৰ এই বিদ্যালয়ৰ পৰাই এটা শিশু বিজ্ঞানীৰ দল ৰাষ্ট্ৰীয় শিশু বিজ্ঞান মহোৎসৱলৈ নিৰ্বাচিত হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখনীয় যে প্ৰতিবছৰেই বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভাত ছাত্ৰ-ছাত্ৰীসকলৰ ভিন্নৰঙী পৰিৱেশনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতি আৰু সাৰুৱা ভাষণে সোণত সুৱগা চৰায়। তদুপৰি সময়ে সময়ে একোগৰাকীকৈ বিশিষ্ট তথা বিখ্যাত ব্যক্তিৰ লগত ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগত পৰ্যায়ত মত বিনিময় কৰাৰ বাবে 'অন্তৰংগ আলাপ' নামে এটা কথোপকথন অনুষ্ঠানৰো আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বোধশক্তি আৰু সুপ্ত প্ৰতিভা বিকাশৰ ব্যৱস্থা কৰা হয়।

তাৰোপৰি শিক্ষাৰ্থীসকলক উন্নত গুণগত মানসম্পন্ন শিক্ষা প্ৰদানৰ বাবে শিক্ষকসকলক নিয়মীয়াকৈ উপযুক্ত অৰ্হতাপ্ৰাপ্ত ব্যক্তিৰ ওচৰত নিয়মীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়।

প্ৰতিষ্ঠাৰ সময়ৰ পৰা বৰ্তমানলৈ বিদ্যালয়ৰ অধ্যক্ষ/ অধ্যক্ষা সকল

+অধ্যক্ষ/ অধ্যক্ষাকাৰ্যকাল
১ ) শ্ৰীযুতা বিনীতা সৰকাৰ২০০১-২০০৬
২) শ্ৰীযুতা বিভা ভট্ট২০০৬-২০০৯
৩) শ্ৰীযুত কমল ডেকা২০০৯-বৰ্তমানলৈ

তথ্যসূত্ৰ

  1. ↑ assamjatiyabidyalay.com/District_wise_school_Lis link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} ৰ পৃষ্ঠা নং ৫
  2. ↑ bhalkhabar.com/download/26.pdf{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} ৰ সংগৃহীত তথ্যমতে

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৮০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।