ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন লখিমপুৰ জিলা জিলাৰ ঘিলামৰাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮২ চনত স্থাপিত এই বিদ্যালয়খনৰ ভৱনটো ৭৬৫০ বৰ্গ মি: কালিৰ অসম আৰ্হিৰ ঘৰেৰে নিৰ্মিত হৈছে। প্ৰথমতে এইখন মাধ্যমিক বিদ্যালয় হিচাপে আছিল আৰু ১৯৭৯ চনত স্থাপিত হৈছিল। ১৯/১১/৯১ তাৰিখে EPG 567/01/115 যোগে প্ৰতিষ্ঠানখন অসম চৰকাৰৰ অধীনলৈ গৈছিল। ক্ৰমাগত তিনিটা বছৰ মেট্ৰিকত ১০০% উত্তীৰ্ণ হাৰ হোৱা হেতুকে অসম চৰকাৰে ৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছিল।
মাটিকালি
- সৰ্বমূঠ ১৮ বিঘা
- বিদ্যালয় ভৱন ১১ বিঘা
- খেল পথাৰ ৭ বিঘা
অৱস্থান
বিদ্যালয়খন লখিমপুৰ জিলা জিলাৰ ঘিলামৰাৰ মিলন নগৰ গাঁৱত অৱস্থিত।
কৰ্মচাৰী
উচ্চ মাধ্যমিক শ্ৰেণীৰ শিক্ষক ২৬ গৰাকী, উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শিক্ষক ৯ গৰাকী, ৪ গৰাকী কাৰ্যালয় সহকাৰী আৰু ৭৫০ কৈ ও বেছি ছাত্ৰ-ছাত্ৰী।
সা-সুবিধা
কম্পিউটাৰ লেব, পুথিভঁৰাল আৰু হোষ্টেল,
ডি এন এ' সংঘ
ডি এন এ' সংঘ(DNA Club) ৰ শাখা উপলব্ধ য'ত ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ইক' কেম্পবোৰলৈ লৈ যোৱা হয়।
কম্পিউটাৰ লেবেৰটৰী
১০টা কম্পিটাৰেৰে লেবটো সম্পূৰ্ণ য'ত IBM ১০টা পিচি আছে।
পুথিভঁৰাল
বিদ্যালয়ৰ পুথিভঁৰালটো প্ৰয়াত ৰণ্টু কোঁচ আৰু পলাশ চেতিয়াৰ নামত স্থাপিত। ( এই ছাত্ৰ দুজন ২০০৫ চনৰ খেল-ধেমলীৰ সময়ত এক বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাঁৱতি লৈছিল) এই লাইব্ৰেৰীটোত প্ৰায় ১৬৫১খন গ্ৰন্থ আছে।
ছাত্ৰ নিৱাস
ছাত্ৰ নিৱাসটো বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে।
বাহ্যিক সংযোগ
- বিদ্যালয়ৰ অফিছিয়েল ব্লগ।
- অনলাইন এলুমিনি ডায়েৰী, ইয়াত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ ৰ বিষয়ে বিশদ বিৱৰণ আছে।
- বিদ্যালয়খনৰ মেপত অৱস্থান ১
- বিদ্যালয়খনৰ মেপত অৱস্থান ২
- জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাকৃতিক সম্পদ সজাগতা ক্লাৱ
- জৈৱপ্ৰযুক্তিবিদ্যা বিভাগ ফ’টো গেলাৰী
তথ্যসূত্ৰ
- gthss.org বিদ্যালয়ৰ অফিছিয়েল ৱেবচাইট
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৩৭০২১ (১২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।