অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়

তেজপুৰ একাডেমী হৈছে তেজপুৰ চহৰৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয় খনৰ বৰ্তমান অৱস্থিতি কনকলতা অসামৰিক চিকিৎসা লয়ৰ পৰা হাতীপিল খানা সংযোগী পথৰ দাঁতি, ঈদগাঢ় খেল পথাৰৰ সমুখত।

হালনাগাদ: ২৭ আগষ্ট ২০২২ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

তেজপুৰ একাডেমী হৈছে তেজপুৰ চহৰৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয় খনৰ বৰ্তমান অৱস্থিতি কনকলতা অসামৰিক চিকিৎসা লয়ৰ পৰা হাতীপিল খানা সংযোগী পথৰ দাঁতি, ঈদগাঢ় খেল পথাৰৰ সমুখত। অসম ব্ৰিটিছ চৰকাৰৰ শিক্ষা সঞ্চালক কানিং হামৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি, চৰকাৰী বিদ্যালয়ত নপঢ়াৰ সিদ্ধান্ত লৈ তেজপুৰৰ ৰাইজে ১৯৩০ চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰে। ১বৰ্তমান ই অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত।

পাঠ্যক্ৰম

বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। পাঠ্যক্ৰমৰ মাধ্যম অসমীয়া। পাঠ্যপুথিৰ শিক্ষাৰ লগতে বাৰ্ষিক খেল-ধেমালি আৰু অন্যান্য প্ৰতিযোগিতা আদিয়ো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিদ্যালয়ৰ শৈক্ষিক বৰ্ষ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ হোৱাৰ বিপৰীতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শৈক্ষিক বৰ্ষ এপ্ৰিল মাহত আৰম্ভ হৈ মাৰ্চ মাহলৈকে চলে। বিদ্যালয়ৰ পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত।

পৰিকাঠামো

তেজপুৰ একাডেমীৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ।
তেজপুৰ একাডেমীৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ।ছবি: Nayan j Nath · CC BY-SA 4.0

বিদ্যালয়খন চৰকাৰী ভৱনত প্ৰতিষ্ঠিত। ইয়াত নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে ৯টা কোঠা আছে। সকলো বোৰ কোঠাৰ অৱস্থা ভাল। ইয়াত অনা-শিক্ষামূলক কাৰ্যকলাপৰ বাবে আন দুটা কোঠা আছে। বিদ্যালয় প্ৰধানৰ বাবে এক পৃথক কোঠা আছে। বিদ্যালয়ৰ চাৰিওফালে পকা সীমাৰ বেৰ আছে। বিদ্যালয়ত বৈদ্যুতিক সংযোগ আছে। খোৱা পানীৰ উৎস হিচাপে টেপৰ পানীৰ সু-ব্যৱস্থা আছে আৰু ই কাৰ্যক্ষম। বিদ্যালয়ত ল'ৰাৰ বাবে এটা শৌচাগাৰ আছে আৰু ই কাৰ্যক্ষম। বিদ্যালয়ৰ নিজাকৈ কোনো খেলপথাৰ নাই, ওচৰৰ চৰকাৰী খেলপথাৰত বিদ্যালয় সপ্তাহৰ খেল-ধেমালি অনুষ্ঠিত কৰা হয়। বিদ্যালয়ত বিভিন্ন অনুষ্ঠান আদিৰ আয়োজনৰ সুবিধাৰ্থে ৰাজেন্দ্ৰ কুমাৰ বৰুৱা সোঁৱৰণী প্ৰেক্ষাগৃহ এটি নিৰ্মাণ কৰা হৈছে। বিদ্যালয়ত এটা লাইব্ৰেৰী আছে আৰু ইয়াৰ প্ৰায় ৯৫০খন কিতাপ আছে। দিব্যাঙ্গ শিশুৰ বাবে বিদ্যালয়ত বিশেষ সুবিধা নাই। বিদ্যালয়ত শিক্ষাদান আৰু অন্যান্য উদ্দেশ্যৰ বাবে দহটা কম্পিউটাৰ আছে আৰু এই সকলোবোৰ কাৰ্যক্ষম। বিদ্যালয়ত কম্পিউটাৰ শিক্ষণৰ বাবে সুকীয়া পৰীক্ষাগাৰ নাই। বিদ্যালয়খনত মধ্যাহ্ন ভোজন ৰান্ধিবলৈ সু ব্যৱস্থা আছে। ২

তথ্যসূত্ৰ

  1. ↑ শান্তনু বৰুৱা. (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. শশী মোহন ভট্টাচাৰ্য, ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, কলিবাৰী, তেজপুৰ. পৃ. ২৬
  2. ↑ Tezpur Academy

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৩১৭১৪ (২৭ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।