শঙ্কৰদেৱ শিশু নিকেতন আৰু শঙ্কৰদেৱ বিদ্যা নিকেতন হৈছে বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সঞ্চালিত এক শ্ৰেণীৰ বিদ্যালয়।১ গুৱাহাটীৰ অম্বিকাগিৰি নগৰত প্ৰতিষ্ঠা কৰা শঙ্কৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ হৈছে এই প্ৰকাৰৰ প্ৰথম বিদ্যালয়।১
আৰম্ভণি
১৯৫২ চনত, স্বৰ্গীয় নানাজী দেশমুখ আৰু আৰ.এছ.এছ.ৰ এটা গোটে শিশুসকলক হিন্দুত্বৰ (ৰাষ্ট্ৰীয় হিন্দু জীৱন দৰ্শন) শিক্ষাৰে শিক্ষিত কৰাৰ পৰিকল্পনা কৰে আৰু গোৰক্ষপুৰত কৃষ্ণ চন্দ্ৰ গান্ধীৰ প্ৰচেষ্টাত সৰস্বতী শিশু মন্দিৰ নামৰ এখন বিদ্যালয় স্থাপন কৰা হয়।২ ইয়াৰ পূৰ্বতে ১৯৪৬ চনত এম. এছ. গোলৱালকাৰে কুৰুক্ষেত্ৰত গীতা স্কুল নামৰ এখন বিদ্যালয় স্থাপন কৰিছিল। পিছত এই উদ্দেশ্যে ১৯৭৭ চনত বিদ্যা ভাৰতীৰ প্ৰতিষ্ঠা কৰা হয়; বৰ্তমান ইয়াৰ পঞ্জীকৃত প্ৰধান কাৰ্যালয় আছে লক্ষ্ণৌৰ সৰস্বতী কুঞ্জ, নিৰলা নগৰত আৰু কাৰ্যকৰী মুখ্য কাৰ্যালয় আছে দিল্লীত।১ শিশু শিক্ষা সমিতি, অসমৰ বিষয়ববীয়াসকলে অসমত প্ৰতিস্থিত বিদ্যা ভাৰতী বিদ্যালয়সমূহ মহাপুৰুষ শঙ্কৰদেৱৰ অমূল্য অৱদানৰ শ্ৰদ্ধাঞ্জলিস্বৰূপে তেখেতৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।১
বৰ্তমান
বৰ্তমান সমগ্ৰ অসমত ৪৭০খন শিশু শিক্ষা সমিতিৰ অন্তৰ্গত বিদ্যালয় আছে।১ এই ৰাজ্যিক সমিতি খনে দিল্লীত প্ৰধান কাৰ্যালয় থকা বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিক্ষা পদ্ধতিত শিক্ষা দান কৰে।৩ এই বিদ্যালয়সমূহে NCERTৰ পাঠ্যপুথি অনুসৰণ কৰে আৰু মাধ্যমিক পৰ্যায়ত SEBA পাঠ্যক্ৰম আৰু উচ্চ-মাধ্যমিক পৰ্যায়ত AHSEC পাঠ্যক্ৰম অনুসৰি পাঠদান কৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰদেৱ শিশু/বিদ্যা নিকেতন” প্ৰবন্ধৰ সংশোধন ৩৮২৮৯৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।