অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ

মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ ( Motiram Bora H.S. Balika Vidyapith) নগাঁও চহৰৰ মাজ-মজিয়াত প্ৰতিষ্ঠিত এটি শিক্ষানুষ্ঠান। ১৯৫৭ চনত স্থাপন কৰা এই বিদ্যালখনে ইতিমধ্যেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৭৩৭ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ ( Motiram Bora H.S. Balika Vidyapith) নগাঁও চহৰৰ মাজ-মজিয়াত প্ৰতিষ্ঠিত এটি শিক্ষানুষ্ঠান। ১৯৫৭ চনত স্থাপন কৰা এই বিদ্যালখনে ইতিমধ্যেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। উচ্চতৰ শাখাত কলা বিভাগৰ দুটা শ্ৰেণী আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটাকৈ শাখাৰে বৰ্তমান প্ৰায় ৮৫০ গৰাকী ছাত্ৰী এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি আছে। ১৯৭৮ চনত প্ৰাদেশিকীকৰণ হোৱা আৰু ১৯৮৫ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল জোনাৰাম বৰা।

ইতিহাস

মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ মূল ভৱন৷
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ মূল ভৱন৷ছবি: Pranamikaadhikary · CC BY-SA 4.0

পোনতে ফৌজদাৰীপট্টি এলেকাতগুণাভিৰাম বৰুৱাৰ নামকৰণত এখন এম.ই. স্কুল স্থাপিত হৈছিল। পিছত এই স্থানতে এখন হাইস্কুল স্থাপন হ’ব লাগে বুলি সচেতন ৰাইজে মতপোষণ কৰাত বিদ্যালয়খনিৰ বাবে গঠন কৰা কাৰ্যনিৰ্বাহক সমিতিয়ে ২৮-০৩-১৯৫৭ তাৰিখৰ সভাত বিদ্যালয়খনিৰ নাম গুণাভিৰাম বৰুৱাৰ নামত হ’ব লাগে বুলি স্থিৰ কৰিছিল। এই বিদ্যালয়খনিৰ প্ৰথম প্ৰধান শিক্ষক আছিল জোনাৰাম বৰা। ১৯৬২ চনৰ ৫ আগষ্টত জোনাৰাম বৰাৰ মৃত্যু হোৱাত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে দায়িত্ব দিয়া হয় শশীপ্ৰভা বৰাক। ১৯৬৩ চনৰ পৰা সপ্তম আৰু অষ্টম শ্ৰেণী খোলা হয়। সেই বছৰৰে অক্টোবৰ মাহত নগাঁৱত নানা জনহিতকৰ কাম কৰা প্ৰাক্তন মন্ত্ৰী মতিৰাম বৰাৰ মৃত্যু হয়। ১৯৬৫ চনৰ ২৮ ফেব্ৰুৱাৰীত বিজয়া দাসক প্ৰধান শিক্ষয়িত্ৰী নিয়োগ কৰা হয় আৰু গৃহৰ অভাৱত “মহেন্দ্ৰ বৰা প্ৰাথমিক বিদ্যালয়’’ত শ্ৰেণীসমূহৰ পাঠদান কৰিবলৈ লয়। ১৯৬৫ চনৰ মাৰ্চ মাহত বিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সভাই বিদ্যালয়খন উচ্চ মাধ্যমিকলৈ উন্নীত কৰাৰ যাৱতীয় কাম আৰম্ভ কৰে আৰু ৰজনীকান্ত বৰাক প্ৰধান শিক্ষক নিযুক্ত কৰে। ৰজনীকান্ত বৰাৰ আকস্মিক মৃত্যু হোৱাত ১৯৬৬ চনৰ ৯ মাৰ্চত নুৰমহল বেগমক প্ৰধান শিক্ষকৰ দায়িত্বভাৰ দিয়া হয়। ১৯৬৬ চনৰ ২৪ অক্টোবৰত সভাৰ সিদ্ধান্তমৰ্মে গুণাভিৰাম এম.ই. স্কুলক মতিৰাম বৰা উচ্চ মাধ্যমিক বালিকা বিদ্যাপীঠ নামকৰণেৰে একেলগ কৰা হয়। ১৯৭৩ চনৰ ১ জানুৱাৰীত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে। ১৯৮৫ চনৰ ১৪ নৱেম্বৰত বিদ্যালয়খনি উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাত ই বৰ্তমানৰ “মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ’’ নামেৰে পৰিচিত হৈ আছে।১

নামকৰণ

মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ প্ৰাংগণত স্থাপন কৰা মতিৰাম বৰাৰ আৱক্ষ মূৰ্তি৷
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ প্ৰাংগণত স্থাপন কৰা মতিৰাম বৰাৰ আৱক্ষ মূৰ্তি৷ছবি: Pranamikaadhikary · CC BY-SA 4.0

তেতিয়াৰ অসম বিধান সভাৰ বিৰোধী দলপতি লক্ষ্মীপ্ৰসাদ গোস্বামী ফৌজদাৰীপট্টিৰ বাসিন্দা হোৱা হেতুকে ঠাইখনৰ উন্নতিৰ বাবে এই এলেকাটোত এখনি ছোৱালী হাইস্কুল হ’ব লাগে বুলি দৃঢ় মত পোষণ কৰি সেই সময়ৰ মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাক অৱগত কৰিছিল আৰু তেওঁৰ সন্মতিত স্কুল স্থাপনৰ বাবে আগবঢ়া হৈছিল। মতিৰাম বৰাই যিহেতু অঞ্চলটোত বহু জনহিতকৰ কাম কৰি থৈ গৈছে, গতিকে তেওঁৰ স্মৃতিতে বিদ্যালয়খনি হ’ব লাগে বুলি সকলোৱে সহমত প্ৰকাশ কৰে।২

বিদ্যালয় সংগীত

বিদ্যালয়ৰ সোণালী জয়ন্তীত মিত্ৰদেৱ মহন্তৰ জীয়াৰী ৰেণু মহন্তই বিদ্যালয়ৰ বাবে এটি সংগীত ৰচনা কৰে। ৰেণু মহন্ত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। গীতটিত সুৰাৰোপ কৰে বিদ্যালয়ৰে শিক্ষক যতীন্দ্ৰনাথ মহন্তই।

কৰ্মযোদ্ধা মতিৰাম বৰা এটি যুগজয়ী নাম। সেই নামেৰে উজ্জ্বলিছে আজি আমাৰ বিদ্যাধাম।

নাৰী শিক্ষা প্ৰসাৰতাৰে বোৱাই আনিলা বান, বিদ্যাপিয়াসী আমি মধুকৰ উমানতে পালোঁ জ্ঞান।

নিষ্ঠা আৰু একাগ্ৰতাৰে লভিছোঁ পৰম জ্ঞান আমি পালোঁ সমশিক্ষা তুলনাবিহীন দান।

আমাৰ শিক্ষা গুৰু আৰু শিক্ষাদাতৃ মাতৃ অভিন্ন হিয়াৰে সান্নিধ্য গঢ়িলে মনৰ স্থিতি।

এনে ত্যাগৰ চিৰঋণী কিনো দিম প্ৰতিদান যুগে যুগে নতশিৰে প্ৰণমিছোঁ অবিৰাম।৩

বিদ্যালয়ৰ আলোচনী

সোণালী জয়ন্তী বৰ্ষৰ পৰাই বিদ্যালয়ে বছৰে একোখন আলোচনী উলিয়াই আছিল যদিও অদৃশ্য কাৰণত বৰ্তমান তাৰ প্ৰকাশ বন্ধ হৈ আছে। ২০১২ চনৰ পৰা বিদ্যালয়ৰ বছৰেকীয়া মুখপত্ৰৰ ঠাইত আলোচনীখনৰ নাম “জ্ঞানবোধিকা’’ ৰখা হয়।৪ এইক্ষেত্ৰত আগভাগ লয় সেইবছৰৰ আলোচনীৰ তত্ত্বাবধায়কদ্বয় পূৰ্ণিমা চৌধুৰী আৰু অনুৰাগ মহন্তই। ২০১৫ চনৰ পৰা বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ প্ৰত্যেক শাখাৰ পৰা ভিন্ন ভিন্ন নামেৰে একোখনি তিনিমহীয়া প্ৰাচীৰ প্ৰত্ৰিকাও প্ৰকাশ কৰা হৈছিল। দুবছৰমান ধাৰাবাহিকভাবে প্ৰকাশ পোৱাৰ পাছত বৰ্তমান প্ৰত্ৰিকাসমূহ স্থবিৰ হৈ পৰিছে। সৰ্বশিক্ষা অভিযানে “জ্ঞান সাগৰ’’ নামৰ ৩২ পৃষ্ঠাৰ আলোচনী প্ৰকাশৰ বাবে দিয়া ১৫০০টকীয়া অনুদানেৰে এটা সংখ্যা “জ্ঞানসাগৰ’’ প্ৰকাশ পোৱাৰ পিছত সিয়ো বন্ধ হৈ আছে।৪

আন্তঃগাঁথনি

বহু কষ্টৰ মূৰকত গঢ় লৈ উঠা বিদ্যালয়খনৰ বাবে মুঠ মাটিকালি একবিঘা, তিনি কঠা, সোতৰ লোচা মাটি আবন্তিত হৈছিল যদিও চৌহদৰ পকী বেৰ আৰু চৌপাশৰ নলাৰ বাবে ইয়াৰ পৰিমাণ কমি আহিছে। পাঠদানৰ বাবে তিনিমহলীয়া এটা ঘৰ ব্যৱহাৰ কৰাৰ লগতে প্ৰেক্ষাগৃহটোও ব্যৱহাৰ কৰা হয়। প্ৰেক্ষাগৃহৰ নামত এখন মঞ্চৰে সৈতে সৰু হলঘৰ এটা আছে। ৰাজীৱ গান্ধী কম্পিউটাৰ আঁচনিৰ অধীনত কম্পিউটাৰ শিক্ষাৰ বাবে এটা সৰু কোঠা আছে, য’ত দহটামান কম্পিউটাৰত ছাত্ৰীসকলক শিক্ষা দিয়া হয়। খেল-ধেমালিৰ বাবে খেলপথাৰৰ অভাৱ। আনকি প্ৰাৰ্থনাৰ সময়ত শৃংখলাৱদ্ধভাবে সমবেত হ’বকৈ মুকলি ঠায়ো কম। শিক্ষকৰ জিৰণী কোঠা, ৰন্ধন গৃহ, কাৰ্যালয় গৃহ আৰু এটা সৰু ভঁৰালঘৰ আছে৷ বিধায়ক পুঁজিৰ ধনেৰে বৰ্তমান নতুনকৈ নিৰ্মিত দুকোঠালীয়া ভৱনটোৰ সম্মুখত ২০০৭ চনতেই স্থানীয় সমাজ সচেতন অন্যান্য ব্যক্তিৰ লগতে প্ৰদীপ আগৰৱালা আৰু বিদ্যালয়ৰ শিক্ষক অনুৰাগ মহন্তৰ চেষ্টাত মতিৰাম বৰাৰ মাৰ্বলেৰে এটা আৱক্ষ মূৰ্তি নিৰ্মাণ কৰা হয়। এখেতসকলৰ প্ৰচেষ্টাতে সোণালী জয়ন্তী বৰ্ষৰ আদৰণী কাৰ্যসূচীৰ আগে আগে বিদ্যালয়ৰ বাবে এখন নামাংকিত তোৰণো সজা হয়।১

বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল

প্ৰতিষ্ঠাকালৰে পৰা কাৰ্যনিৰ্বাহ কৰা মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ প্ৰধান শিক্ষক/অধ্যক্ষসকল হ’ল:-১

ক্ৰমিক নংঅধ্যক্ষকাৰ্যকাল
১জোনাৰাম বৰা১/৫/১৯৫৭-৫/৮/১৯৬২
২শশীপ্ৰভা বৰা৬/৮ /১৯৬২-২৭ /২ /১৯৬৫
৩বিজয়া দাস২৮/২/১৯৬৫- ২৪/৭/১৯৬৫
৪ৰজনীকান্ত বৰা২৫/ ৭ /১৯৬৫- ৯ /৩ /১৯৬৬
৫নুৰমহল বেগম১০/৩/১৯৬৬- ১/৮/১৯৬৯
৬বিজয়া দাস২/৮/১৯৬৯-৩০/১১/১৯৭২
৭ৰেণু ভূঞা১/১২/১৯৭২-২৬/১১/১৯৯২
৮বিজয়া দাস১/১/১৯৯৩-৩০/৪/১০০৫
৯ঊষা বৰদলৈ১/৫/১৯৯৫-৩১/১/২০০৬
১০ভীষ্মদুৰ্লভ মহন্ত১/২/২০০৬/-৩১/১/২০১১
১১যোগেন শৰ্মা১/২/২০১১-২৮/২/২০১৩
১২মাধবী ভূঞা১/৩/২০১৩-১/৭/২০১৭
১৩দিপ্তী হাজৰিকা১/৭/২০১৭-

শিক্ষক-শিক্ষয়িত্ৰী

পদ অনুপাতে বিদ্যালয়খনিত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা ৪০ গৰাকী যদিও বৰ্তমান ত্ৰিশতকৈও কম শিক্ষকেৰে পাঠদান কৰিবলগীয়া হৈ আছে। বিদ্যালয়খনিৰ বৰ্তমানৰ অধ্যক্ষ দিপ্তী হাজৰিকা।

পুথিভঁৰাল

মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠত প্ৰায় দুহেজাৰমান মূল্যবান পুথিৰে এটি পুথিভঁৰাল আছে। এটি সৰু কোঠাত পুথিসমূহ মজুত কৰি ৰখা হৈছে। অধ্যয়নৰ বাবে পঢ়ন-কোঠা নাই।১ বৰ্তমান পুথিৰ সংখ্যা বৃদ্ধি হৈছে। পুথিভঁৰালীৰ অভাৱত এগৰাকী শিক্ষয়িত্ৰীয়ে ইয়াৰ দায়িত্ব পালন কৰি ছাত্ৰীসকলক নিয়মীয়াকৈ পুথি ধাৰলৈ দি আছে।

তথ্যসূত্ৰ

  1. ↑ মহন্ত, ভীষ্মদুৰ্লভ. (২০০৭). মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ অতীত আৰু বৰ্তমান. মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ. পৃ. ৬
  2. ↑ দাস, কুমুদ চন্দ্ৰ. (২০০৭). মতিৰাম বৰা উ:মা: বালিকা বিদ্যাপীঠৰ ইতিবৃত্ত. মতিৰাম বৰা উ:মা: বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ. পৃ. ২
  3. ↑ মহন্ত, ৰেণু. (২০০৭). মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ অতীত আৰু বৰ্তমান. মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ
  4. ↑ শৰ্মা, যোগেন. (২০১২). অধ্যক্ষৰ কলম. জ্ঞানবোধিকা

সম্পৰ্কিত শ্ৰেণী

অসমৰ শৈক্ষিক প্ৰতিষ্ঠানঅসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ” প্ৰবন্ধৰ সংশোধন ৫৭২৬৭৯ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।