বাইহাটা চাৰিআলি অসমৰ কামৰূপ জিলাত অৱস্থিত এটা সৰু উন্নয়নশীল অঞ্চল। ঠাইখন গুৱাহাটীৰ জালুকবাৰীৰ পৰা উত্তৰে প্ৰায় ৩০ কিলোমিটাৰ আঁতৰত অৱস্থিত। গুৱাহাটীৰ কাষৰীয়া এই ঠাইখন শৈক্ষিক, বাণিজ্যিক, যাতায়তৰ দিশৰ পৰা এটা গুৰুত্বপূৰ্ণ অঞ্চল।
ভৌগোলিক বিৱৰণ
বাইহাটা চাৰিআলি ঠাইখন ২৬°২০′৩৯″ উত্তৰ অক্ষাংশ আৰু ৯১°৪৩′১১″পূৱ দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৪৬ মিটাৰ।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে উজনি আৰু নামনি অসমৰ জিলাসমূহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ দুটা বাইহাটা চাৰিআলিত মিলিত হৈ গুৱাহাটী পাইছে। বাইহাটা চাৰিআলিৰ পৰা পূৱে মঙলদৈ, তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো পূৰ্বে ৫২ নং আছিল যদিও এতিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ সলনি কৰা হৈছে। বাইহাটা চাৰিআলিক ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে (পূৰ্বৰ নামাকৰণ অনুসৰি ৩৭ নং আছিল) গুৱাহাটীৰ সৈতে সংযোগ কৰিছে। একেটা ঘাইপথে ইয়াক পশ্চিম দিশে ৰঙিয়া, নলবাৰী, বৰপেটা আদি ঠাইসমূহৰ সৈতে সংযোগ কৰিছে (এইখিনি অংশ পূৰ্বে ৩১ নং ঘাইপথত পৰিছিল)। বাইআলি চালিআলিৰ পৰা উত্তৰ দিশে যোৱা পকী পথটো মুক্তাপুৰ, গোৰেশ্বৰ, দেওচুঙা হৈ বাক্সা জিলালৈ গৈছে।
যাতায়ত
দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল হিচাপে স্বাভাৱিকতেই বাইহাটা চাৰিআলিৰ মাজেৰে ওচৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহলৈ নিয়মীয়া বাছ চলাচল হয়। অৱশ্যে বাইহাটা চাৰিআলিত দেখা দিয়া অত্যধিক যান-জঁটৰ বাবে চাৰিলেনযুক্ত গুৱাহাটী-ৰঙিয়া,বৰপেটা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথটো শেহতীয়াকৈ বাইপাছ সাজি বাইহাটা চাৰিআলিৰ মূল চ'কটোৰ পৰা কিছু আঁতৰেৰে নিয়া হৈছে। বাইহাটা চাৰিআলিৰ পৰা চাৰিওদিশৰ বেজেৰা, দেউদুৱাৰ, গোপেশ্বৰ, কমলপুৰ, ৰঙিয়া, কৰৰা, বিহদিয়া, মুক্তাপুৰ আদি তুলনামূলকভাৱে ওচৰৰ ঠাইসমূহলৈ টেম্প', মেজিক আদি সৰু বাহনসমূহ নিয়মীয়াকৈ চলে।
বাইহাটা ষ্টেচনটো বাইহাটা চাৰিআলিৰ পৰা সবাতোকৈ নিকটৱৰ্তী ৰে'ল ষ্টেচন।
শিক্ষানুষ্ঠানসমূহ
বাইহাটা চাৰিআলি এক গুৰুত্বপূৰ্ণ শিক্ষাকেন্দ্ৰ। অঞ্চলটোৰ চৌদিশৰ পৰাই শিক্ষাৰ্থীয়ে বাইহাটা চাৰিআলিত অৱস্থিত শিক্ষানুষ্ঠানসমূহলৈ পঢ়িবলৈ আহে। বাইহাটা চালিআলিৰ অধিকাংশ শিক্ষানুষ্ঠান উত্তৰ দিশৰ গোৰেশ্বৰ সংযোগী পথটোত অৱস্থিত। আগডলা চাৰিআলি হাইস্কুল (পূৰ্বে চিতানাথধিং হাইস্কুল বুলি জনা গৈছিল) বাইহাটা চাৰিআলিত অৱস্থিত সবাতোকৈ পুৰণি হাইস্কুল। মহাবিদ্যালয় পৰ্য্যায়ত পূব কামৰূপ মহাবিদ্যালয় অঞ্চলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান।১ বাইহাটা চাৰিআলিত এখন বি এড মহাবিদ্যালয়ো আছে। যোৱা ২০১৭ বৰ্ষত অসম চৰকাৰে প্ৰতিষ্ঠা কৰা কামৰূপ পলিটেকনিকখনো ইয়াত অৱস্থিত। তদুপৰি শেহতীয়াকৈ বাইহাটা চাৰিআলি অঞ্চলটোত কেবাখনো ব্যক্তিগতখণ্ডৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ মহাবিদ্যালয় স্থাপন হৈছে।
বিদ্যালয়
- আগদলা হাইস্কুল
- ২৪ নং আগডলা আদৰ্শ প্ৰাথমিক বিদ্যালয়
- দিল্লী পাব্লিক স্কুল
- কিডজি স্কুল
মহাবিদ্যালয়
- পূব কামৰূপ মহাবিদ্যালয়
- বি এড কলেজ, বাইহাটা চাৰিআলি
উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ
- গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি
- ৰামানুজন একাডেমী
- জে'নিথ একাডেমী
- প্ৰজ্ঞান একাডেমী
অন্যান্য প্ৰতিষ্ঠান
- কামৰূপ পলিটেকনিক
পৰ্য্যটন ক্ষেত্ৰ
বাইহাটা চালিআলিৰ মূল চ'কটোৰ পৰা তিনি কিল'মিটাৰ আঁতৰত অৱস্থিত মদন কামদেৱ দেৱালয় দেৱালয় প্ৰত্নতাত্ত্বিক সম্পদত চহকী এক প্ৰসিদ্ধ পৰ্য্যটন কেন্দ্ৰ। বাইহাটা চাৰিআলিৰ পৰা দক্ষিণে কেই কিল'মিটাৰমান আঁতৰৰ দেউদুৱাৰত গোপেশ্বৰ দেৱালয় অৱস্থিত। দেৱালয়খন ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছে। তদুপৰি বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী কৰৰাৰ ওচৰত পিংগলেশ্বৰ দেৱালয় অৱস্থিত।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাইহাটা চাৰিআলি” প্ৰবন্ধৰ সংশোধন ২৮৩০২৫ (২১ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।